নিজৰ ব্যৱহাৰৰ দ্বাৰাই আমি আমাৰ ব্যক্তিত্ব বৃদ্ধি অথবা হানি কৰিব পাৰো। ব্যক্তিত্বৰ মাজেদি এগৰাকী ব্যক্তিৰ চৰিত্ৰ ফুটি উঠে। ব্যক্তিত্ব আকৰ্ষণীয় কৰি তুলিবৰ বাবে কিছুমান কথাত গুৰুত্ব দিয়া দৰকাৰ। তলত আকৰ্ষণীয় ব্যক্তিত্ব গঢ়াৰ কেইটামান উপায় দিয়া হ’ল-

অন্যৰ ওচৰত শান্ত আৰু সৌম্য আচৰণ হ’ব লাগে। কথা-বতৰাত অহেতুক উত্তেজনা নবঢ়াই সংযত হোৱা উচিত।

পৰিমিত ৰসবোধে ব্যক্তিত্বক আকৰ্ষণীয় কৰি তোলে।

যিকোনো আলোচনা, কথোপকথন, আড্ডা আদিত অংশগ্ৰহণ কৰিবপৰা সম্যক জ্ঞান থকা উচিত। তাৰ বাবে দৈনন্দিন বাতৰি কাকত পঢ়া, ৰেডিঅ’ শুনা, আধুনিক জগতৰ বিভিন্ন খবৰ আদি থকা আলোচনী, কিতাপ আদি পঢ়া উচিত।

কোমল, শান্ত, সুললিত আৰু পৰিমিত কণ্ঠস্বৰেৰে কোৱা কথাই ব্যক্তিত্ব অধিক আকৰ্ষণীয় কৰি তোলে।

নতুন পৰিচয়, চিনাকি আদিৰ মুহূৰ্তত গোমোঠা হৈ নাথাকি হাঁহিমুখেৰে থাকিব।

গম্ভীৰ আৰু মাৰ্জিত চাল-চলন হোৱা উচিত। ই ব্যক্তিত্বক আকৰ্ষণীয় কৰি তোলে।

স্বাস্থ্য সুন্দৰ আৰু সুস্থ কৰি ৰাখিবলৈ যত্ন কৰা উচিত। ই ব্যক্তিত্ব বঢ়োৱাত সহায় কৰে।

সকলোৰে প্ৰতি যথাযোগ্য সন্মান আৰু আন্তৰিক ব্যৱহাৰ দিব লাগে।

নিজৰ চেহেৰা, পৰিবেশ আৰু বয়সৰ সৈতে মিলা, মাৰ্জিত ৰুচিৰ সাজ-পোছাক আৰু প্ৰসাধন কৰি ব্যক্তিত্ব আকৰ্ষণীয় কৰি তোলক।

আনৰ বিপদ-আপদত সহায় কৰা স্বভাৱে আপোনাৰ ব্যক্তিত্বক মোহনীয় কৰি তোলে।

হাঁহি মুখেৰে কথা পাতিব। কথোপকথনত যাতে উৎসাহ-উদ্দীপনা স্পষ্ট হৈ উঠে তালৈ নজৰ দিব।

মইবৰ ভাব ত্যাগ কৰি সকলোকে সমানে গুৰুত্ব দিবলৈ যত্ন কৰিব লাগে।

কোনোবাই আপোনাক যদি সামান্যতমো সহায় আগবঢ়াইছে আপুনি অন্তৰেৰে কৃতজ্ঞতা প্ৰকাশ কৰক। ই আপোনাৰ সুন্দৰ ব্যক্তিত্বৰ পৰিচয় বহন কৰে।

লেখিকা: নীলাক্ষী কলিতা।