আল্ট্ৰাছাউণ্ড পেচ্চ -

এগৰাকী চিকিৎসা বিজ্ঞনীয়ে অতি শেহতীয়াকৈ এনে এবিধ উপকৰণৰ বিকাশ সাধন কৰি উলিয়াবলৈ সক্ষম হৈছে, যাৰ সহায়ত শৰীৰৰ ভিতৰৰ ধমনীৰ ৰক্তচাপ জনাটো সম্ভৱ হৈ উঠিব। আমেৰিকাৰ কেলিফৰ্ণিয়া ইউনিভাৰ্ছিটীৰ গৱেষক অধ্যাপক শ্বেং শ্বুৱে উদ্ভাৱন কৰা আল্ট্ৰাছাউণ্ড পেচ্চবিধৰ সহায়ত এতিয়াৰেপৰা হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাৰ বিষয়ে আগতীয়াকৈ জনাটো সম্ভৱ হৈ উঠিব। এই পেচ্চবিধে হৃদৰোগ বা হাঁওফাঁওৰ ৰোগত আক্ৰান্তজনৰ ঘনাই সলনি হৈ থকা ৰক্তচাপৰ ওপৰতো নিয়মীয়া নজৰ ৰাখিবলৈ সক্ষম হ’ব। তদুপৰি জটিল ৰোগত আক্ৰান্তজনৰ অথবা অস্ত্ৰোপচাৰ কৰাজনৰো ৰক্তচাপ সম্বন্ধে নিয়মীয়াকৈ জনাটো ইয়াৰদ্বাৰা সম্ভৱ হ’ব। এই পিন্ধিবপৰা সঁজুলিবিধত আল্ট্ৰাছাউণ্ড প্ৰযুক্তি ব্যৱহৃত হৈছে। গৱেষক শ্বেংশ্বুৰ মতে, এতিয়ালৈকে এনেধৰণৰ যিমানবোৰ ডিভাইচ ওলাইছে, সেইবোৰে ছাল অথবা তাৰ আংশিক তলৰ সংকেতৰ বিষয়েহে উমান ল’ব পৰা ধৰণৰ আছিল যদিও নতুন ডিভাইচবিধে তাৰো গভীৰৰ কথা জানিবলৈ সক্ষম হ’ব। এই ডিভাইচবিধৰ সহায়ত ৰক্তচাপত আক্ৰান্তজনে বিশেষ সুফল লাভ ক্ৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

কৃত্ৰিম এন্টিঅক্সিডেন্ট -

আলঝেইমাৰ, ছালৰ ক্ষতি সহিতে আন কেতবোৰ ৰোগক বাধা দিয়াৰ ক্ষেত্ৰত কৃত্ৰিম এন্টি অক্সিডেন্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। অতি শেহতীয়াকৈ কৰা এক অধ্যয়নৰ আলমত কানাডাৰ ইউনিভাৰ্ছিটী অব বৃটিছ কলম্বিয়াৰ গৱেষকে এই কথা জানিব পাৰে। গৱেষকগৰাকীৰ মতে, অক্সিজেন অথবা অন্য পদাৰ্থৰ অনু ভাগি অস্থায়ী পৰমাণু অৰ্থাৎ ফ্ৰী ৰেডিকলছ নিৰ্মাণ হয়। উশাহ লোৱাৰ দৰে প্ৰাকৃতিক কাৰ্যতে এয়া নিৰ্মাণ হয়। আনহাতে, সূৰ্যৰ ৰশ্মিৰ সম্পৰ্কলৈ আহিলে অথবা ধূমপান নাইবা এলকহল সেৱন কৰিলে ইয়াৰ সংখ্যা বাঢ়ি যায়। অত্যধিক ক্ৰিয়াশীল হোৱা গুণে এইবোৰে এনেডি ডি এৰো ক্ষতি কৰিবলৈ লয়। আলঝেইমাৰৰ লগতে মানুহ বৃদ্ধ হোৱাটো ই মুখ্য ভূমিকা পালন কৰে। আমাৰ শৰীৰত মগজু থকা ভিটামিন ‘চি’ আৰু ‘ই’-এ এনে ফ্ৰী ৰেডিকেলছৰপৰা আমাক ৰক্ষা কৰে। এই অধ্যয়নৰ সৈতে জড়িত গৱেষকে ফ্ৰী ৰেডিকলছৰ ওপৰত কৃত্ৰিম এন্টিঅক্সিডেন্টৰ প্ৰভাৱ সম্বন্ধে জানিব বিচাৰি গম পায় যে ভিটামিন ‘ই’তকৈ টেম্প’ নামৰ কৃত্ৰিম এন্টিঅক্সিডেন্টবিধ ১০০ গুণ অধিক প্ৰভাৱশালী। টেম্প’ৱে ফ্ৰী ৰেডিকেলছক বিনা ক্ষতিকাৰক অনুত পৰিণত কৰি মানুহক নানা সমস্যাৰপৰা হাত সৰাই ৰাখিব পাৰে।

লেখক: চন্দন কুমাৰ কলিতা(দৈনিক অসম)