আধুনিক চিকিৎসা বিজ্ঞানৰ পাৰ্শ্বক্ৰিয়াযুক্ত প্ৰভাৱে মানুহক যোগ চিকিৎসাৰ পিনে ধাৱমান হ’বলৈ বাধ্য কৰিছে। যোগ চিকিৎসাৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে আসন। ধ্যানাসন, স্বাস্থ্যাসন আৰু বিশ্ৰামাসন এই তিনিপ্ৰকাৰৰ আসনৰ দ্বাৰা বিভিন্ন ৰোগ নিৰাময় কৰা হয়। মধুমেহ, মেদবহুলতা, উচ্চৰক্তচাপ, অনিদ্ৰা আদি বিভিন্ন ৰোগ নিৰাময় কৰা হয়। মধুমেহ, মেদবহুলতা, উচ্চ ৰক্তচাপ, অনিদ্ৰা আদি বিভিন্ন দৈহিক বিকাৰৰ সমাধান সূত্ৰ যোগত নিহিত হৈ আছে। তথৈবচ মানসিক উদ্বিগ্নতা, হতাশাগ্ৰস্ততা, উন্মাদ আদি মানসিক বিকৰৰো ফলপ্ৰসূ সমাধান আসনে দিব পাৰে। হাঁওফাওঁৰ দুৰ্বলতা, মৃগীৰোগ আদিৰ বাবে বিভিন্ন আসনে সুফল প্ৰদান কৰাৰ সম্বন্ধেও আমি অৱগত। যোগ চিকিৎসাৰ কঁকালৰ বিষ, মেদবহুলতা, ৰাজহাড়ৰ সমস্যাৰ বাবে অৰ্ধকটি চক্ৰাসন, ত্ৰিকোণাসন আদি আসন ব্যৱহাৰ কৰা হয়। হজম আৰু পাচন সম্বন্ধীয় বিভিন্ন বিকাৰৰ দূৰীকৰণৰ বাবে উত্থিত পদ্মাসন, ভদ্ৰাসন, বজ্ৰাসন আদি নানা আসনৰ প্ৰয়োজন হয়। মধুমেহৰ দৰে জ্বলন্ত সমস্যাৰ আশু সমাধানৰ দিশত বিভিন্ন আসনে শক্তিশালী প্ৰভাৱ পেলায়। সৰ্বাংগাসন, ধনুৰসান, পশ্চিমোত্তানাসন আদিবোৰ হৈছে ইয়াৰ ভিতৰত অন্যতম। সাম্প্ৰতিক সময়ত থাইৰয়েডজনিত অসুস্থতাই মানুহক প্ৰবলভাৱে গ্ৰাস কৰা দেখা গৈছে। থাইৰয়েডজনিত অসুস্থতা দুই ধৰণৰ:

১)হাইপাৰ থাইৰয়ডিজম আৰু

২)হাইপ’থাইৰডডিজম।

দুয়োধৰণৰ সমস্যা সমাধানৰ বাবে যোগ চিকিৎসাত নানা আসনৰ নিৰ্দেশনা দিয়া হৈছে, যেনে- সৰ্বাংসন, বিপৰীতকৰণী, হলাসন, মৎস্যাসন, সূৰ্য নমস্কাৰ, শীৰ্ষাসন, ধনুৰাসন আদি।

আসনৰ দৰে প্ৰাণায়ামো যোগ চিকিৎসাৰ অভিন্ন অংগ। বিভিন্ন যৌগিক গৱেষণাত প্ৰকাশ পাইছে যে দৈনিক প্ৰাণায়ামৰ অভ্যাস কৰা ব্যক্তিৰ দৈহিক, মানসিক শক্তি আন ব্যক্তিৰ তুলনাত বহুগুণে অধিক।

প্ৰাণায়াম:

প্ৰাণ হৈছে জীৱনৰ আধাৰ। দেহস্থ বায়ুবিলাক নিয়ন্ত্ৰণ কৰি ইন্দ্ৰিয় সংযমৰ জৰিয়তে সুস্বাস্থ্য লাভৰ প্ৰচেষ্টাক যোগ বিজ্ঞানত প্ৰাণায়াম বুলি কোৱা হয়।

সৰল অৰ্থত প্ৰাণৰ নিয়ন্ত্ৰণকেই প্ৰাণায়াম বুলি কোৱা হয়। অন্নময় কোষৰ পৰা আৰম্ভ কৰি প্ৰাণময় কোষ আদি জড় দেহত বিভিন্ন স্তৰত প্ৰাণায়ামৰ ভূমিকা অপৰিসীম। যোগ চিকিৎসাৰ এক অভিন্ন অংগ হিচাপে প্ৰাণায়ামে মানৱ স্বাস্থ্যৰ প্ৰায় সকলো দৈহিক-মানসিক বিকাৰ দূৰ কৰিব পাৰে। অক্সিজেনৰ অভাৱজনিত ৰোগ, বেমাৰ প্ৰতিৰোধ শক্তি আদি কমি যোৱা আদি ব্যাধি দূৰ কৰিবৰ কাৰণে প্ৰাণায়াম সৰ্বোৎকৃষ্ট মাধ্যম। মানসিক বিকাশৰ প্ৰতিটো স্তৰতে প্ৰাণায়ামৰ ভূমিকা অপৰিসীম। শ্বাস-প্ৰশ্বাসজনিত সমস্যা, মানসিক দুশ্চিন্তা, মধুমেহ আদি ৰোগ নিৰাময়ৰ বাবে প্ৰাণায়াম মহৌষধ স্বৰূপ।

লেখক: ভাৰ্গৱ কলিতা(নিয়মীয়া বাৰ্তা)