নিয়মিতভাৱে ‘ছুপাৰ পিল’ সেৱন কৰি বিশ্বৰ কোটি কোটি হৃদৰোগীক হৃদৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব। শেহতীয়া এক গৱেষণাত এই আশা সঞ্চাৰিত হৈছে। গৱেষকৰ মতে কাৰ্ডিঅ’-ভাছকুলাৰ ৰোগৰ ক্ষেত্ৰত ‘পলীপিল’ৰ ব্যৱহাৰে ৰোগীক আৰোগ্য কৰাত বিশেষ সহায় কৰাৰ উমান পোৱা গৈছে। এই পিলৰ দ্বাৰা প্ৰতি চাৰিজন ৰোগীৰ ভিতৰত এজন ৰোগীৰ ৰক্তচাপ আৰু কলেষ্টৰেলৰ যথেষ্ট উন্নতি হোৱা দেখা গৈছে। অলপতে অনুষ্ঠিত হৈ যোৱা ৱৰ্লড্ হাৰ্ট ফেডাৰেছনৰ ৱৰ্লড্ কংগ্ৰেছত এই তথ্য প্ৰকাশ কৰা হৈছে। সাধাৰণ চিকিৎসা সেৱাৰ তুলনাত ‘পলীপিল’ সেৱন কৰি থকা সকলৰ হৃদৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থা হোৱাৰ সম্ভাৱনা যথেষ্ট কম হোৱা দেখা গৈছে। ‘পলীপিল হৈছে সাধাৰণতে ৰক্ত চাপ আৰু কলেষ্টৰেল কমাবলৈ ব্যৱহাৰ কৰা দৰবৰ সমষ্টি। য’ত এছপিৰিণ সংযুক্ত হৈছে। যিয়ে কাৰ্ডিঅ’ভাছকুলাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ ‘দ্য জৰ্জ ইনষ্টিটিউড ফৰ গ্লবেল হেল্থত এই পৰীক্ষা সম্পন্ন কৰা হৈছে। ইউৰোপ, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ ৩,১৪০ গৰাকী ৰোগীৰ ক্ষেত্ৰত এই পিল সেৱন কৰাই পৰীক্ষা কৰা হৈছিল। দেখা গৈছিল্ যে পলীপিল সেৱন কৰাৰ এবছৰৰ ভিতৰত ৪৩ শতাংশ ৰোগীয়ে যথেষ্ট আৰোগ্য লাভ কৰিছিল। ৰক্তচাপ আৰু কলেষ্ট্ৰৰেল দুয়োটায়েই উল্লেখজনকভাৱে নিয়ন্ত্ৰণৰ ভিতৰলৈ আহিছিল। উল্লেখ্য, হৃদৰোগত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে মৃত্যু হয় প্ৰায় ১৭.৩ নিযুত লোক। অদূৰ ভৱিষ্যতেও এই ৰোগ বিশ্বৰ অন্যতম মৃত্যুদুত হিচাপে থকাৰ সম্ভাৱনা আছে। এই ছুপাৰপিলৰ উদ্ভাৱনে অতি কম খৰচৰ বিনিময়ত হৃদৰোগীক মৃত্যুৰ দুৱাৰদলিত যোৱাৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হ’ব বুলি গৱেষকসকলে আশা কৰিছে। লিখকঃ অমৰজ্যোতি ভূঞা, দৈনিক অসম