চকুযুৰিলৈ চাওঁতে ক’লা ধেনুভেৰীয়া চেলাউৰিযোৰ দৃষ্টিত নিৱদ্ধ হয়। তাৰপাচত ক’লা মণিটো জিলিকি উঠে চকুযুৰিত। সেই পৰিঘটনাই সৃষ্ট কৰে একোটা কবিতা- কবিৰ কাপত। চেলাউৰি (আই ব্ৰ”) এটা অংশ শৰীৰত, য’ত থাকে কিছু ঘন কোমল চুলি। আমাৰ চকুযুৰিক ই যেন ছাতি এটাৰ দৰে সুৰক্ষা দিয়ে। এই ঘন চুলিতে সজ্জিত অংশই চকুযোৰত শৰীৰৰ ঘাম নিগৰি পৰা সম্ভাৱনাক বাধা দিয়ে। পাৰিপার্শ্বিকৰ ধূলি-মাকতি, সৰু পতংগ বা আন বস্তু চকুত নপৰাকৈ ৰখাত সহায় কৰে বা বাধা দিয়ে চেলাউৰিয়ে। এই চেলাউৰিয়ে বিশেষ ভূমিকা লয়। চেলাউৰি কোঁচখোৱা অৱস্থাত সৰুতে যেতিয়া দেউতাক দেখিছিলো, তেতিয়া আমি বাই-ভনীকেইজনীয়ে বুজি পাইছিলো, দেউতাৰ খং উঠিছে। ‘ষ্টাৰট্ৰেক’ নামৰ ধাৰাবাহিক এখনত "মিষ্টাৰ স্পাক’ নামৰ এটা চৰিত্ৰৰ আকর্ষণেই আছিল তেওঁৰ বিশেষ আকৃতিৰ চেলাউৰিযোৰ। এই চেলাউৰিযোৰৰ বাবেই হয়তো কোনো এজন অহংকাৰী হৈ উঠিব পাৰে। কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব এনেকুৱা ব্যক্তিও আছে, যাৰ চেলাউৰি, চকুৰ নোম সৃষ্টি হোৱাৰ ক্ষমতাও নাই। তেওঁলোক আক্রান্ত মদাৰোচিচ্' নামৰ এক সমস্যাত। চেলাউৰিযোৰক লৈ হয়তো আমি ইমান সচেতন নহয় বা নাছিলো কেইবছৰমান আগলৈ। কিন্তু বর্তমান সৌন্দৰ্যৰ জগতখনত ইয়াৰ গুৰুত্ব অসীম। যেতিয়া আমি দেখো নামী-দামী তাৰকাসকলে চেলাউৰিযোৰক সজ্জিত কৰিছে অলংকাৰেৰে, নতুবা বিভিন্ন ৰঙেৰে তেতিয়া আমিবোৰো আকৰ্ষিত হওঁ। পুৰুষ মহিলা সকলোৱে নিজৰ চেলাউৰিযোৰক আকৰ্ষণীয় ৰূপ দিবলৈ চেষ্টা কৰে। তাৰ বাবে তেওঁলোকে বাছি লয় বিভিন্ন পদ্ধতি— থ্ৰেদিং, ৱাক্সিং, লেজাৰ ইত্যাদি। যাৰ চেলাউৰিৰ চুলিত ঘনত্ব কম, তেওঁলোকে কাজল জাতীয় পদার্থৰে উজলাই তুলিবলৈ চেষ্টা কৰে। মেট্রিছেক্সুৱেল পুৰুষসকলে আজিৰ সময়ত চেলাউৰিত বিভিন্ন পৰশ দি নতুনত্বৰ পৰিচয় দিবলৈ লৈছে। মোটা দগধা চেলাউৰি এযোৰ সৌ সিদিনালৈকে আছিল পুৰুষত্বৰ প্ৰতীক; কিন্তু এতিয়া তেনে হৈ থকা নাই। বিৱৰ্তনত চেলাউৰি ইতিহাসত দেখা যায় ইজিপ্তৰ লোকসকলে তেওঁলোকৰ ভগৱান 'হ’ৰাচ’ৰ সন্মানার্থে ক’লা ডাঠ ৰঙেৰে বুলাইছিল চেলাউৰিযোৰক। ক্লিঅ’পেট্রা আছিল তাৰ এক উদাহৰণ। গ্ৰীচ মহাদেশত আকৌ বিবাহিত মহিলাই চেলাউৰিত কোনো ৰং নাসানিছিল। তাৰ পৰিবর্তে অবিবাহিতা নাৰীয়ে ক’লা সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰিছিল চেলাউৰিৰ উজ্জ্বলতা বঢ়াবলৈ। ১০৬৬-১৪৮৫ খ্রীষ্টাব্দৰ সময়ছোৱাত নাৰীয়ে চেলাউৰি প্লাক্ কৰি একেবাৰে মিহি কৰি পেলাইছিল। সেয়া আছিল ৰাণী এলিজাবেথৰ যুগ। ৰাণীৰ সন্মানার্থে বহু নাৰীয়ে আকৌ তেনে পাতল, খীণ চেলাউৰিযোৰত ৰঙা বা পাতল মাটিয়া ৰং সানিছিল। চেলাউৰিৰ বিৱৰ্তন হৈয়েই থাকিল। ১৯২০ চন মানত প্ৰথম বাণিজ্যিকভাবে উপলব্ধ হ’ল চেলাউৰিৰ প্ৰসাধন সামগ্ৰী। চেলাউৰিৰ সৌন্দৰ্যচৰ্চা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হৈ আহি এলিজাবেথ টেইলৰ, মেৰেলিন মন্ৰোৰ সময় পালেহি। তেওঁলোকে চেলাউৰিক দিলে বিশেষ ৰূপ। মোটা চেলাউৰি সম্পূর্ণভাবে হেলনীয়া-ধেনুভেৰীয়া। ১৯৬০ চনৰ আন এগৰাকী চেলিব্ৰেটী ছফিয়া ল’ৰেন। তেওঁৰ চেলাউৰিৰ সৌন্দৰ্য বিশ্ববিখ্যাত আছিল। চেলাউৰিখিনি সম্পূৰ্ণ খুৰাই দি পেন্সিলেৰে আঁকি লৈছিল সৰলৰেখাৰ আকাৰত। ১৯৮০ চনত মেডোনা, ব্ৰুক শ্বিল্ডৰ চেলাউৰিৰ সজ্জাক সকলোৱে অনুকৰণ কৰিছিল। মোটা ঘন চুলিৰে চেলাউৰি আছিল তেওঁলোকৰ। ছুপাৰ মডেল ‘ক্ৰিষ্টিন মেক্মেনামি’ ১৯৯০ চনত ফেশ্বন জগতখনত আলোড়ন সৃষ্টি কৰিছিল চেলাউৰিযোৰ সম্পূর্ণভাবে খুৰাই পেলোৱাৰ দ্বাৰা। বৰ্তমানত চেলাউৰিযোৰ পাৱাৰ ব্ৰ’ বর্তমানৰ ফেশ্বন ট্ৰেণ্ড । মোটা, ঘন চেলাউৰিযোৰ য’ত পৰশ নপৰিব থ্রেডিং, ৱাক্সিং ইত্যাদিৰ। চেলিব্ৰেটীসকলৰ পৰা সৰ্বসাধাৰণলৈকে নিজৰ চেলাউৰিযোৰক গাঢ় মোটা কৰিবলৈ ব্যৱহাৰ কৰিবলৈ লৈছে, পেন্সিল, পাউদাৰ, কোনো জেল্। চিকিৎসকৰ সহায়ো কিছুৱে লৈছে, যাৰ দ্বাৰা চেলাউৰি সংৰোপণ কৰিব পাৰি। চেলাউৰিযোৰৰ আকৃতি আৰু তাৰ সৰু চুলিবোৰৰ অৱস্থানৰ যি দিশ, সেয়া যে আমাৰ চকুযোৰক সুৰক্ষা দিয়াৰ বাবেই সৃষ্ট সেয়া সূচায়। ঈষৎ হেলনীয়া হোৱা হেতুকে অত্যধিক ঘাম বা বৰষুণৰ পানী চকুৰ ভিতৰত নোসোমোৱাকৈ দাঁতিৰে বাগৰি যায়। চকুৰ চেলাউৰিয়ে তাৰ সংবেদনশীল চৰিত্ৰৰ বাবে ক্ষুদ্র পোক এটা পৰিলেও খন্তেক চকুটোলৈ সংকেত পঠিয়ায়। ফলত চকুটো জাপ খাই যায়। চকুৰ চেলাউৰিয়েও প্রকাশ কৰে অভিব্যক্তি। এজন ব্যক্তিৰ সি হয়তো হ’ব পাৰে উল্লাস, খং, আতংক, দ্বিধাগ্ৰস্ত তথা যৌন আবেদন, বহু ৰূপসজ্জা বিশেষজ্ঞই মুখাবয়ৱৰ অভিব্যক্তি ফুটাই তুলিবলৈ চেলাউৰিযোৰক গুৰুত্ব দিয়া দেখা যায়। কিছুমান মানুহে আকৌ পৰ্য্যায়ক্রমিক (Alternate) ভাবে চেলাউৰি ওঠোৱা-নমোৱা কৰিব পাৰে। চেলাউৰি আকৃতি একোগৰাকী ব্যক্তিৰ পৰিচয় চিহ্ন হ’ব পাৰে। অলপতে মেচাচুচেটচ্ ইনষ্টিটিউট অব টেকন'লজিত এটা অধ্যয়ন কৰা হৈছিল। বিষয়টো আছিল চেলাউৰিৰ আকৃতি আৰু ব্যক্তিজনৰ পৰিচয়। এই অধ্যয়নত চেলিব্রেটিৰ চকু নতুবা চেলাউৰি ডিজিটেললি এডিট কৰা হৈছিল আৰু ত্ৰিশজন ব্যক্তিক চেলিব্ৰেটিক চিনাক্ত কৰিবলৈ দিয়া হৈছিল। ছিয়াল্লিছ শতাংশ চকুৰ দ্বাৰা চিনি পাইছিল চাপন্ন শতাংশ চেলাউৰিৰ দ্বাৰা। মানুহ এজনৰ চিনাক্তকৰণত চেলাউৰিৰ গুৰুত্বক এই অধ্যয়নৰ দ্বাৰা প্রমাণিত কৰিবলৈ চেষ্টা কৰা হৈছিল। চেলাউৰিৰ যতন শৰীৰৰ যত্ন, মুখ, চুলিৰ যতনৰ দৰেই প্ৰয়োজন চেলাউৰিৰ যতন লোৱাটো। প্ৰথমতেই আহিল চেলাউৰিৰ আকাৰ। কোনো এজন বিশেষজ্ঞৰদ্বাৰা চেলাউৰিখিনি মুখমণ্ডলৰ আকৃতি অনুযায়ী সজাই ল’ব পাৰে। তাৰ পাচত সজ্জিত চেলাউৰিযোৰৰ যতন লওক। চেলাউৰিৰ চুলিখিনিক পুষ্টিৰ প্ৰয়োজনো হয়। তাৰ বাবে মালিচ দিয়াব লাগে। হাতৰ বুঢ়া আঙুলি আৰু তৰ্জনি আঙুলি দুটাৰে টিপামাৰি কোমলকৈ চাপ দি চেলাউৰিযোৰক মালিচ দিয়াব পাৰি। কেষ্টৰ অইল মাহেকত দুবাৰমান