আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতাৰ বলত প্ৰতিজন মানুহেই একো একোটা যন্ত্ৰসদৃশ হৈ পৰিছে। আজিৰ ব্যস্ততাই আগুৰি ধৰা পৃথিৱীখনত ব্যস্ত হৈ থাকিও মানুহে সময়ে সময়ে নি:সংগতাবোধ অনুভৱ কৰে। সাধাৰণতে, জনপূৰ্ণ ঠাইত থাকিও অকলশৰীয়া অনুভৱ কৰিলে তাকেই নি:সংগতা আৰু যিয়ে অনুভৱ কৰে তেওঁক নি:সংগ বোলা হয়। সম্প্ৰতি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগে লগে মানুহৰ জীৱনগাথা সৰলৰ পৰা জটিললৈ ধাবিত হৈছে। যাৰ ফলত মানুহৰ চিন্তা চৰ্চা, ভাষাৰ ভিন্নতা, প্ৰেমহীনতা, মানৱীয় সম্পৰ্ক আদিত নানা সমস্যা আহি পৰিছে। সেইবাবে, যিমানে দিন গৈছে নি:সংতাৰ পৰিমাণ সিমানে বাঢ়ি গৈছে। নি:সংগতাৰ চিকাৰ হোৱা ব্যক্তিয়ে সকলো থাকিও সুখী হ’ব নোৱাৰে, সকলো মানুহেই তেওঁক বিশ্বাসঘাতকতা কৰিব বোধহয়। কোনো কোনোৱে নি:সংগতাক এক মানসিক ৰোগ, আন কোনোৱে ইয়াক মুদ্ৰাদোষ আখ্যা দিছে। অৱশ্যে, নি:সংগতা নামৰ এই ৰোগবিধৰ পৰা আঁতৰি; থকাটো কোনো অসম্ভৱ কাম নহয়। নি:সংগতাবোধ দূৰ কৰিবৰ বাবে আমি আগবঢ়াইছো কিছু দৰকাৰী দিহা- নি:সংগতা দূৰ কৰাত সৃজনশীলতাৰ অৱদান অনন্য। সেইবাবে, নি:সংগতা ভাব আহিলেই সৃষ্টিমূলক কাম, যেনে-লিখা-মেলা কৰা, গছ-গছনি ৰোৱা, ছবি অঁকা আদি কামত ব্যস্ত হৈ পৰিব লাগে। অসমীয়াত এষাৰি কথা আছে-শৰীৰী বন্ধুৰ প্ৰতাৰণা কৰে, গ্ৰন্থ বন্ধুৱে প্ৰেৰণা দিয়ে। সেয়ে, নি:সংগতা ভাব আহিলে কিতাপ পঢ়া উচিত। কিয়নো কিতাপতকৈ বিশ্বস্ত বন্ধু আন কোনো নাই। গানেও মানুহক নি:সংগতাৰ পৰা মুক্তি দিয়ে। অৱশ্যে, সকলো গানেই নি:সংগতা দূৰ নকৰে। সেই গান হ’ব লাগে মৃদু আৰু কোমল। ই আমাক সহজতে নি:সংগতাৰ পৰা আঁতৰাই ৰাখে। প্ৰাৰ্থনা নি:সংগতা দূৰ কৰাৰ অন্যতম কাৰক। সেইবাবে পুৱা-গধূলি পবিত্ৰ মনেৰে ভগৱানক প্ৰাৰ্থনা কৰা দৰকাৰ। ডায়েৰি লিখাৰ অভ্যাসে নি:সংগতা দূৰ কৰে। সেইবাবে লিখোতে কেতিয়াও মিছাক প্ৰশ্ৰয় দিব নালাগে। মিছা ডায়েৰিৰ পৰা পোৱা আনন্দ খন্তেকীয়া। নি:সংগতাবোধ আহিলেও বন্ধু-বান্ধৱৰ লগত কথা পতা উচিত। এনে কথোপকথনে নি:সংগতাক অন্য চিন্তালৈ লৈ যায়। নি:সংগতা দূৰ কৰিবলৈ আত্মবিশ্বাস দৃঢ় কৰক। আত্মবিশ্বাস দৃঢ় হ’লে নি:সংগতা দূৰ হ’ব। যিবোৰ চিন্তাই আমাৰ হিত সাধন নকৰে, তেনে চিন্তাবোৰ মনৰ পৰা উলিয়াই দিয়া উচিত। অনৰ্থক চিন্তাই নি:সংগতা হ্ৰাস নকৰে, বৃদ্ধিহে কৰে। লিখক: দিগন্ত বৈশ্য, সাদিন।