যোৱা ২৬ বছৰত ৫০ শতাংশ বৃদ্ধি ষ্ট্ৰোক-হৃদৰোগীৰ সংখ্যা - ‘ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ’(ICMR) নামৰ প্ৰতিষ্ঠানটোৱে দেশৰ আন কেবাটাও সংস্থাৰ সৈতে যুটীয়াভাৱে ভাৰতীয়ৰ স্বাস্থ্যৰ ওপৰত এক অনুসন্ধানৰ প্ৰতিবেদন ‘লেনচেট’ নামৰ জাৰ্ণেলখনত বিস্তাৰিতভাৱে প্ৰকাশ পাইছে। এই সমীক্ষা মতে জীৱনশৈলীৰ সৈতে জড়িত পাঁচবিধ অসংক্ৰামক ৰোগত প্ৰতি বছৰে মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক। এই ৰোগবিলাকৰ ভিতৰত হৃদৰোগ আৰু ধমনীৰ ৰোগ, ডায়েবেটিছ, কেন্সাৰ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হাঁপানি আৰু হাওঁফাওঁৰ ৰোগ অন্যতম। ১৯৯০ চনৰ পৰা ২০১৬ চনলৈকে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগত ভোগা ৰোগীৰ সংখ্যা ৫০ শতাংশলৈকে বৃদ্ধি পাইছে। এই ২৬ টা বছৰৰ ভিতৰত ডায়েবেটিছ ৰোগীৰ সংখ্যা ২ কোটি ৬০ লাখৰ পৰা বাঢ়ি গৈ বৰ্তমান ৬ কোটি ৪০ লাখ হৈছেগৈ। শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগা ৰোগীৰ সংখ্যা পূৰ্বৰ ৩ কোটিৰ পৰা ৫ কোটিলৈ বৃদ্ধি পাইছে। তেনেদৰে এইবিলাক ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যাও প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। এই সমীক্ষাটোৰ ফলাফলৰ পৰা জানিব পৰা গ’ল যে আমাৰ দেশত জীৱনশৈলীজনিত ৰোগৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীও সাৰিব পৰা নাছিল। তেখেতেও উচ্চ ৰক্তচাপ ৰোগত ভুগিছিল। তেতিয়া অৱশ্যে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পৰা ঔষধ বৰ বেছি নাছিল আৰু সেয়ে তেখেতে সাত্বিক আহাৰ গ্ৰহণ কৰি, লগতে সাত্বিক জীৱন যাপনৰ অভ্যাস কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিছিল। কিন্তু আজিকালি সাত্বিক আহাৰ গ্ৰহণ কৰিব পাৰিলেও সাত্বিক আহাৰ গ্ৰহণ কৰিব পাৰিলেও সাত্বিক জীৱন-যাপন কৰাটো যথেষ্ট কঠিন। মৃত্যুৰ পৰিসংখ্যা - হৃদযন্ত্ৰৰ ৰোগত, ৰোগীৰ মৃত্যুৰ সংখ্যা ১৫ শতাংশৰ পৰা বাঢ়ি ২৮ শতাংশ হৈছেগৈ। তেনেদৰে কেন্সাৰ ৰোগত মৃত্যুৰ সংখ্যা পূৰ্বৰ ৪ শতাংশৰ পৰা বাঢ়ি ৮ শতাংশ হৈছেগৈ। শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা আঢ়ৈ শতাংশৰ পৰা বাঢ়ি ৪ শতাংশৰো অধিক হৈছেগৈ। শ্বাস-প্ৰশ্বাসজনিত ৰোগত মৃত্যু হোৱা লোকৰ ভিতৰত ৫৫ শতাংশৰে মৃত্যুৰ প্ৰধান কাৰণ হৈছে বায়ু প্ৰদূষণ আৰু ২৫ শতাংশ ৰোগীৰ মৃত্যুৰ কাৰণ হৈছে ধপাত সেৱন। অৰ্থাৎ ধপাত সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰহ। এই সমীক্ষাটোত হৃদৰোগ আৰু ডায়েবেটিছ হোৱাৰ অন্যতম প্ৰধান কাৰণ হৈছে মেদবহুলতা। এইবিলাক কথাৰ পৰা এটাই প্ৰমাণ পোৱা গ’ল যে আমাৰ দেশৰ মানুহে নিজৰ শৰীৰটোৰ প্ৰতি মনোযোগ নিদিয়ে। তেওঁলোকে নিজৰ শৰীৰটো ৰোগমুক্ত কৰি ৰখাৰ বাবে ল’ব লগা সাৱধানতাখিনি পালন কৰিবলৈ টান পায়। এই সমীক্ষাটোৰ পৰা প্ৰমাণ পোৱা গ’ল যে, এতিয়া ভাৰতবৰ্ষত বীজাণুৰ সংক্ৰমণৰ পৰিণতিতকৈ জীৱনশৈলীজনিৰ ৰোগৰ পৰিণতিতহে অধিক লোকৰ মৃত্যু ঘটে। এনেবিলাক ৰোগৰ চিকিৎসা ব্যয়ো সৰ্বসাধাৰণৰ সাধ্যৰ বাহিৰত। ব্যক্তিগত খণ্ডৰ হস্পিতালৰ বাহিৰে চৰকাৰী হস্পিতালত এনেবোৰ ৰোগৰ ভাল চিকিৎসা লাভ কৰাটো আজি কোনোপধ্যে সহজ হৈ থকা নাই। সেয়ে এটা কথাৰে চিকিৎসা বিজ্ঞানীসকলে সৰ্বসাধাৰণ ৰাইজলৈ আহ্বান জনাইছে যে সকলো লোকে এটা কথা মনত ৰাখক যে- চিকিৎসাতকৈ ৰোগ প্ৰতিৰোধৰ বাবে যত্নপৰ হোৱাটো ভাল। গতিকে জীৱনশৈলীজনিত ৰোগৰ পৰা অলপ সাৱধান হ’লেই বাচি থাকিব পাৰি। প্ৰদূষিত বায়ুৰে উশাহ ল’লে কিডনিৰ ৰোগ হ’ব পাৰে - আমি ভবাতকৈ বা আশংকা কৰাতকৈ বেছি দ্ৰুতগতিত আমাৰ পৰিৱেশ প্ৰদূষিত হৈছে। এনে পৰিৱেশৰ বায়ুত আমাৰ শৰীৰৰ ক্ষতি কৰিব পৰা ভালেমান দূষিত ৰাসায়নিক দ্ৰন্যৰ ক্ষুদ্ৰ কণিকা, ধূলি আৰু ধোঁৱা মিহলি হৈ আছে। এনে বায়ু আমি উশাহৰ যোগেদি শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিলে আমাৰ অংগ-প্ৰত্যংগৰ ভীষণ ক্ষতি হ’ব পাৰে। এই কথা প্ৰকাশ পাইছে এটি শেহতীয়া অধ্যয়নত। আমেৰিকাৰ ডিউক বিশ্ববিদ্যালয়ৰ এদল গৱেষক বিজ্ঞানীয়ে অলপতে এই বিষয়ত এটি অধ্যয়ন চলাইছিল। পলিফ্লুৰোএলকাইল চাবষ্টেন্স কিছুমান ঔদ্যোগিক প্ৰক্ৰিয়া আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী উৎপাদন প্ৰক্ৰিয়াত নিৰ্গত হয়। কিছুমান উদ্যোগৰ পৰা নিৰ্গত হোৱা নন বায়োডিগ্ৰেডেবল পদাৰ্থৰ এক বুজন অংশ ক্ষুদ্ৰ কণিকাৰ ৰূপত আমাৰ পৰিৱেশৰ বায়ুমণ্ডলত মিহলি হৈ পৰে। মানুহে প্ৰদূষিত মাটি, পানী, খোৱা খাদ্য আৰু উশাহত গ্ৰহণ কৰা বায়ুৰ জৰিয়তে শৰীৰৰ ভিতৰলৈ এইবিলাক প্ৰৱেশ কৰে আৰু এনে দূষিত দ্ৰব্যৰ কণিকা তেজত মিহলি হৈ অৱশেষত মানুহৰ কিডনিৰ ভিতৰত প্ৰৱেশ কৰেগৈ। কিডনিৰ ওপৰত এনে ধৰণৰ দূষিত দ্ৰব্যৰ প্ৰভাৱৰ ওপৰত এই গৱেষক বিজ্ঞানীসকলে