কোনো এটা কছমেটিক্ ব্যৱহাৰ কৰাৰ পূৰ্বে সকলোৱে তাৰ ছাইড এফেক্ট বা প্ৰতিক্ৰিয়াবোৰৰ কথা ভাৱে।কোনোটো কছমেটিক আমাৰ ত্বকৰ বাবে উপযোগী হ’বও পাৰে বা নহ’বও পাৰে।কছমেটিকৰ এই ছাইড এফেক্টবোৰৰ বাবেই কেতিয়াবা আমাৰ ত্বকৰ জলা-পোৰা, গুটি উঠা, খজুৱতি, ৰঙা পৰা আদি সমস্যাৰ সৃষ্টি হয়।সেয়ে আমি প্ৰাকৃতিক ভাৱে পোৱা ফল-মূল বা শাক-পাচলি আদি সৌন্দৰ্য চৰ্চাত নিৰ্ভয়ে ব্যৱহাৰ কৰিব পাৰোঁ।এই প্ৰাকৃতিক উপাদানবোৰক হাৰ্বেল কছমেটিক্স বুলি অভিহিত কৰা হয়।তেনে কেইটামান হাৰ্বেল কছমেটিক্সৰ বিষয়ৰ্তলত উল্লেষ কৰা হ’ল- (১)কেষ্টৰ অইল: হাৰ্বেল ছানস্ক্ৰীন হিচাপে কেষ্টৰ অইল: কেষ্টৰ গছৰ বীজৰ পৰা কেষ্টৰ অইল প্ৰস্ত্তত কৰা হয়।এই কেষ্টৰ অইল বহুলভাৱে লিপষ্টিক নিৰ্মাণত ব্যৱহাৰ কৰা হয়।এই অইল যথেষ্ট কোমল আৰু ইয়াত থকা গুণাগুণে আমাৰ ছাল খনক প্ৰাকৃতিক প্ৰদূষণৰ পৰা সুৰক্ষা প্ৰদান কৰে।ই হৈছে এটা হাৰ্বেল ছানস্ক্ৰীন।দুপৰীয়া ৰ’দলৈ ওলোৱাৰ পূৰ্বে দেহৰ ওলাই থকা অংশবোৰত কেষ্টৰ অইল লগাই ল’লে ৰ’দৰ বা সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰিব।৫০ মি:লি: কেষ্টৰ অইলত এক বা দুটোপাল ৰ’জ অইল বা চান্দালৱোড অইল মিলাই ছালত লগাব পাৰে। হাৰ্বেল লিপ ট্ৰিটমেণ্ট: শীত কালত দেখা দিয়া এটা অস্বস্তিকৰ সমস্যা হৈছে ওঁঠ ফটা।এই সমস্যাৰ সমাধান হিচাপে কেষ্টৰ অইলৰ সৈতে চেণ্ডেলউড বা চন্দন কাঠৰ তেল মিলাই ওঁঠত লগালে সুফল পোৱা যায়। (২)অমিতা: আধুনিক জীৱনশৈলীৰ কু-প্ৰভাৱত প্ৰায়বোৰ মানুহেই বৰ্তমান ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ চিকাৰ আৰু ইয়াৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰাত অমিতাই যথেষ্ট সহায় কৰে।অমিতাই দেহৰ শুকান আৰু মৃতকোষবোৰ দূৰ কৰি ছালখন সজীৱ কৰি তোলে।অমিতা ৰসত থকা বিভিন্ন গুণাগুণে ছালৰ বিভিন্ন সমস্যা-যেনে আজিনা, শালমইনা, বিহফোঁহা আদি নিৰাময় কৰে।ছাল জ্বলিলে অমিতাৰ কোমল অংশ পিহি-চেপি ৰস উলিয়াই ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ উপৰি অমিতাৰ ব্যৱহাৰে ছালখন উজজ্জ্বল কৰি তোলে।পকা অমিতা পিহি মুখ, ডিঙি, হাত-ভৰিত লগালে ছালৰ মৃত কোষবোৰ আঁতৰি ছালখন ব্জ্জ্বল হৈ উঠিব।ইয়াৰ লগতে ই ছালখনক বয়সৰ চাপ পৰাৰ পৰাও ৰক্ষা কৰিব। (৩)হালধি: সৌন্দৰ্য চৰ্চাত হালধিৰ ব্যৱহাৰ পৌৰাণিক কালৰ পৰাই যথেষ্ট জনপ্ৰিয়।কেঁচা হালধি পিহি লেপন দিলে ভগা হাড়ো জোৰা লাগে বুলি সৰ্বজনবিদিত। কেঁচা গাখীৰৰ লগত আধা চামুচ হালধিগুড়ি মিলাই এটা লোচন বনাব আৰু তাক মুখত লগাই গৰম পানীৰ ভাপ দিব আৰু কোহুমীয়া পানীৰে পৰিস্কাৰ কৰিব।এই পৰিচৰ্যা সপ্তাহত এবাৰ বা দুবাৰ কৰিলে ছালখনৰ ৰ্ং উজ্জ্বল হৈ পৰিব আৰু মুখৰ ক’লা দাগ আঁতৰিব।মুখৰ উপৰি গোৰোহা ফটা সমস্যাৰো এটা সুন্দৰ সমাধান হালধিৰ ব্যৱহাৰেৰে পোৱা যায়।তাৰ বাবে হালধিগুড়ি এচামুচ নাৰিকল তেলৰ সৈতে ক্ৰীমৰ দৰে মিলাই ভৰিৰ গোৰোহাত সানি ১৫ মিনিট ৰাখি ধুই পেলাব।হালধিগুড়ি, কেশৰ আৰু নেমু ৰসৰ পেষ্ট বনাই লগালে বলিৰেখা প্ৰতিৰোধ কৰিব পাৰি। (৪)চন্দন: চন্দন কাঁঠ এক মহামূল্যৱান সম্পদ।ইয়াৰ গুণাগুণ কৈ অস্ত কৰিব নোৱাৰি।সৌন্দৰ্য চৰ্চাত ইয়াৰ ব্যৱহাৰ অতুলনীয়।চন্দনৰ গুণাগুণে ছালৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে।ভাল চন্দন পাউদাৰ ১০ গ্ৰামৰ সৈতে ২০০ গ্ৰাম টেলকম পাউদাৰ ভালদৰে মিলাই এটা পৰিষ্কাৰ কণ্টেইনাৰত ভৰাই থ’ব।এই পাউদাৰ মুখ তথা দেহৰ আন অংশত লগাব পাৰে, যিয়ে ছালখন মসৃণ কৰি তোলাৰ উপৰি বিভিন্ন ফাংগেল ইনফেক্সন দূৰ কৰিব। (৫)মেথি শাক: মেথি শাকৰ উপকাৰিতাৰ বিষয়ে সৰ্বজনজ্ঞাত।এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ভাইৰেল গুণসমৃদ্ধ মেথি শাকৰ সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ।মেথি গুটিৰ ব্যৱহাৰ মেথি শাকতকৈ সৌন্দৰ্য চৰ্চাত তুলনামূলকভাৱে বেছি।চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মেথি গুটি গুড়ি কৰি নাৰিকল তেলৰ লগত মিলাই চুলিৰ গুড়িত লগাই এঘণ্টা ৰাখি ধুব।ইয়াৰোপৰি আমি সততে ব্যৱহাৰ ফল-মূল আৰু শাক-পাচলিবোৰে আমাৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে। লেখক:গৌতম বৰা (দেওবৰীয়া সুকন্যা)