জীৱনত মানুহে ভিন ভিন সময়ত ভিন ভিন ঘটনাৰ সন্মুখীন হ’ব পাৰে। বিভিন্ন দুৰ্ঘটনাৰ ভিতৰত জুয়ে পোৰা বা অন্য গৰম বস্তুৱে পোৰাৰ ঘটনাও অন্যতম। ভাত ৰান্ধি থাকোঁতে কেতিয়াবা হঠাতে গেছৰ জুই কাপোৰত লাগি দুৰ্ঘটনাৰ সন্মুখীন হ’ব পাৰে। মুঠতে দুৰ্ঘটনাৰ কোনো সৰু-ডাঙৰ নিৰ্ণয় কৰা অনুচিত। কিয়নো, সৰু-ডাঙৰ যিকোনো ঘটনাই আমাৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে। যিকোনো মানুহক জুয়ে বা আন গৰম দ্ৰব্যই পোৰাৰ লগে লগে প্ৰথমে জুই নিয়ন্ত্ৰণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা প্ৰয়োজন। জুয়ে অলপ পুৰিলে বুলিয়েই কেতিয়াও গুৰুত্ব নিদিয়াকৈ থকা উচিত নহয়। সামান্যভাৱে পোৰা যেন লাগিলেও এনে ঘটনাই পিছলৈ বিপদ মাতি আনিব পাৰে। জুয়ে পোৰা ৰোগীজনক চিকিৎসালয়লৈ নিয়াৰ বাবে প্ৰাথমিক ব্যৱস্থা কৰি ল’ব লাগে যাতে কোনো অসুবিধা নোহোৱাকৈ জুয়ে পোৰা ৰোগীজন চিকিৎসালয়ত উপস্থিত হ’ব পাৰে। হস্পিতাললৈ লৈ যোৱা অৱস্থাত যাতে ৰোগীৰ শৰীৰত বা জুয়ে পোৰা অংশত কোনো ধৰণৰ আঘাত নেপায়, তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। ৰোগীৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ অৱনতি হ’ব পৰা কোনো ধৰণৰ পৰিৱেশ সৃষ্টি হ’বলৈ দিব নেলাগে। জুয়ে পোৰা ৰোগীৰ চাৰিওফালে মানুহে অযথা জুম বান্ধি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰিব নেলাগে। এনে পৰিৱেশে ৰোগীৰ মানসিক অৱস্থা দুৰ্বল কৰি তোলে। কাৰোবাৰ গাত জুই লাগিলে বুলিয়েই হৈ চৈ নকৰি জুই লগা ব্যক্তিজনক ততালিকে সুৰক্ষিত মুকলি স্থানলৈ লৈ আহিব লাগে। লগতে আক্ৰান্তগৰাকীক ‘একো নহয়, ভাল হৈ যাব’ বুলি নিৰ্ভৰ তথা সাহস দিব লাগে। যদি শৰীৰত জুই লাগিছে, বৰকৈ দৌৰা দৌৰি নকৰিব। ইয়াৰ ফলত জুইৰ প্ৰকোপ বাঢ়িহে যায়। সেয়ে শৰীৰত যি কাপোৰত জুই লাগিছে, সেই কাপোৰ ফালি বা কাটি লগে লগে আঁতৰাই পেলাব লাগে। যদি সেয়া সম্ভৱ নহয়, তেন্তে কম্বলৰ দৰে ডাঠ কাপোৰ মেৰিয়াই বতাহ সোমাব নোৱাৰাকৈ জুয়ে পোৰা ব্যক্তিৰ গাত দিব লাগে। জুয়ে পোৰা আমি দুৰ্ঘটনাৰ বাবে ‘বাৰ্ণল’ এবিধ উপকাৰী মলম। ই জুয়ে পোৰা ৰোগীক বিশেষ সহায় কৰে। সেয়ে জুই নুমুৱাৰ পিছত বাৰ্ণল অথবা নাৰিকল তেল পোৰা ঠাইত কোমলকৈ সানি দিব লাগে। কিন্তু কেতিয়াও ৰোগীক বৰকৈ হেঁচা