বতাহ চলাচলৰ বাবে ঘৰৰ দুৱাৰ-খিৰিকী খোলা ৰাখক। গৰমত বৰ বেছি দৰকাৰ নহ’লে ৰাস্তালৈ ওলাই নাযাব। সেইবুলি থাকি থাকিবই। দৰকাৰী কাম আবেলি ৰ’দ কমিলে বা সন্ধ্যা কৰিব পাৰে। গৰমত খোজ কাঢ়ি যাব লগা হ’লে ছাতিটো সাৰথি কৰি ল’ব। আনহাতে মুখত কাঢ়া ৰ’দ নালাগিবৰ বাবে এখন কপাহী দীঘল হাতৰ কুৰ্টা বা ব্লাউজ পিন্ধাহে ভাল। যাতে হাত দুখন ৰ’দে পোৰাৰ্ ৰক্ষা কৰিব পাৰে। গৰমত এঢোক-দুঢোককৈ পানী খায়েই থাকিব। কাৰণ এবাৰতে বেছিকৈ পানী খাই দিলে পেটটো গধূৰ লাগিব পাৰে বা টানি ধৰিব পাৰে। ফ্ৰীজত ৰখা আপেল-আঙুৰ-তিয়ঁহ মাজে মাজে উলিয়াই খাই থাকিব। চৰ্বত খাব। গৰমত এবাৰমান হ’লেও পানী দিয় ভাত খাই তৃপ্তি লভক। ল’ৰা-ছোৱালীকো শিকাওক। কওক এয়া আমাৰ বোপাককাৰ দিনৰ সংস্কৃতি। ক’ৰবাৰ পৰা আহি গৰম চাহ-কফি-চিঙৰা-কচুৰি আদি খাই নিদিব। মছলা দি ৰন্ধা খাদ্য এৰাই চলিব। চালাড, কম তেলযুক্ত খাদ্য, দৈ-চৰ্বত গৰম দিনৰ আদৰ্শ খাদ্য। ঘৰত, নিজৰ কোঠাটোৰ ভিতৰত শৰীৰটোৰে আৰাম পোৱা পোছাকহে পিন্ধি থাকিব। পুৱা আৰু সন্ধ্যা গৰম কমি থকা অৱস্থাতহে ব্যায়াম, জগিং আদি কৰিব। অতিপাত গৰমত নকৰিব। ক’লৈকো লৰালৰিকৈ খোজ কাঢ়ি নাযাব। দৌৰি নাযাব। গৰমত ধীৰ-স্থিৰ হোৱাহে বাঞ্ছনীয়। গৰমত খোৱা-বোৱা কৰাত অতি সাৱধান হোৱা উচিত। কিছুমান ঔষধ ঘৰত ৰখা উচিত। এলাৰ্জী, পেটৰ অসুখ, ঘা-ফোহা, ঘামচি ইত্যাদিৰ বাবে। গৰমৰ দিনত প্ৰসাধন আৰু পোছাক পৰিধানত অত্যন্ত সাৱধান হোৱা উচিত। খং সম্বৰণ কৰা, কাজিয়া-পেছাল, তৰ্ক-বিতৰ্ক আদিত লিপ্ত নোহোৱাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। দিনে দুই-তিনিবাৰ গা ধুবই লাগে। ধোৱা পোছাকহে পিন্ধিব লাগে। সকলো সময়তে গা আৰু কাপোৰ-কানি চাবোন দি ধুব লাগে বুলি কথা নাই। গা আৰু কাপোৰ ধোৱা পানীত সুগন্ধি ব্যৱহাৰ কৰিব পাৰে। লেখক: ৰূপা মেধি(অসম বাণী)