আঞ্জাৰ জুতি তথা সুগন্ধি বঢ়াবলৈ নানা তৰহৰ মচলা ব্যৱহাৰ কৰা হয়, তাৰ ভিতৰত হালধি প্ৰধান| এই গছজোপা বিখ্যাত হোৱাৰ মূলতে ইয়াৰ জাৰণবিৰোধী, বীজাণুবাৰক তথা বেদনাবিৰোধী গুণ| কেঁচা হালধি অথবা ইয়াৰ গুড়ি বহুতো দৰৱীয় তথা পুষ্টি গুণসম্পন্ন| হালধিৰ এশ গ্ৰামত থকা উপাদানবোৰ হ’ল- শক্তি- ৩৫৪ কিলো কেল’ৰি, কাৰ্ব হাইড্ৰেট- ৬৫ গ্ৰাম, প্ৰ’টিন- ৮ গ্ৰাম, চৰ্বি- ১০ গ্ৰাম, ছ’ডিয়াম- ৩৮ মিলিগ্ৰাম, পটাছিয়াম- ২.৫২ মিলিগ্ৰাম, আঁহ- ২১ গ্ৰাম| বহুতো অধ্যয়নৰ পৰা জনা মতে, বেমাৰৰ জীৱাণু পৰাভূত কৰাত হালধিয়ে সহায়ৰ হাত আগবঢ়ায়, কিয়নো ই খাদ্য পাচনৰ সমস্যা ৰোধ কৰি পোৰণি হ্ৰাস কৰে| ইয়াৰ জাৰণবিৰোধী ধৰ্মই কৰ্কট ৰোগৰ কাৰক মুক্ত মূলকৰ লগত যুঁজ কৰাত সহায় কৰে| হালধিত থকা গুৰুত্বপূৰ্ণ উপাদান কুৰকুমিন শক্তিশালী জাৰণবিৰোধী তথা চোকা বেদনাশক| হালধি গ্ৰহণৰ অনুমোদিত মাত্ৰা হ’ল প্ৰতিদিনে ১ ৰ পৰা ৩ গ্ৰাম পৰ্যন্ত| মচলা হিচাপে নিয়মিতভাৱে হালধি গ্ৰহণ কৰিলে শৰীৰে শক্তি লাভ কৰি বেমাৰ প্ৰতিৰোধী ক্ষমতা লাভ কৰে| বাত বিষে জলা-কলা কৰা লোকে নিয়মিতভাৱে হালধি সেৱন কৰিলে বিষৰ পৰা সকাহ পায়| পাকস্থলীৰ বিকাৰ- যেনে- ফুলি উঠা, গেছ জমা হোৱা, পেটৰ অসুখ আদিত হালধিয়ে বিশেষ কাম সমাধা কৰে| ই খাদ্য জীণ নিওৱাত সহায় কৰে, যিহেতু হালধিয়ে পিত্ত ৰস নিঃসৰণ কৰা কাম সহজসাধ্য কৰে| সেইবাবে অজীৰ্ণতাত ভোগা লোকে খাদ্যৰ লগত হালধি গ্ৰহণ কৰি বিকাৰৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱপৰ| অধ্যয়নৰ জৰিয়তে গম পোৱা মতে, হালধিয়ে ধমনীত তেজ খমলা বন্ধা বন্ধ কৰি দেহক হৃদয়াঘাত অথবা কলিজাৰ বিকাৰৰ পৰা ৰক্ষা কৰে| মধুমেহ ৰোগীৰ পৰিয়ালত আন সদস্যকো একে বিকাৰত ভোগোৱাৰ সম্ভাৱনা নথকা নহয়, যি পৰিপ্ৰেক্ষিতত এনে লোকে খাদ্যত উপযুক্ত পৰিমাণে হালধি গ্ৰহণ কৰিলে ভৱিষ্যতে মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস পায়| মধুমেহ ৰোগীৰ দেহত চেনিৰ পৰিমাণ অত্যধিক মাত্ৰাত হ্ৰাস পালে বেমাৰীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে| গতিকে হালধি ৰস সেৱন কৰি থকা ৰোগীয়ে সঘনে তেজত চেনিৰ পৰিমাণ পৰীক্ষা কৰি থকা প্ৰয়োজন| পাচনতন্ত্ৰৰ এক চিৰকলীয়া ৰোগ হ’ল বৃহদান্ত্ৰৰ প্ৰদাহ- যাৰ পৰা ৰক্ষা পাবলৈ হালধিৰ ৰস সেৱন কৰাই উত্তম পন্থা| কিয়নো এই অভ্যাসে ৰোগৰ বিষ-বেদনা তথা জটিলতা হ্ৰাস কৰে| হালধি প্ৰতিজাৰক, বেদনা প্ৰতিৰোধী তথা পুষ্টি গুণসম্পন্ন হোৱা বাবে কেতবোৰ স্নায়বিক বিকাৰ যেনে- আলঝেইমাৰ ৰোগ, পাৰ্কিনছনছ ৰোগৰ দৰে বিকাৰ প্ৰতিৰোধ কৰাত সহায় কৰে| হালধিৰ পৰিপূৰক দ্ৰব্য ব্যৱহাৰ কৰাতকৈ কেঁচা বা সজীৱ হালধি গ্ৰহণ কৰাটোহে উত্তম পথ| গৰ্ভৱতী তথা কেঁচুৱাক গাখীৰ খুওৱা মাতৃয়ে হালধি গ্ৰহণ কৰাত সাৱধানতা অৱলম্বন কৰিব লাগে| কাৰণ ই তেজ পনীয়া কৰে| কিন্তু আঞ্জা-তৰকাৰিত মচলা হিচাপে হালধি ব্যৱহাৰ কৰাটো মুঠেই ক্ষতিকাৰক নহয়, য’ত পাৰ্শ্ব প্ৰতিক্ৰিয়া শূন্য| বীজাণুবাৰক গুণসম্পন্ন হোৱা হেতুকে পোৰাৰ ক্ষেত্ৰত হালধি প্ৰয়োগ কৰিলে তাৎক্ষণিক সকাহ পোৱা যায়| বিমৰ্ষতাত ভোগা লোকসকলে হালধিৰ ৰস সেৱন কৰাটো অতিশয় প্ৰয়োজন, কিয়নো ই মানসিক চাপ তথা বিমৰ্ষতা হ্ৰাস কৰে| হালধিয়ে মগজুৰ স্নায়বিক প্ৰেৰক প্ৰণালীৰ উন্নতি সাধন কৰি শৰীৰলৈ সতেজতা আনে| ছেৰ’টনিন নামৰ পদাৰ্থ সুখানুভূতিৰ কাৰক, যি পদাৰ্থ উৎপাদনত হালধিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে বাবে ইয়াক সেৱন কৰি লোক সুখী হ’ব পাৰে| বীজাণুবাৰক তথা বেক্টেৰিয়া বিনাশী গুণসম্পন্ন হোৱা হেতুকে হালধি সেৱন কৰিলে ব্ৰণ ৰোগ, শালমন নিৰাময় হয় আৰু গ্ৰন্থিৰ পৰা তেল ওলোৱা হ্ৰাস কৰি ছালত চিক্মিকনি তোলে| হালধি লেপনৰ লগত কেইটোপালমান নেমুৰস মিহলালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়| বিশেষ গুণসম্পন্ন হোৱা হেতুকে হালধিয়ে বাৰ্দ্ধক্যৰ লক্ষণ দূৰতে বিদূৰ কৰে| হালধিৰ ৰস বা ইয়াৰ গুড়ি গাখীৰত মিহলাই খালে শাৰীৰিক সুস্থতা লাভ কৰা হয়| লেখক:- আনন্দ দেৱ গোস্বামী উৎস:- দৈনিক অসম