গ্ৰীষ্মৰ সময়ছোৱাত স্বাস্থ্যৰ যতন লোৱাটো প্ৰয়োজন। সেয়ে এই সময়কণত শৰীৰটো সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ আগবঢ়োৱা হৈছে কেইটিমান টিপ্ছ-

প্ৰতিদিনে পুৱা দিনটোৰ আৰম্ভণি কৰক এবিধ পুষ্টিকৰ সুষম আহাৰেৰে। ব্ৰেকফাষ্টত সতেজ ফল-মূল, ফলৰ ৰস, বাদাম, কম তেলযুক্ত পৰঠা, কণী, কৰ্ণফ্লেক্স আদি অন্তৰ্ভুক্ত কৰিব পাৰে। বেছি মছলাজাতীয় খাদ্য গ্ৰহণ নকৰিব।

গ্ৰীষ্মৰ সময়ছোৱাত শৰীৰটো শীতল কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

এই সময়ছোৱাত দিনৰ ভাগত স্কুল, কলেজ, কৰ্মক্ষেত্ৰ বা অন্য কামত বাহিৰলৈ ওলাওঁতে ছাতি ব্যৱহাৰ কৰা উচিত। ই আপোনাৰ ছালখনক ৰ’দৰ লগতে সূৰ্য্যৰ ক্ষতিকৰ ৰশ্মিৰ পৰা কিছু প্ৰতিৰক্ষা প্ৰদান কৰিব।

দিনৰ সময়ছোৱাত বাহিৰলৈ ওলাই যাওঁতে নিতৌ ছানস্ক্ৰীন ব্যৱহাৰ কৰিব। ঘৰৰ পৰা ওলোৱাৰ ১৫ মিনিট আগতে ছালত ছানস্ক্ৰীন ব্যৱহাৰ কৰা প্ৰয়োজন।

নিতৌ আপোনাৰ ছালখনত উন্নত মানৰ ফেচৱাছ আৰু ময়শ্বাৰাইজাৰ লগাব।

এই সময়ছোৱাত আপোনাৰ শৰীৰটো সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখিবলৈ ফাষ্টফুড, বেছি মছলাজাতীয় খাদ্য পৰাপক্ষত পৰিহাৰ কৰক। যি আপোনাৰ স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক।

লেখিকাঃ স্বপ্না দেৱী

উৎস: খবৰ