দিব নালাগে। তাৰ পিছত ৰোগীক চিকিৎসালয়লৈ নিব লাগে। জুই লগাৰ সময়ত পাৰিলে পানীৰ ব্যৱহাৰ নকৰাকৈ জুই নুমুৱাৰ চেষ্টা কৰিব লাগে। উপায়বিহীন অৱস্থাতহে পানীৰ ব্যৱহাৰ কৰিব লাগে। কিয়নো, পোৰা অংশত পানী ঢালিলে অধিক জোলা বন্ধাৰ সম্ভাৱনা থাকে। জুই লগাৰ ফলত হোৱা ঘা যদি গভীৰ হয়, তেন্তে ঘাবোৰ কোনো অভিজ্ঞ লোকে যেনেতেনে চফা কৰাৰ চেষ্টা কৰিব নালাগে। অনতিপলমে চিকিৎসকৰ ওচৰ পোৱাবলৈ চেষ্টা কৰিব লাগে। চিকিৎসকে ৰোগীৰ দায়িত্ব লোৱাৰ পিছত ৰোগীৰ পৰিয়াল বা বন্ধু-বান্ধৱে কোনো ধৰণে চিকিৎসা ব্যৱস্থাত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব নেলাগে। জুয়ে পোৰাৰ ফলত সৃষ্টি হোৱা ঘা সোনকালে শুকাবলৈ কেনে ধৰণৰ খাদ্য খাব লাগে, সেই কথা চিকিৎসক বা ডায়েটিচিয়ানৰ লগত আলোচনা কৰিব পাৰিলে ভাল। তেওঁলোকৰ পৰামৰ্শ মানি চলিলে ঘা সোনকালে নুশুকোৱাৰ কাৰণ নাথাকে। জুয়ে পোৰা অংশত কেতিয়াও মাখি, মহ আদি পৰিবলৈ দিব নালাগে। ই পোৰা অংশৰ বিষ বঢ়াইহে তুলিব পাৰে। সেয়ে জুয়ে পোৰা ৰোগীক আঁঠুৱা তৰিহে শুৱাই ৰাখিব লাগে। জুয়ে বেছিকৈ পোৰা অংশ পাৰিলে পৰিষ্কাৰ পাতল কাপোৰেৰে ঢাকি ৰাখিব লাগে। মুক্তভাৱে ৰাখিলে তাত বীজাণুৱে বাহ ল’ব পাৰে। ইয়াৰ ফলত বীজাণুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। জুয়ে পোৰা অংশ সদায় কোমল, পাতল কপাহী কাপোৰেৰে ঢাকি ৰাখিব লাগে আৰু সঘনাই ড্ৰেছিং কৰাই থাকিব লাগে। জুয়ে পোৰাৰ শাৰীৰিক চিকিৎসাৰ লগে লগে মানসিক উৎসাহ-উদ্যমৰ খুব প্ৰয়োজন। সেইবাবে ৰোগীক পৰ্যমানে উৎসাহ যোগাব লাগে। যাতে মানসিকভাৱে ভীতিগ্ৰস্ত হৈ নপৰে। ৰোগীৰ জীৱনলৈ যাতে সংকট নামি আহিব নোৱাৰে, তাৰ বাবে পদে পদে চিকিৎসকৰ পৰামৰ্শ মানি চলিব লাগে। চিকিৎসকে শুশ্ৰূষা কৰাৰ পিছত কেতিয়াও ওজা-বেজ আদিৰ সহায় লৈ কম দিনতে সুস্থ হৈ উঠাৰ মিছা প্ৰতিশ্ৰুতিত ভোল যাব নালাগে। মুঠতে জুয়ে পোৰাৰ দৰে দুৰ্ঘটনাৰ সন্মুখীন হ’ব লগা হ’লে কেতিয়াও ভয়ত বিতত নহৈ চিন্তাত হাবাথুৰি নাখাই উপযুক্ত চিকিৎসাৰ ব্যৱস্থা থকা চিকিৎসালয়ত ভৰ্তি কৰাব লাগে আৰু পাৰ্যমানে ৰোগীক সোনকালে ভাল হৈ উঠাৰ আশ্বাস দিব লাগে। শুশ্ৰূষাই ৰোগীক অতি কমদিনৰ ভিতৰতে সুস্থ কৰি তুলিব পাৰে। লেখক: দিগন্ত বৈশ্য(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)