খালী হাতে ব্যায়াম সকলো শ্ৰেণীৰ লোকে কৰিব পাৰে। সাধাৰণতে নানা কাম, যেনে- হালবোৱা, কোৰ মৰা, খৰি ফলা আদি কৰিলে শাৰীৰিক পৰিশ্ৰম হয় যদিও এইবিলাক কাম ব্যায়ামৰ লেখিয়া নহয়। ব্যায়াম কৰিলে মনসংযোগ কৰি শৰীৰৰ চৰ্চা কৰা হয়।

হাত ভৰি সঞ্চালন কৰি কৰা ব্যায়ামকে খালী হাতে কৰা ব্যায়াম বোলা হয়। যোগ ব্যায়ামো এক প্ৰকাৰৰ খালী কৰা ব্যায়াম। ব্যায়াম কৰিলে কেইটামান নিয়ম মানি চলা উচিত।

কোনো ধৰা-বন্ধা কথা নহয় যদিও বেলাটো ব্যায়াম কৰাৰ বাবে প্ৰশস্ত সময়। চাকৰিয়াল, ব্যৱসায়ী বা ছাত্ৰ-ছাত্ৰীসকলে পুৱা বেলা যথেষ্ট সময় নাপায়। গতিকে পিছ বেলাহে(আবেলি) নিজস্ব সুবিধা মতে ব্যায়াম কৰিব পাৰে।

খেলুৱৈসকলে অৰ্থাৎ ফুটবল, ভলীবল খেলাসকলে খালী হাতে কৰা ব্যায়াম কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে আবেলি খেল-ধেমালি কৰাৰ পিছত আবেলি কেইটিমান খালী হাতে ব্যায়াম কৰি বা চাৰিখন মান যোগ ব্যায়াম কৰি অলপ জিৰণি লৈ পঢ়াত বহিলে মনোযোগ বাঢ়ে আৰু পঢ়া বিষয়ো মনত থাকে।

ব্যায়াম কৰা স্থান মুক্ত বায়ু চলাচল কৰা হ’ব লাগে। নিৰ্জন পৰিৱেশ হ’লে ভাল। ব্যায়াম কৰোতে শ্বাস-প্ৰশ্বাসত কোনো কাৰণতে ব্যাঘাত জন্মিব নালাগে। ব্যায়ামৰ আচল উদ্দেশ্য হ’ব লাগে, শুদ্ধ বায়ু(অক্সিজেন) সম্পূৰ্ণকৈ গ্ৰহণ কৰি নিশ্বাসত অশুদ্ধবায়ু(কাৰ্বন-ডাই-অক্সাইড গেছ) দেহৰ পৰা এৰি দিয়া। তেতিয়াহে স্বাস্থ্যৰ উন্নতি হ’ব।

স্বাস্থ্য মানে শকত-আৱত নহয়। এক কৰ্মক্ষম নিৰোগী শৰীৰহে। আৰু মানসিক ভাবেও সদা প্ৰফুল্ল হৈ থকাটো সুস্বাস্থ্যৰ লক্ষণ। শৰীৰত চৰ্বি জমা নোহোৱাটো স্বাস্থ্যৰ লক্ষণ।

১০/১২ বছৰৰ বয়সৰ পৰা খালী হাতে ব্যায়াম কৰা ভাল। ১৫ বছৰৰ পূৰ্বে যন্ত্ৰপাতিৰ ব্যায়াম কৰিব নালাগে, ব্যায়াম কৰোতে পিন্ধা পোছাক যিয়েই নহওক, সেয়া ঢিলা হোৱা উচিত। ব্যায়াম কৰাৰ সময়ত মুখেৰে উশাহ ল’ব নালাগে। মুখেৰে উশাহ ল’লে অশুদ্ধ বায়ু শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব আৰু মুখৰ আকাৰো ব্যাঘাত হ’ব।

মাদক দ্ৰব্য সেৱন একোবাৰে নিষিদ্ধ। চিগাৰেট হোপা একেবাৰে পৰিত্যাগ কৰা উচিত। আনহাতে দিনত ঘুমতি মৰা(শোৱা) একেবাৰে বেয়া। এলাহ প্ৰধান শত্ৰু।

আহাৰ খোৱাৰ পিছত ব্যায়াম নিষিদ্ধ। অৱশ্যে ব্ৰজাসন কৰিলে উপকাৰ হয়। গধুৰ ব্যায়াম কৰাসকলে সপ্তাহত এদিন ব্যায়ামৰ পৰা অব্যাহতি লোৱা ভাল। তেতিয়া শৰীৰে জিৰণি পায়।

