নাসিকা গৰ্জন অৰ্থাৎ টোপনিত নাক বজা কথাটো সৰু সুৰা আপদ নহয়। কেৱল মাত্ৰ এই সমস্যাটোৰ বাবে বিবাহ বিচ্ছেদৰ ঘটনাও খুব কম নহয়। টোপনিত নাক বজা সমস্যাই গোটেই পৃথিৱীতে প্ৰায় ৯ কোটি বয়সীয়া মানুহৰ বা তেওঁলোকৰ পতি বা পত্নীৰ টোপনিত গুৰুতৰ ব্যাঘাত ঘটায়। অলপতে এটা ব্ৰিটিছ সমীক্ষাৰ পৰা জনা গৈছে যে যদি কোনো এজন পতি বা পত্নীৰ টোপনিত নাক বজাৰ সমস্যা থাকে, তেন্তে তেওঁলোকে বিবাহিত জীৱনৰ ৫০ বছৰৰ টোপনিত চাৰিটা বছৰৰ টোপনি হেৰুৱাবলগীয়া হয়। নিদ্ৰাহীনতাই মেজাজ নষ্ট কৰাৰ উপৰি স্মৃতি শক্তিও হ্ৰাস কৰে। কিন্তু জীৱন প্ৰণালী পৰিৱৰ্তন কৰি আৰু কিছুমান কৌশল অৱলম্বন কৰি নাক বজাৰ অভ্যাসটো বহু পৰিমাণে নিয়ন্ত্ৰিত কৰিব পাৰি। ডাক্তৰী উপায় - আপোনাৰ যদি ওজন বেছি, তেন্তে কেইকিলোগ্ৰাম ওজন কমাবলৈ চেষ্টা কৰক। আপোনাৰ যিমানেই বেছি হয়, সিমানেই হাওঁফাওঁলৈ বতাহ অনাৰ প্ৰয়োজন হয়। ইয়াৰ ফলত গলৰ পিছফালে, তালুত আৰু উশাহৰ নলীত স্পন্দনৰ সৃষ্টি হয়। ইয়াৰে পৰিণাম নাকৰ শব্দ। আপোনাৰ যদি চাইনাচৰ সমস্যা আছে, তেন্তে বিছনাত পৰাৰ আগতে নাকেৰে গৰম পানীৰ ভাপ উজাবলৈ চেষ্টা কৰিব। যোগাভ্যাস - যোগাভ্যাসৰ যোগেদি নাক বজোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ কাৰণে এটা উত্তম যোগাসন হ’ল সিংহাসন। সিংহাসন কৰিলে গল পৰিষ্কাৰ হয়। বন্ধ হৈ থকা নাকো সি মুকলি কৰে। প্ৰতিদিনে দুবাৰৰ পৰা চাৰিবাৰ এই আসন কৰিব। নাক বজা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ভ্ৰমৰি প্ৰাণায়ামো এটা উত্তম উপায়। যিকোনো শিক্ষকৰ পৰা এই প্ৰাণায়ামটো শিকি লৈ প্ৰতিদিনে পাঁচৰ পৰা ১০ বাৰ এই প্ৰাণায়াম কৰিব। উৎস: জি এনআৰচি স্বাস্থ্য