মোৰ বহুকেইজন পাঠকৰ একান্ত অনুৰোধত আজি উফি হোৱাৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে লিখিব ওলাইছোঁ ৷ উফিৰ সমস্যা এক বিশ্বজনীন সমস্যা ৷ বিশ্বত উফি নোহোৱাকৈ থকা কোনো এখনো দেশ নাই ৷ আমেৰিকাত প্ৰতি ৫জনৰ ভিতৰত এজন লোকৰ অৰ্থাৎ ৫০নিযুত মানুহৰ মুৰত উফি আছে ৷ ইয়াৰ বিপৰীতে আমাৰ ভাৰতবৰ্ষত প্ৰতি ৫জনৰ ভিতৰত দুজনৰ আছে উফিৰ সমস্যা - অৰ্থাৎ ই হ'ল দেশখনৰ জনসংখ্যাৰ ৪০শতাংশ ৷ ইয়াৰ ফলত দেশৰ প্ৰসাধন সামগ্ৰী বিশেষকৈ শ্বেম্পু নিৰ্মাণ কৰা কোম্পানীসমূহে বছৰি কোটি কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷ উফি বিপদজনক ৰোগ নহয় ৷ ই সংক্ৰামকো নহয় ৷ ১০বছৰৰ পৰা ২০বছৰ আয়ুসত মূৰত উফি আৰম্ভ হৈ প্ৰাপ্তবয়স্ক হোৱালৈকে থাকে আৰু কাচিৎ আজীৱনো থাকিব পাৰে ৷ শৰীৰৰ বাবে ক্ষতিকাৰক নহলেও উফি হ'ল পৰম অস্বস্তিদায়ক আৰু বহুক্ষেত্ৰত ভোক্তভোগী ব্যক্তিজন ইয়াৰ বাবে আনৰ আগত লজ্জানত হবলগীয়া হব পাৰে ৷ উফিয়ে চুলি সৌন্দৰ্য্য নষ্ট কৰাৰ ওপৰিও এনে লোকৰ চুলি বেচিকৈ সৰে ৷ কিছুমান নৱজাতকৰ মূৰত উফিহৈ মাহ বা বছেৰেক কাল থাকে- ইয়াক 'ক্ৰডল কেপ' বোলে ৷ উফি নাৰীৰ তুলনাত পুৰুষৰ মূৰত বেচিকৈ হয়, হয়তো হৰমোনজনিত কাৰণত ৷ উফি হোৱাৰ সম্ভাব্য কাৰকসমূহ : - চুলি আৰু মূৰৰ পৰিচ্ছন্নতাৰ প্ৰতি অৱহেলা - চুলি আৰু মূৰত দিনৰ পিছত দিন চাবন বা শ্বেম্পু নলগোৱা ৷ লেতেৰা,জধলা হৈ থকা ৷ মূৰত ফণি ব্যৱহাৰ নকৰা ৷ ঘামি-জামি ধূলি আৰু ধোঁৱাৰ মাজত কাম কৰি যোৱা ৷ কন্টেক্ট ডাৰ্মাটাইটিচ – এমোনিয়াযুক্ত হেয়াৰ ডাই, চুলিৰ নানাবিধ প্ৰসাধন সামগ্ৰীয়ে (যেনে জেল, স্প্ৰে, আন আন কেমিকেল পদাৰ্থ) আদিয়ে কৰা পাৰ্শ্বক্ৰিয়াৰ ফলত ৷ একজিমা- বিশেষকৈ মূৰত হোৱা একজিমা ৰোগৰ ফলত ৷ চ'ৰিয়াচিচ- এই ৰোগ হলে ৰূপালী ৰঙৰ উফি মূৰৰ ওপৰিও ছালৰ আন আক্ৰান্ত অঞ্চলত (যেনে হাত-ভৰি-বক্ষ-কৰ্ণ) চ'ৰিয়াচিচৰ সৈতে দেখা যাব পাৰে ৷ চেবৰিক ডাৰ্মাটাইটিচ - আক্ৰান্ত অঞ্চল ৰঙা বৰণৰ হয় আৰু খজুৱতি থাকে ৷ উফিৰ বৰণ হয় হালধীয়া ৷ মূৰৰ পৰা লাহে লাহে শৰীৰৰ আন ঠাইলৈ ছালৰ এই ৰোগ বিয়পে ৷ শিশুৰ চেবৰিক ডাৰ্মাটাইটিচৰ ফলত ক্ৰেডল কেপ ৰোগ হয় ৷ ফাংগাছৰ সংক্ৰমন- মালাচ্চেজিয়া (Malassezia ) নামৰ শেলুৱৈ সাধাৰণতে প্ৰতিজন লোকৰ মূৰত থাকেই ৷ কিন্তু কদাচিত সি অতি সক্ৰিয়হৈ পৰিলে মূৰৰ ছালৰ ক্ষতি সাধন কৰি উফিৰ সৃষ্টি কৰে ৷ সানমিহলি কাৰণসমূহ - শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি ) কমি যোৱা অৱস্থাৰ লোকৰ বেচিকৈ উফি হয় ৷ যেনে এইচ আই ভি আক্ৰান্ত লোক, কেন্সাৰৰ কেম'থিৰাপি লোৱা ব্যক্তি ৷ হৰমোনৰ অসন্তোলন ঘটিলে, ৰাগিয়াল দ্ৰব্য বা ড্ৰাগচত আসক্ত লোক ৷ মূৰত পৰাশ্ৰয়ী জীৱ যেনে ওকনিৰ সংক্ৰমন ঘটিলে ৷ বতৰৰ প্ৰভাৱ- অতিমাত্ৰা শীতৰ দিনত গৰম বায়ুৰ দীৰ্ঘসময় সেৱনৰ ফলত ছালত কুপ্ৰভাৱ পৰিলে ৷ ঘাম, ধূলিৰ প্ৰলেপ মূৰৰ চুলিত হব পৰা বাতাবৰণত কৰ্মৰত থকা লোকৰ মূৰত উফি সহজতে হয় ৷ মূৰত অতিমাত্ৰা তেল ঘঁহা বা সমূলি তেলৰ ব্যৱহাৰ নকৰা লোকৰ মূৰত উফি হয় ৷ তীব্ৰ ৰ'দত বেচি সময় থকাৰ অপকাৰী প্ৰভাৱৰ ফলত উফি হয় ৷ পৰিপুষ্টিৰ অভাৱ, শাৰীৰিক-মানসিক ষ্ট্ৰেচৰ আধিক্য উফি হোৱাৰ সম্ভাব্য কাৰণৰ ভিতৰত পৰে ৷ কিছুমান স্নায়ুজনিত ৰোগীৰ বেচিকৈ উফি হোৱা চকুত পৰে ৷ যেনে পাৰকিনচনিজমৰ ৰোগী ৷ লক্ষণসমূহ আৰু চিনাক্তকৰন : - উফিৰ চিনাক্তকৰণ তেনেই সহজ ৷ বগা, ৰূপালী বা হালধীয়া বৰণৰ উফি ভুক্তভোগীৰ মূৰৰ চুলিত বা কান্ধত পৰি থকা অনায়াসে চকুত পৰে ৷ বেচি উফি হোৱা মূৰৰ চুলিও বেচিকৈ সৰে ৷ মূৰৰ খজুৱতি হয় ৷ মূৰৰ ছালহৈ পৰে শুষ্ক ৷ মূৰৰ বিষ, গধুৰ লগা বা আন অস্বস্তি অনুভৱ হব পাৰে ৷ মূৰৰ চুলিত ওকনি আছে যদি তাৰো বিনাশ কৰিব লাগিব ৷ মূৰৰ ওপৰৰ ছালৰ পৰা মৃত কোষ নিৰ্গত হোৱাতো এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ কিন্তু উফি সৃষ্টি হবৰ সময়ত সেই গতি ক্ষিপ্ৰতৰ হৈ পৰে ৷ এনে হোৱাৰ কাৰণ ছালৰ শুষ্কতা, উল্লেখ কৰি অহা চৰ্মৰোগ, চুলিত প্ৰয়োগ কৰা ৰাসায়নিকৰ কুপ্ৰভাৱ আদি হব পাৰে ৷ প্ৰতিকাৰৰ উপায়সমূহ : - মূৰত উফি ধৰা পৰিলে পোনতে ২৷ ৩ সপ্তাহ সাধাৰণ শ্বেম্পু সঘনাই (সপ্তাহত ৪৷ ৫দিন) ব্যৱহাৰ কৰি চাব লাগে ৷ এই ব্যৱস্থাৰ দ্বাৰা উপকৃত নহলে