চেলাউৰিত লগোৱা ভাল। চেলাউৰিৰ চিত্তাকৰ্ষক দিশ চেলাউৰিৰ চুলিৰ আয়ুস প্ৰায় চাৰিমাহ। এই চুলিৰ বৃদ্ধিৰ হাৰ শৰীৰৰ আন চুলিৰ বৃদ্ধিৰ হাৰৰ তুলনাত আটাইতকৈ লেহেমীয়া। আইব্র’ বা চেলাউৰিৰ আকৃতি অনুযায়ী মানুহৰ ব্যক্তিত্ব নির্ণয় কৰিব পৰা যায়। কোৱা হয় যে, ধেনুভেৰীয়া চেলাউৰিৰ ব্যক্তি এজন সহনশীল তথা অনুভূতিপ্রৱণ। আনহাতে চিধা আকৃতিৰ চেলাউৰিৰে সৈতে ব্যক্তিজন সাধাৰণতে খাৰাংখাচ ধৰণৰ হয়। চেলাউৰিয়ে কথা কয়, চকুযুৰিয়ে সেই কথা প্রকাশ কৰে চকু পানীৰ ৰূপত নতুবা ৰঙা বিস্ফোৰিত নেত্ৰৰ ৰূপত। প্রকৃতিপ্রদত্ত এই চেলাউৰিযোৰে এটা জাপি বা ছাতিৰ লেখীয়াকৈ ৰক্ষা কৰে আমাৰ চকুযোৰক সিহঁতৰ কাম। চেলাউৰিত হ’ব পৰা সমস্যা চেলাউৰিৰ চুলি সৰি পৰা (হঠাতে ঘটিলে) কাৰণ হ’ব পাৰে- ভিটামিন, মিনাৰেলৰ অভাৱ; থাইৰয়ড সমস্যা, কেমোথেৰাপিৰ পাচত, অট'ইমিউন দিজিচ ইত্যাদি, ছালৰ অসুখ, চৰিয়োচিচ, এক খেমা। কোনো দুৰ্ঘটনাত, জুয়ে পুৰিলে, চেলাউৰি নোহোৱা হ’ব পাৰে। বয়স বাঢ়িলে, চেলাউৰিৰ চুলি সৰা দেখা যায়। মদাৰ’চিচ-চেলাউৰি সম্পূৰ্ণকৈ সৰি যোৱাৰ লগতে চকুৰ নোম সৰি পৰা। ওপৰত উল্লেখ কৰা কাৰণৰ উপৰিও বেক্টেৰিয়াৰ সংক্ৰমণৰ দ্বাৰাও মদাৰ’চিচ্ সমস্যা হ’ব পাৰে। কুষ্ঠৰোগত আক্ৰান্ত হ’লে চিফিলিছ, এইড্চ সংক্রমণ ইত্যাদিত চকুৰ চেলাউৰি সৰি পৰে। তদুপৰি কেতবোৰ ভেকুৰজাতীয় সংক্ৰমণেও চেলাউৰি সৰাই পেলায়। কৰণীয় কি হ’ব ? বিশেষজ্ঞৰ পৰামর্শ লোৱা নিতান্ত জৰুৰী। জধে-মধে যিকোনো ৰং চেলাউৰিত নলগোৱাই ভাল। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবই লাগিব। লগতে লাগিব পৰিষ্কাৰ-পৰিচ্ছন্ন অভ্যাস। প্রকৃতিপ্রদত্ত চেলাউৰিযোৰ এগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ পৰিচায়ক। সেয়েহে নখ-চুলিৰ যতন লোৱাৰ লেখীয়াকৈ ইয়াক যতন লৈ উজ্জ্বল চেলাউৰিৰ অধিকাৰী হওঁ আমিবোৰ। লেখিকা: ডাঃ মৌচুমী বৰকটকী, সাদিন।