অধ্যয়ন কৰিছিল। ডিউক বিশ্ববিদ্যালয়ৰ গৱেষক জন ষ্টেনিফাৰে কৈছে- ‘কিডনি দুটা অতিশয় সংবেদনশীল অংগ আৰু এই অংগত প্ৰৱেশ কৰা দূষিত দ্ৰব্যবোৰ কিডনিৰ যোগেদি শৰীৰৰ তেজৰ লগত মিহলি হৈ পৰে। এনে বিষাক্ত দ্ৰব্যৰ সংস্পৰ্শত আমাৰ শৰীৰত বিভিন্ন ৰোগ সৃষ্টি হ’ব পাৰে। এনে ধৰণৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ সংস্পৰ্শত কিডনিও ৰুগ্ন হ’ব পাৰে। গৱেষক বিজ্ঞানীৰ দলে মুঠ ৭৪ লানি অধ্যয়ন চলাই দেখা পালে যে, এনেবিলাক প্ৰদূষিত দ্ৰব্য আৰু এনে দ্ৰব্য মিহলি বায়ুৰ সংস্পৰ্শত কিডনি ৰোগগ্ৰস্ত হৈ পৰে। ইয়াৰ ফলত কিডনিয়ে ভালদৰে কাম কৰিব নোৱাৰা হয়, কিডনিৰ লগত সংলগ্ন নলীবিলাকৰ আকাৰ সৰু হৈ পৰে। কিডনিৰ সৈতে জড়িত বিপাকীয় কাম-কাজ প্ৰায় অচল হৈ পৰে। এই অধ্যয়নৰ সবিশেষ ‘ক্লিনিকেল জাৰ্ণেল অব দ্য আমেৰিকান ছ’চাইটি অব নেফ্ৰোলজি’ত প্ৰকাশ পাইছে। শিশুৰ খাদ্যৰ অভ্যাস মাকেহে গঢ়ি তুলিব পাৰে - মাতৃসকলে প্ৰায় অভিযোগ কৰা শুনা যায় যে, তেওঁৰ শিশুটিয়ে খাবলৈ মন নকৰা হৈছে। স্কুললৈ যোৱা শিশুৰ মাকে আকৌ অভিযোগ কৰে যে, তেওঁৰ ল’ৰাটিয়ে স্কুললৈ লৈ যোৱা টিফিন বক্সৰ খাদ্যপূৰাকৈ নেখাই ওভটাই লৈ আহে। অথচ মাকে পুৱা আন্ধাৰে পোহৰ শুই উঠি কেৱল ল’ৰাটি বা ছোৱালীজনীয়ে ভালপোৱা খাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে। কিন্তু শিশুটিয়ে স্কুলৰ পৰা অহাৰ পিছত টিফিন বক্সটোৰ খাদ্য পুৱা সজাই দিয়াৰ দৰেই ধূৰি অহা দেখা পাই তেওঁলোকে মনত বৰ দুখ পায়। পুষ্টি বিশেষজ্ঞ আৰু নিউট্ৰিচন ছ’চাইটি অব ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ ডাঃ কুমুদ খান্নাই কৈছে- ‘চাকৰি কৰি থকা মহিলাৰ বহুসংখ্যকে পূৱা শিশুটিৰ কাৰণে নতুনকৈ টিফিন বনাই দিবলৈ সময়ৰ অভাৱৰ অজুহাতত আগদিনা দিন বা ৰাতিৰ আহাৰ খোৱাৰ পিছত ৰৈ যোৱা ব্যঞ্জন আদি নতুন ৰূপত সজাই শিশুটিৰ টিফিন বক্সত ভৰাই দি পঠায়। কিন্তু আজিকালি শিশুহঁতে বেচ স্মাৰ্ট হৈছে আৰু স্কুলত তেনে খাদ্য দেখিয়েই নাক কোচাই টিফিন বন্ধ কৰি ঘূৰাই লৈ আহে। বিভিন্ন ধৰণেৰে প্ৰস্তুত কৰা স্বাস্থ্যসন্মত খাদ্য টিফিন বক্সত দিবলৈ মাতৃসকলে চেষ্টা কৰিব লাগে। কাৰণ শিশুহঁতে খাদ্যত বিচিত্ৰতা বিচাৰে আৰু প্ৰতিদিনে বেলেগ বেলেগ স্বাদৰ খাদ্য তেওঁলোকে ভাল পায় আৰু তেনে খাদ্য আগ্ৰহেৰে খায়। কিন্তু বিচিত্ৰতাৰ নামত শিশুৱে বেয়া পোৱা স্বাদৰ খাদ্য দিবলৈ চেষ্টা নকৰিব’। ডাঃ খান্নাই কৈছে যে শিশুৰ কাৰণে প্ৰোটিন বৰ প্ৰয়োজন। শৰীৰৰ শ্ৰীবৃদ্ধি আৰু গঠনৰ কাৰণে প্ৰোটিন বৰ গুৰুত্বপূৰ্ণ উপাদান। সেয়ে শিশুৰ খাদ্যত যাতে পৰ্যাপ্ত মাত্ৰাত প্ৰোটিন আৰু কাৰ্বোহাইড্ৰেট থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। শিশুৰ বাবে প্ৰস্তুত কৰা খাদ্য দেখাতো শিশুৱে পছন্দ কৰা বিধৰ হ’ব লাগে। তেনেদৰে শিশুৰ কাৰণে গাখীৰেৰে প্ৰস্তুত কৰা খাদ্য দ্ৰব্য আৰু সেউজীয়া শাক-পাচলি আদি শাক-পাচলি আদি ৰাখিব লাগে। বাঢ়ন্ত অৱস্থাত থকা শিশুৰ কাৰণে প্ৰোটিন আৰু শক্তিদায়ক উপাদানযুক্ত খাদ্যৰ প্ৰয়োজন হয়। কিছু পৰিমাণে চৰ্বিযুক্ত খাদ্যও শিশুৰ মস্তিষ্কৰ শ্ৰীবৃদ্ধিৰ কাৰণে দৰকাৰ। সেয়ে শিশুৰ টিফিন বক্সত শাক-পাচলি আৰু কম পৰিমাণে তেল বা ঘিউৰে প্ৰস্তুত কৰা স্বাস্থ্যসন্মত খাদ্য আদিও দিব পাৰে। ধৰ্মশিলা নাৰায়ণনা ছুপাৰ স্পেছিয়েলিটি হস্পিতালৰ নিউট্ৰিচিয়ান পায়েল শৰ্মাৰ মতে সময় সুবিধা পালে আপোনাৰ শিশুটিৰ নিজৰ পছন্দমতে খাদ্যদ্ৰব্য বাছি ল’বলৈ আৰু তেনে দ্ৰব্যৰে খাদ্য প্ৰস্তুতকৰণত মাকক সহায় কৰি দিবলৈকো উৎসাহিত কৰিব পাৰে। এই ব্যৱস্থাৰে নিজৰ খাদ্য প্ৰস্তুতকৰণত তেওঁলোকক জড়িত কৰিব পাৰে। এনেদৰে জড়িত হৈ পাৰিলে তেওঁলোকৰ মনত এই ধাৰণা নেথাকিব যে তেওঁলোকে বেয়া পোৱা বা পছন্দ নকৰা খাদ্য তেওঁলোকক জোৰ কৰি খুৱাব বিচৰা হৈছে। তেনেদৰে নিজৰ পছন্দৰ খাদ্য প্ৰস্তুত কৰাৰ পিছত দেখিব শিশুটিয়ে তৃপ্তিৰে সেই খাদ্য খাইছে। আপোনাৰ শিশুটিক নিজৰ খাদ্যৰ ‘মেনু’(সূচী) প্ৰস্তুত কৰিবলৈকো উৎসাহিত কৰিব পাৰে। প্ৰতি চাৰিজন কিশোৰৰ ভিতৰত এজন কিশোৰ হতাশগ্ৰস্ততাত ভোগে - বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদন মতে ভাৰতত প্ৰতি চাৰিটি কিশোৰৰ ভিতৰৰে এটি কিশোৰ ডিপ্ৰেছন বা হতাশগ্ৰস্ততাৰ চিকাৰ হয়। এই প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে দক্ষিণ পূব এছিয়াৰ দহখন ৰাষ্ট্ৰৰ ভিতৰত সৰ্বাধিক সংখ্যক আত্মহত্যাৰ ঘটনা ভাৰতত সংঘটিত হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ‘দক্ষিণ পূব এছিয়াত কিশোৰৰ মানসিক স্বাস্থ্যৰ স্থিতি আৰু প্ৰতিকাৰ ব্যৱস্থা’ নামৰ প্ৰতিবেদনখনত কোৱা হৈছে যে, ২০১২ চনত ভাৰতত ১৫ৰ পৰা ২৯ বছৰ বয়সৰ প্ৰতি এক লাখ ব্যক্তিৰ ভিতৰত আত্মহত্যাৰ হাৰ আছিল ৩৫.