চিকিৎসকৰ কাষ চাপিব লাগে ৷ চিকিৎসকে ব্যৱহাৰ কৰিব দিয়া শ্বেম্পু নিম্নলিখিত পদাৰ্থযুক্ত হব পাৰে : - জিংক পাইৰিথিয়ন - এন্টিফাংগেল- এন্টিবেক্টেৰিয়েল গুণযুক্ত চেলিচাইলিক এচিড - চ'ৰিয়াচিচ ৰোগ আৰ শেলুৱৈ ৰোগৰ চিকিৎসাত উপযোগী চেলনিয়াম চালফাইড- মালাচ্চেজিয়া বিনষ্টকাৰী ক'ল টাৰ - চ'ৰিয়াচিচ আৰ চেবৰিক ডাৰ্মাটাইটিচত বেচি উপযোগী কিটো-কনাজল- এন্টিফাংগেল গুণযুক্ত দুটি জানিবলগীয়া উপযোগী কৌশল : - টি-ট্ৰি অইল- ইয়াৰ কেইটোপালমান সাধাৰণ শ্বেম্পুৰ সৈতে মিহলাই মূৰ ধুলে উফিৰ বিনাশ হব ৷ টি-ট্ৰি অইলৰ বাহ্যিক প্ৰয়োগ একজিমা, চ'ৰয়াচিচ, কৰ্নকে ধৰি অনেক চৰ্মৰোগত ব্যৱহৃত হয় ৷ দুটি ডিচপ্ৰিন টবলেট পানীত গুলি সাধাৰণ শ্বেম্পুৰ সৈতে মিহলাই মূৰ ধুলে চেলিাইলিক এচিডযুক্ত শ্বেম্পুৰ সমানে উপকৃত হব ৷ চিকিৎসাকাল - এমাহ বা ততোধিক সময় ৷ মূৰ ধোৱাৰ আগতে চিকিৎসকে কোৱা শ্বেম্পু বিধ ১০ মিনিটমান সময় মূৰত সানি থব লাগে ৷ তাৰ পিছতহে খচি খচি মূৰ ধুব ৷ মজলীয়া পৰিমানৰ উফিত এদিন বাদে এদিন এইদৰে মূৰ ধুলেও হব ৷ অন্যান্য ব্যৱস্থাৱলী- শাক-পাচলি, ফলমূল আৰু সন্তুলিত আহাৰ খাব ৷ নিতৌ ব্যায়াম কৰিব ৷ ৰাগিয়াল দ্ৰব্যৰ সংগ পৰিহাৰ কৰিব ৷ এতিয়া ঘৰুৱা দিহা কেইটিমান জানি থওক : - কমেও আধা ঘন্টা সময় নিম্নলিখিত সহজলব্ধ উপকৰণ চুলিত দুসপ্তাহ বা অধিক সময় প্ৰয়োগ কৰিলে উফিৰ পৰা পৰিত্ৰাণ পাব বুলি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত উল্লেখ আছে : কেঁচা এলোভেৰা ৰাতি ভিজোৱা মেঠি পিচা নিমপাত পিচা দৈ + বেচনৰ মিশ্ৰণ নেমুৰ ৰস + নাৰিকল তেলৰ মিশ্ৰণ নেমুৰ ৰস + নহৰু পিচা তুলসী পাত + আমলখি পিচা শিশুৰ ক্ৰডল কেপৰ চিকিৎসা – ই সিমান চিন্তনীয় বিষয় নহয় ৷ ক্ৰমে দিন পাৰ যোৱাৰ লগে লগে নিজে নিজে এবছৰৰ ভিতৰত আৰোগ্যৰ পথলৈ আহে ৷ ই হ'ল মাতৃৰ শৰীৰৰ পৰা নৱজাতকৰ শৰীৰলৈ অহা হৰমোনৰ আধিক্যৰ ফলত দেখা দিয়া চেবৰিক ডাৰ্মাটাইটিচ ৷ শিশুৰ মূৰত অলিভ অইলৰ মালিচ আৰু মাজে মাজে বেবী শ্বেম্পুৰে মূৰ ধোৱাৰ যতনখিনিয়েই যথেষ্ট ৷ লেখক:ডা০ ভূপেন শইকীয়া,অসমীয়াত কথা বতৰা