কুন্দুলি এবিধ লতাজাতীয় উদ্ভিদ। ই সাধাৰণতে জেওৰা বা গছত বগাই যায়। কুন্দুলি পাচলি হিচাপে খোৱা হয়। ইয়াৰ ফুলৰ ৰং বগা। পাত আৰু গা-গছত পাতল নোম আছে। ফল ডিম্বাকাৰ। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া। পকিলে উজ্জ্বল হালধীয়া ৰঙৰ হয়। ফলৰ গাটো অতি নিমজ। ওপৰৰ অংশত সৰু সৰু বা ফুট থাকে। ফলৰ ভিতৰত অসংখ্য সৰু সৰু গুটি আছে। কিছুমান কুন্দুলিৰ ভিতৰৰ অংশ বগা আৰু কিছুমানৰ পাতল গুলপীয়া ৰঙৰ।ইয়াৰ সোৱাদ অলপ টেঙা। কুন্দুলিৰো ঔষধি গুণ আছে। ইয়াৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ- কুন্দুলিৰ কেঁচা ফলৰ ৰসে জিভাত হোৱা ঘা শুকোৱাত সহায় কৰে। গৰু-ছোৱালীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলিৰ পাত থেতেলিয়াই ৰস উলিয়াই লগালে ৰোগ নিৰাময় হয়। কুন্দুলিৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়। শৰীৰত হোৱা খজুৱতিত কুন্দুলিৰ কেঁচাপাতৰ ৰস উলিয়াই লগালে খজুৱতি কমেগ। কুন্দুলি সঞ্চিত পেটচলা ৰোগত উপকাৰী। বহুমূত্ৰ ৰোগীয়ে পাত থেতেলিয়াই ৰস উলিয়াই খালে উপকাৰ পাব। কুন্দুলিৰ পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবেও উপকাৰী। যিকোনো জন্তুৱে কামুৰিলে কুন্দুলিৰ পাতৰ ৰস লগালে আৰাম পোৱা যায়। কুন্দুলিৰ পাতৰ ৰস যিকোনো ছালৰ ৰোগত উপকাৰী। লেখিকা: ললিত শৰ্মা লহকৰ(অসম বাণী)