৫ জন। এই বয়সৰ কিশোৰ-যুৱকৰ প্ৰতি এক লাখ জন লোকৰ ভিতৰত আত্মহত্যাৰ হাৰ আছিল এনেধৰণৰ- ইণ্ডোনেছিয়াত ৩.৬ জন, নেপালত ২৫.৮ জন। বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া ক্ষেত্ৰৰ সঞ্চালক পুনম ক্ষেত্ৰপাল সিংহই কৈছে যে, অৱসাদ আত্মহত্যাৰ এক অন্যতম কাৰণ হ’ব পাৰে। এই ভূখণ্ডত ১৫ৰ পৰা ২৯ বছৰ বয়সৰ লোকৰ মাজত মৃত্যুৰ দ্বিতীয় অন্যতম প্ৰধান কাৰণ হ’ল আত্যহত্যা। অৱসাদৰ লগত জড়িত স্বাস্থ্য সেৱাৰ বিষয়টো এনে এটা পৰ্যায়লৈ নিব লাগিব, যাতে সহজে জনসাধাৰণে এই সেৱা পাব পাৰে আৰু এই সেৱা উচ্চ পৰ্যায়ৰ হ’ব লাগিব। বিশ্ব স্বাস্থ্য দিৱসৰ আগদিনা প্ৰকাশ কৰা কেন্দ্ৰীয় প্ৰতিবেদনত কোৱা হৈছে যে, ভাৰতৰ বৰ্তমান জনসংখ্যা হৈছে ১৩১.১১ কোটি আৰু সমগ্ৰ জনসংখ্যাৰ ভিতৰত ১৩ৰ পৰা ১৫ বছৰৰ কিশোৰৰ সংখ্যা হৈছে ৭.৫ কোটি আৰু এই সংখ্যা হৈছে দেশখনৰ মুঠ জনসংখ্যাৰ ৫.৮ শতাংশ। ইয়াৰ ভিতৰত ৩.৯৮ কোটি ল’ৰা(কিশোৰ) আৰু ৩.৫৭ কোটি হ’ল ছোৱালী(কিশোৰী)। এই বছৰ ডিপ্ৰেছন বিষয়ৰ ওপৰত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে, ৭ শতাংশ কিশোৰ প্ৰায়ে গালি-গালাজৰ সন্মুখীন হ’বলগা হয়। তেওঁলোকে নিজৰ পৰিয়ালৰ সদস্য, শিক্ষক আৰু জ্যেষ্ঠসকলৰ পৰা শুনি থকা কটু কথাৰ পৰা মানসিকভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে ২৫ শতাংশ কিশোৰ-কিশোৰী অৱসাদগ্ৰস্ততা, উদাসীনতা আৰু হতাশাত ভোগে। আনহাতে, ১১ শতাংশ কিশোৰ-কিশোৰীয়ে নিজৰ কামত কোনো দিনে বা অধিকাংশ সময় মনোযোগ দিব নোৱাৰে। তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰাত একাগ্ৰতা প্ৰদৰ্শন কৰিব নোৱাৰে। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন কি খাব কি নাখাব - ১. গৰ্ভধাৰণৰ পিছত- কি খাব *ঘেঁহু/যৱ আটাৰ ৰুটি, *মগু দালি বা কেঁচা গাজি, *মাখন, *গাখীৰ, *মৌ, *চেনি, *আমলখী, *কল, *আম, *মিঠা ফল, *আঙুৰ, *সতেজ সেউজীয়া ৰাসায়নিক সাৰ বিহীণ শাক পাচলি, *কিচমিচ গৰ্ভৱতীৰ বাৱে পথ্য। কি নাখাব: *মাটিমাহ, *জলকীয়া, *টেঙা, *মাংস আদি গুৰুপাক আহাৰ, *উপবাস কৰা, *কোষ্ঠকাঠিন্য হব পৰা আহাৰ, *দিনত শোৱা আদি বৰ্জণ কৰিব। ২. হৃদ ৰোগী- কি খাব: *পুৰণা চাউলৰ ভাত, *মগু দালি সিজোৱা পানী, *পটল, *লাও, *ভোল/জিকা, *কল, *কেঁচা(মিঠা) আম, *কেঁচা জলকীয়া, *ডালিম বা বেদানা, *নহৰু, *দৈৰ পানী, *আদা, *মৌ, *আঙুৰ আদি পথ্য। কি নাখাব: *টেঙা আৰু গুৰু আহাৰ, *শাক, *মদিৰা, *ভাং, *চাধা, *তামুল আদি অপথ্য। ৩. জণ্ডিচ- কি খাব: *আম, *কুন্দলি, *পটল, *কল, *দৈৰ পানী, *নহৰু, *পিয়াজ, *লাও, *জিকা/ভোল, *অমিতা আদি পথ্য। কি নাখব: *মাটিমাহ, *সৰিয়হ বা সৰিয়হ শাক, *গাখীৰ, *হালধী, *টেঙা, *মিঠাই, *অধিক নিমখ অপথ্য। ৪. অতিসাৰ- কি খাব: *পুৰণা চাউলৰ ভাত, *মচুৰ দালি, *ৰহৰ সিজোৱা পানী, *ছাগলী গাখীৰ, *গাখীৰ, *কাচকল, *মৌ, *জামুক, *বেল পথ্য। কি নাখব: *যিকোনো আটাৰ ৰুটি, *মাটিমাহ, *বথুৱা বা জিলমিল শাক, *উৰহি, *আলু, *আম, *চজনা, *গুড়, *নহৰু, *তিয়ঁহ, *টেঙা, *ৰঙালাও, লাও অপথ্য। ৫. হাপানী- *ঘেঁহু/যৱ আটাৰ ৰুটি, *পুৰণা চাউলৰ ভাত, *ছাগলী গাখীৰ, *মাখন, *মাটিমাহ, *মৌ, *জিলমিল, *মূলা, *পুৰৈ, *পটল, *নহৰু, *নেমু, *কুন্দলি পথ্য। কি নাখাব: *তেল, *বনস্পতি ঘীউ (ডালডা জাতীয়), *ভজা পোৰা, *দৈ, *বেঙেনা, *গোমধান, *কচু, *ভেণ্ডী অপথ্য। ৬. বমন- কি খাব: *ধনীয়া, *পদিনা, *নেমু, *মৌ, *আমলখী, *আম, *বগৰী, *ডালিম, *গুৱামৰি বা চৌঁফ, *জনি, *মিশ্ৰি, *কমলা, *মৌচম্বি, পথ্য। কি নাখাব: *ভোল/জিকা, *কুন্দলি, *সৰিয়হ, *গুৰু পাক আৰু চৰ্বিযুক্ত বা তৈলাক্ত ভোজন অপথ্য। ৭. কাঁহ- কি খাব: *নেমু, *পটল, *নহৰু, *মৌ, *জিলমিল, *ঘিউ, *লচকচি বা পিতকইচা শাক, *ছাগলী গাখীৰ পথ্য। কি নাখাব: *মিঠাতেল, *লাও, *পুৰৈ, *আলু, *মাছ, *নেমুৰ বাহিৰে আন টেঙা অপথ্য। ৮. পেলু কৃমি- কি খাব: *জিলমিল, *নহৰু, *সৰিয়হৰ শাক, *কাচকল, *নিমপাত, *ভাত, *মাখন, *কোমোৰা, *কল, *পটল, *মিশ্ৰি, *ঘিউ, *গাখীৰ, *মগু পথ্য। কি নাখাব: *মাটিমাহ, *দৈ, *শাক, *টেঙা, *মিঠাই, *তেল, *গুৰুপাক, *মাংস, *কণী আদি অপথ্য। ৯. স্থুলতা বা অবেচিটি- কি খাব: *বুট, *যৱ/ঘেঁহুৰ ৰুটী, *মগু, *মচুৰ, *মৌ, *শাক পাচলি, *সতেজ ফল, *ব্যায়াম, *খোজকঢ়া, *দৌৰা পথ্য। কি নাখাব: *ভাত, *গাখীৰ, *মিঠাই, *মাংস, *চেনী, *দালি, *মাটিমাহ, *ঘিউ, *মদিৰা, *দিনত শোৱা অপথ্য। ১০. অজীৰ্ণ- কি খাব: *কমলা, *নেমু+মৌ, *আমলখী, *মগু দালিৰ পানী, *পুৰনা চাউলৰ ভাত, *জিলমিল, *ডালিম, *মূলা, *মাখন, *নহৰু, *দৈৰ পানী, *কোমোৰা, *কল, *আদা, *পটল, *জনিগুটি, *কেৰেলা, *মেথি, *জিৰা/ধনিয়া পথ্য। কি নাখাব: *মাটিমাহ, *আলু, *গাখীৰ, মাছ/মাংস অপথ্য। লেখক: যোগেশ দাস উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