প্ৰত্যেক মানুহে হাত দুখন খুব সুন্দৰকৈ ৰাখিব বিচাৰে। নিজৰ হাত দুখনি কোমল, মসৃণ কৰি ৰাখিব বিচাৰে। হাত দুখন কেনেকৈ নো ধুনীয়া কৰি ৰাখিব পাৰি সেই বিষয়ে তলত কিছুমান কিটিপ দিয়া হ’ল: কিলাকুটিটো ধুনীয়াকৈ ৰাখিবলৈ নেমুটেঙা নিমখৰ সৈতে ঘঁহিব লাগে। তেতিয়া কিলাকুটিটোৰ স্বাভাৱিক ৰঙলৈ পৰিৱৰ্তন হ’ব। গা ধোৱাৰ আগতে গোটেই শৰীৰত বিশেষকৈ হাত দুখনত অলিভ অইলেৰে নিতৌ মালিচ কৰিব লাগে। হাত দুখন মসৃণ আৰু কোমল কৰিবলৈ কণীৰ বগা অংশ, মৌ জোল আৰু নেমুৰ ৰস মিহলাই লগাব লাগে। নেমুৰ ৰস, গ্লিছাৰিণ, গোলাপ জল সমপৰিমাণত মিহলাই বটলত ভৰাই থ’ব লাগে। আৰু পুৱা গধূলি এবাৰ এবাৰ লগাব লাগে। হাত দুখন মসৃণ কৰি ৰাখিবলৈ কিবা কাম কৰি উঠাৰ পিছত ময়শ্বাৰাইজাৰ লগাব লাগে। হাত খন কুহুমীয়া পানীৰে ধুই লৈ এক চামুচ গাখীৰৰ সৰ আৰু নেমুটেঙাৰ ৰসৰ লগত মিহলাই হাত দুখন ভালদৰে মালিচ কৰিব লাগে। চেনি আৰু নিমখৰ মিশ্ৰণ নেমুৰ বাকলিৰে সদায় কিলাকুটিত ঘঁহিব লাগে। এনে কৰিলে কিলাকুটি কোমল আৰু পৰিষ্কাৰ দেখিবলৈ ধুনীয়া হয়। মচুৰ দাইলৰ গুড়ি কৰি গাখীৰৰ সৰৰ লগত মিহলাই লগালে কিলাকুটিৰ স্বাভাৱিক ৰং ঘূৰি আহে। লেখিকা: মঞ্জু বৰা।