হতাশা এক ধৰনৰ মানসিক অবস্থা। যেতিয়া এজন ব্যক্তিয়ে জীবনৰ প্রতি সকলো আগ্রহ হেৰুৱাই পেলাই, নিৰাশাই আৱৰি ধৰে , নিজৰ সম্বন্ধে, অন্যৰ সম্বন্ধে, আনকি সমগ্র পৃথিবী সম্পর্কে নেতিবাচক ধাৰণা পোষণ কৰে আৰু এই অবস্থা যদি অন্ততঃ ১৫ দিন বা তাৰ বেছি সময় ধৰি চলে , তেতিয়া তাকে হতাশা বোলে। হতাশা বাঢ়ি বাঢ়ি পিছলৈ বিষণ্ণতালৈ গতি কৰে।

আচলতে হতাশা এটি স্বাভাবিক প্রক্রিয়া। এনেকুৱা স্বাভাৱিকতে হব পাৰে । কিন্তু সমস্যা হয় তেতিয়া যেতিয়া এই হতাশাক আতৰাবলৈ এজন ব্যক্তিয়ে নিজৰ মনৰ লগতেই যুদ্ধ কৰিব লগীয়া হয়।

হতাশা কিয় হয়?

দীর্ঘদিন ধৰি নেতিবাচক অবস্থাৰ মাজেৰে গলে মানুহৰ হতাশা আৰম্ভ হব পাৰে ।

কিছুমান লোকৰ ব্যক্তিত্বই নেতিবাচক থাকে। তেওঁলোকে হতাশবোধ কৰে ।

সমস্যাৰ সন্মুখীন হোৱাৰ দক্ষতা কম থাকিলে ভয় সোমাই হতাশ হৈ পৰে ।

কিছুমানৰ মনৰ চিন্তাৰ ত্রুটি থাকে। কোনো কোনো ঘটনাত তেওঁ ব্যর্থ হলে, তেওঁ ভাবে গোটেই জীবন ব্যৰ্থতাই আহিব। এবাৰ এটা কাম নোৱাৰিলে তৎক্ষণাত উপসংহাৰ মনলৈ আহি যায়, ভাবে আৰু জীৱনত একো নহব। এইবোৰ ভাৱনাই তেওঁক হতাশ কৰে।

বহুতে তুচ্ছ ঘটনাক বহু ডাঙৰকৈ মনত সুমুৱাই লয়। আৰু এইবোৰ ভাবি ভাবি হতাশাৰ সাগৰত ডুব যায়।

কেতিয়াবা কেতিয়াবা একাকীত্ব অৰ্থাৎ অকলশৰীয়া হলে মানুহে হতাশাবোধ কৰে ।

অনুভূতি শ্বেয়াৰ কৰিবৰ বাবে কাকো নাপালে, পাৰিবাৰিক সাহায্য নাথাকিলে, মানুহ হতাশ হৈ যায়।

পৰিয়ালৰ ফালৰ পৰা যদি অনবৰত দোষাৰোপ কৰি থাকে, বিপদত পৰিলে ব্যক্তিজনক সাহায্য নকৰে , তেতিয়া ব্যক্তিজনৰ মনত আত্মবিশ্বাসৰ অভাৱ হয়, তেওঁৰ কোনো কথাতেই উদ্যম নোহোৱা হয় আৰু হতাশ হয়।

বহু সময়ত কৰমহীনতাই মানুহক হতাশ কৰে ।

অর্থনৈতিক অসুবিধাৰ কাৰণে মানুহ হতাশ হয়।

সম্পর্কৰ উত্থান পতনৰ কাৰণেও বহু সময় মানুহ হতাশ হৈ পৰে।

পঢ়া শুনাৰ ক্ষেত্ৰত অকৃতকাৰ্যতাৰ বাবেও মানুহ হতাশ হয়।

হতাশ হলে ব্যক্তি এজনৰ যিবিলাক সমস্যা (লক্ষণ) দেখা দিয়ে

ব্যক্তিজনে মন মাৰি বহি থাকে।

কোনো বিষয়তে আনন্দ বিচাৰি নাপায়।

মনোযোগৰ অভাব হয়।

টোপনি কমি যায় ।

খোৱা বোৱাৰ সমস্যা হব ধৰে।

আবেগৰ তাৰতম্য হয় ।

শৰীৰ দুর্বল লাগে।

মূৰ ঘুৰণি হয়।

পেটৰ অসুখ হৈ থাকে ।

কাম কাজৰ গতি কমি যায়।

ব্যক্তিজন অন্যমনষ্ক হৈ থাকে।

নিজকে অান লোকৰ ওচৰৰ পৰা আতৰাই ৰাখি ভাল পায়।

কেনেকৈ হতাশা আতৰাব পাৰি -

হতাশা দূৰ কৰিবলৈ হলে,আচৰণ আৰু চিন্তাৰ পরিবর্তন কৰিব লাগিব । জোৰকৈ কাম কাজত মন দিব লাগে । আনন্দদায়ক কাম বেছিকৈ কৰিব লাগিব । ইয়াৰোপৰি হতাশা আতৰাবলৈ আৰু যি কৰিব পাৰে সেইবোৰ হল:

প্ৰানায়াম কৰা ভাল ।

কোপিং কার্ড ব্যবহাৰ কৰিব পাৰি । এখন কার্ডত ইতিবাচক কথা লিখি সন্মুখত ৰাখিব লাগে। যেনে লিখক: এই অবস্থাৰ পৰা অবশ্যই মোৰ মুক্তি হব। সমস্যাবিলাকৰ এটা ভাল সমাধান হবই ইত্যাদি।

আত্মবিশ্লষণ কৰি নিজৰ ভাল দিশবিলাকৰ এখন তালিকা বনাই লওক। সেই দিনবিলাকৰ প্রতি নিজকে আকৃষ্ট কৰক। দেখা যায় এনেকুৱা কৰিলে আত্মবিশ্বাস বৃদ্ধি পায়। আৰু যিটো দিশৰ অভাৱত , হতাশ বোধ কৰিছে সেইটো থিক কৰাৰ চেষ্টা কৰিব লাগে।

সদায় নেতিবাচক চিন্তা নকৰি ইতিবাচক চিন্তা কৰিব লাগে।

চিন্তাৰ ত্ৰুটিৰ পৰা বাহিৰ হোৱাৰ বাবে must, should – এইবিলাক শব্দ এৰি চলা ভাল ।

যদি হতাশাৰ কাৰণ পৰিয়ালৰ কোনো সদস্যৰ আচৰণ হয়, তেতিয়া তেওঁলোকৰ লগত কথা পাতিব লাগিব। সমস্যা লৈ আলোচনা কৰিলে ভাল হয়।

নিজকে অকলশৰীয়া কৰি নেপেলাই সমাজৰ লোকসকলৰ লগত জড়িত হব লাগে। মানুহৰ লগত হাঁহি ধেমালি কৰিব লাগে।

মই এই সমস্যা অতিক্রম কৰিমেই । এই ধৰণৰ এটি মানসিক শক্তি লাহে লাহে নিজৰ মনলৈ আনি লব লাগে।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