অলপ আহাৰ, অল্প শয়ন, সীমিত পৰিশ্ৰম স্বাস্থ্যৰ কাৰণে ঔষধ স্বৰূপ। মাহেকে-পষেকে এদিন উপবাসে থকা ভাল। তেতিয়া পাকস্থলীৰ অংগবোৰে জিৰণি পায়।

মানুহৰ এটা ভুল ধাৰণা আছে যে, ব্যায়াম কৰিলে খুব ভাল আহাৰ খাব লাগে। কিন্তু আমি খোৱা ভাত, ৰুটি, ছালাড, শাক-পাচলি, সুষম আহাৰেই যথেষ্ট। মাছ, মাংস, ঘিউ, মাখন খাব লাগে বুলি কথা নাই। শৰীৰচৰ্চা কৰাসকলৰ কথা বেলেগ। যিসকলে হাথিয়াৰ লৈ ব্যায়াম কৰে বা ভাৰ উত্তোলন কৰে, তেওঁলোকে বিশেষ আহাৰ খাব লাগে। কিন্তু সাধাৰণ জীৱন-যাপন কৰাসকলে নিয়মীয়া আহাৰ, পানী খোৱাৰ দৰে এটা দৈনন্দিন জীৱনৰ অংগ হ’ব লাগে।

আচলতে যি আহাৰ খাই মন সন্তুষ্ট হয়, সেই আহাৰেই শৰীৰৰ কাৰণে উপকাৰী। ডাক্তৰী শাস্ত্ৰমতে কিছুমান ৰোগত কিছুমান ৰোগত কিছুমান আহাৰ খোৱা নিষেধ। যেনে- বহুমূত্ৰ ৰোগীয়ে চেনি খাব নালাগে।

মুখ ৰোচক আহাৰ, যেনে- ফাষ্টফুড, মেগী, চাওমিন, শীতল পানীয় আদি শৰীৰৰ বাবে উপকাৰী নহয়।

প্ৰত্যেক ব্যায়াম শিক্ষাৰ্থীয়ে নিজৰ কিমান সময় ব্যায়াম কৰিলে শৰীৰ সুস্থতা পাব আৰু মনলৈ আনন্দ আহিব, নিজে নিৰ্দ্ধাৰণ কৰি ল’ব লাগে। মনত ৰাখিব লাগিব যে ভাগৰ লগাবলৈ ব্যায়াম কৰিব নালাগে। ব্যায়ামৰ শেষত স্নান কৰিলে যাতে শৰীৰে সুস্থ অনুভৱ কৰে সেইটোহে লক্ষ্য ৰাখিব লাগে।

অতিমাত্ৰা ব্যায়াম কৰিলেও শৰীৰৰ উপকাৰ নহয়। আজিকালি খালী হাতে ব্যায়াম কৰা নিৰ্দেশনা আৰু ছবি থকা চাৰ্ট পোৱা যায়। সেইবোৰ চাই ব্যায়াম কৰিব পাৰি। ব্যায়াম বা আসন কৰোতে উশাহ-নিশাহ নিয়ন্ত্ৰণৰ কথাও মনত ৰখা উচিত। উশাহ-নিশাহ সৰল-সহজ নহ’লে ব্যায়াম কৰা উচিত নহয়।

মানুহৰ শৰীৰ আৰু মনে সদায় পৰিৱৰ্তন বিচাৰে। বতৰৰ পৰিৱৰ্তনো ইয়াৰ প্ৰধান কাৰক। আমাৰ নিচিনা জলবায়ুৰ দেশত বতৰৰ পৰিৱৰ্তনৰ লগত মানৱ শৰীৰেও পৰিৱৰ্তন বিচাৰে।

একে খাদ্যকে যিদৰে সকলো সময়তে খাবলৈ মন নাখায়, সেইদৰে ব্যায়ামো সাল-সলনি কৰিলে উপকাৰ হয়। অৱশ্যে যোগাসন যেনে- সৰ্বাঙ্গ আসন, পদ্মাসন বা শীৰ্ষাসন সলনি কৰিব নালাগে।

সদায় ব্যায়ামৰ পিছত শৱাসন কৰিহে স্নান কৰিব লাগে। শৱাসন মানে শৰীৰটো এটা শলৈ পৰিৱৰ্তন কৰা। মনৰ পৰা সকলো চিন্তা-ভাৱনা দূৰ কৰি এক সখানুভূতি অৰ্জন কৰাটোহে ব্যায়ামৰ লক্ষ্য হোৱা উচিত। তেতিয়াহে শৰীৰৰ সকলো অঙ্গই জিৰণি পায়।

উচ্চ ৰক্তচাপত ভোগাসকলে শৱাসন কৰিলে সকাহ পাব।

লেখক: প্ৰিয়েন্দ্ৰ তামুলী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)