শক্তিহীনতা প্ৰকৃত অৰ্তত ৰোগ নহয় যদিও চিকিৎসা বিজ্ঞানত ৰোগ হিচাপে ধৰা হয়। ই এক ৰোগৰ উপসৰ্গহে। সাধাৰণতে দেহত পুষ্টিকৰ বস্তুৰ অভাৱ, বহুদিন ধৰি অন্য ৰোগত ভোগাৰ ফলত, বাৰ্ধক্যজনিত কাৰণ, ডায়েৰিয়া ৰোগ ঘনাই হৈ থাকিলেও শক্তিহীনতাই দেখা দিয়ে। এই ৰোগ হোৱাৰ ফলত কাম কাজ কৰিবলৈ ইচ্ছা নোযোৱা হয়, ভাগৰ লাগে, শাৰীৰিক দুৰ্বলতাই দেখা দিয়ে, ৰোগী খিংখিঙীয়া হয়, খাবলৈ ব’বলৈ মন নোযোৱা হয়, টোপনি বেছি হয়, ৰোগী অনবৰতে শুই-বহি থাকে। শক্তিহীনতা হ’লে খোৱা বোৱাত যত্ন ল’ব লাগে - এগিলাচ নেমু ৰসৰ লগত এক গিলাচ পানী মিহলি কৰি খালে শক্তিহীনতা দুৰ হয়। মহানিমৰ ছালৰ ৰস নিয়মিত খাব লাগে। ৰৌমাছ, চিতল মাছ, কুঁচিয়া মাগুৰ মাছ আদি বিভিন্ন ধৰণৰ মাছ খালে শক্তিহীনতা দুৰ হয়। পাৰৰ মাংস আৰু মুৰ্গী মাংসৰ জোল খালে সুফল পোৱা যায়। সেউজীয়া শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে। পুৱা খালী পেটত আনাৰস খালে শক্তিহীনতাত উপকাৰ পোৱা যায়। ভীমকল গাখীৰৰ লগত খালে শৰীৰত বল বৃদ্ধি হয়। কণীৰ কুহুম দিনে এটাকৈ খাব লাগে। মৌ এচামুচকৈ আহাৰ খোৱাৰ পাছত খালে যথেষ্ট উপকাৰ পোৱা যায়। বাদাম পিচি গাখীৰৰ লগত মিহলি কৰি খালে দেহত বল বৃদ্ধি হয়। ঘিউ, মাখন আদি খালে শক্তিহীনতা আঁতৰ হয়। মুঠতে শক্তিহীনতাত মাদকদ্ৰব্য, গুৰুপাকী বস্তু আদি গ্ৰহণ কৰিব নালাগে। বিভিন্ন ফলৰ ৰস খালেও শক্তিহীনতা দুৰ হয়। লেখিকা: সুল্লভী ফুকন (ৰাইজৰ বাতৰি )