ভাল টোপনিৰ নিয়ম -

১)দিনত বেছি সময় নুশুব।

২)চাহ, কফী আদি বেছিকৈ নাখাব। সন্ধিয়াৰ পৰা পনীয়া আহাৰ কমকৈ খাব, যাতে ৰাতি প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ ফলত টোপনিত ব্যাঘাত নজন্মে।

৩)শোৱা কোঠাৰ পৰিৱেশ নিদ্ৰানুকূল কৰিবলৈ চেষ্টা কৰিব।

৪)অনিদ্ৰাৰ সমস্যা থাকিলে কুহুমীয়া গৰম পানীৰে গা ধুই এগিলাচ অলপ গৰম গাখীৰ খাব পাৰে।

৫)মহৰ আমনি থাকিলে আঁঠুৱা তৰি ল’ব।

৬)চিঞৰ-বাখৰ, কোলাহল শোৱাৰ সময়ত অবাঞ্ছিত, চিনেমা বা উচ্চ স্বৰৰ সংগীত শুনি লগে লগে টোপনি মাৰিবলৈ চেষ্টা নকৰিব। প্ৰথমে মনটো শান্ত কৰিহে টোপনি মাৰিবলৈ চেষ্টা কৰিব।

৭)শোৱা কোঠা আৰামদায়ক, বাতানুকূল আৰু কোমল পোহৰ হোৱা বাঞ্ছনীয়।

৮)শোৱাৰ সময় নিৰ্দিষ্ট কৰক।

পিঠিৰ বিষ নোহোৱা কৰিবলৈ -

*চকীত বহি থাকোতে গাটো ইফালে-সিফালে ঘূৰাই নাথাকিব বা শৰীৰটো অস্বাভাৱিকভাৱে বেঁকা নকৰিব।

*বহি থাকোঁতে ভৰি দুখন মজিয়া স্পৰ্শ কৰিব পাৰে। প্ৰয়োজন হ’লে কুছন বা ভৰি থ’বলৈ পীৰাজাতীয় সঁজুলি ব্যৱহাৰ কৰিব পাৰে। একেটা ভংগীতে বেছি সময় বহি নাথাকিব। মাজে মাজে থিয় হৈ গাটো লৰচৰ কৰি থাকিব।

*আপুনি মটৰ গাড়ী বা চকীত য’তেই বহি নাথাকক কিয়, মাজে মাজে ভৰি দুখন আৰু পিঠিখন প্ৰসাৰিত কৰি থাকিব। সেইটো কৰি থাকিলে পিঠিৰ বিষৰ পৰা এৰাই চলিব পাৰিব।

*পিছফালৰ পকেটত শকত বস্তু নাৰাখিব। পিঠিৰে টোপোলা বা মোনা কঢ়িয়াওঁতে সেইটো কিমান গধুৰ তাৰ প্ৰতি নজৰ ৰাখিব। বেছি গধুৰ হ’লে শৰীৰৰ লগত ভাৰসাম্য ৰাখি পিঠিত ওজনটো ল’ব। চাব যাতে ওজন লোৱা ঠাই টুকুৰা লৰচৰ হৈ নাথাকে।

শিশু আৰু টেলিভিছন -

যিসকল শিশুৱে টেলিভিছন বেছিকৈ চায়, তেওঁলোকৰ এনে অভ্যাস আঁতৰাব লাগে। বেছিকৈ টেলিভিছনৰ অনুষ্ঠানসমূহ চোৱা শিশুৰ মাজত অপৰাধপ্ৰৱণতা আৰু অসামাজিক আচৰণে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বেছি। এই তথ্য সদৰী কৰিছে নিউজিলেণ্ডৰ অটাৰ্গ বিশ্ববিদ্যালয়ৰ গৱেষক ডাঃ লিণ্ডছ ৰবাৰ্টছনে। গৱেসকগৰাকীয়ে প্ৰায় এহাজাৰ শিশুৰ ওপৰত অধ্যয়ন চলাই এই তথ্য প্ৰকাশ কৰিছে। গৱেষণাত অৱশ্যে শিশুসকলে টিভি চোৱাৰ ধৰণ, অনুষ্ঠান আদিকো সামৰি লোৱা হৈছিল। তেখেতে লগতে উল্লেখ কৰে যে টিভি বেছিকৈ চোৱা শিশুৰ ব্যৱহাৰ লাহে লাহে খিংখিঙীয়া হৈ পৰে। তেওঁলোকৰ মনত নেতিবাচক কথাবোৰে প্ৰভাৱ বিস্তাৰ কৰে। গৱেষকগৰাকীৰ মতে পিতৃ-মাতৃয়ে শিশুক বিশেষকৈ ৫-১৫ বছৰৰ ল’ৰা-ছোৱালীক নিৰ্বাচিত অনুষ্ঠানবোৰহে প্ৰায়(দৈনিক) এক-ডেৰ ঘন্টাৰ কাৰণে চাবলৈ দিছে। আপোনাৰ শিশুটিৰ মনৰ পৰা মানসিক চাপ, অপৰাধপ্ৰৱণতাৰ ভাব মুক্ত কৰিবলৈ টিভি চোৱাৰ অভ্যাস কমাওক।

সুস্থ জীৱনৰ পাঁচটা নিয়ম -

১)খাদ্য তালিকাত সেউজীয়া শাক-পাচলিৰ লগত ফলমূল অন্তৰ্ভূক্ত কৰিব লাগে। কিয়নো এনে ধৰণৰ সুষম খাদ্যইহে সুস্বাস্থ্য ৰক্ষাত সহায় কৰে। ফাষ্ট ফুড, জাংক ফুডজাতীয় খাদ্য যিমান পাৰে কমাই খাওক। ডায়েবেটিছ ৰোগীয়ে তেজত শৰ্কৰাৰ পৰিমাণ খাদ্যৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ চেষ্টা কৰিব। প্ৰয়োজনত ঔষধ ল’বলৈ এলাহ নকৰিব। মনত ৰাখিব চিকিৎসকৰ পৰামৰ্শ অপৰিহাৰ্য।

২)নিতৌ প্ৰচুৰ পৰিমাণে পানী খাওক। এজন ব্যক্তিৰ ওজন, উচ্চতা, শ্ৰমৰ ওপৰত পানীৰ পৰিমাণ নিৰ্ভৰ কৰে। তেনে নিয়ম পালন কৰিবলৈ চেষ্টা কৰক। নতুন স্বাস্থ্য নীতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। আপুনি ‘নাজানো’ এই শব্দটোৰ সলনি ‘শিকি ল’ম’ এই মনোভাবেৰে জ্ঞান বঢ়াওক।

৩)সমস্যা সকলোৰে থাকে। সমস্যা এৰাই চলিব নোৱাৰে। সমস্যাৰ লগত যুঁজিবলৈ মানসিক বল গোটাওক। অৱসাদগ্ৰস্ততাত ভুগিবলৈ নাযাব। অন্যথা মনলৈ নেতিবাচক চিন্ত বেছিকৈ আহিব।

৪)স্বাস্থ্য পৰীক্ষা কৰিবলৈ নাপাহৰিব। এনে অভ্যাসে ৰোগৰ পৰা আঁতৰত ৰাখে।

৫)শৈশৱৰে পৰা ব্যায়াম কৰাৰ অভ্যাস গঢ়িব লাগে। কাৰণ নিয়মীয়াকৈ ব্যায়াম কৰিলে শৰীৰে স্বাভাৱিকভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।

উৎস: নিয়মীয়া বাৰ্তা