ভাৰতীয়সকলে পৰ্যাপ্ত খোজ নাকাঢ়ে -

শাৰীৰিক অসক্ৰিয়তাই ভালেমান জীৱনশৈলীজনিত ৰোগৰ সৃষ্টি কৰে । যেনে- কেন্সাৰ, হৃদৰোগ আৰু বিপাকীয় ৰোগ ডায়েবেটিছ । বিশ্বজুৰি স্বল্প শাৰীৰিক সক্ৰিয়তাৰ ফলত ৫.৩ নিযুত লোকৰ মৃত্যু হয় । কিছুদিন আগেয়ে ‘Nature’ আলোচনীত প্ৰকাশিত এক নিবন্ধত ১১১ খন দেশৰ ৭,১৭,৫২৭ জন ব্যক্তিৰ ওপৰত কৰা অধ্যয়নৰ তথ্য প্ৰকাশ কৰা হৈছে । দেখা গৈছে হংকঙৰ নিৱাসীসকল শাৰীৰিকভাৱে অতি সক্ৰিয় । তেওঁলোকে প্ৰতিদিন ৬,৮৮০ খোজ কাঢ়ে । ভাৰতীয় পুৰুষে ৪,৬০৫ খোজ কাঢ়ে । ভাৰতীয় মহিলাই মাথোন ৩,৬৮৪ খোজ কাঢ়ে । এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে যিবিলাক চহৰত খোজ কঢ়াৰ বাবে চৰকাৰীভাৱে উদগনি জনোৱা হয়, সেইবোৰ চহৰৰ মানুহৰ জীৱনশৈলীজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ কমা ভাৰতত তেনে সুবিধা নাই । সেইবাবে খোজকঢ়াৰ প্ৰতিটো সুযোগৰ সদব্যৱহাৰৰ কৰা প্ৰয়োজনীয় । যেনে- ফোনত কথা পাতোতে খোজ কাঢ়ক, মললৈ যাবলৈ দীঘলীয়া পথেৰে যাওক, মলৰ ভিতৰত খোজকাঢ়ক । বিশেষজ্ঞসকলৰ মতে দিনে অন্তত: ১০,০০০ খোজ কাঢ়িব লাগে ।

বতৰৰ পৰিৱৰ্তনে বিষৰ সৃষ্টি নকৰে -

সাধাৰণতে কোৱা হয় মানুহে ‘হাড়ৰ জৰিয়তে’ বতৰৰ অনুভৱ কৰিব পাৰে , অৰ্থাৎ বতৰৰ পৰিৱৰ্তনে শৰীৰত বিষৰ সৃষ্টি কৰে । এয়া এক কল্পকাহিনী । এক অধ্যয়নৰ পৰা এই তথ্য জানিব পৰা গৈছে । তিনি মাহ ধৰি অষ্টিঅ’আৰ্থ্ৰাইটিছ বা পিঠিৰ বিষত ভোগা ১,৩০০ ব্যক্তিয়ে এই অধ্যয়নত ভাগ লৈছিল । দেখা গৈছিল বতৰে তেওঁলোকৰ ব্যাথাৰ ওপৰত বিশেষ ক্ৰিয়া নকৰে । প্ৰকৃততে যিকোনো বতৰতে বিষ হ’ব পাৰে ।

নাতি-নাতিনীৰ যত্ন লোৱা জ্যেষ্ঠ লোক বেছি দিনলৈ জীয়াই থাকে -

বাৰ্লিনৰ ৫০০ সত্তৰোৰ্ধ্ব ব্যক্তিৰ ক্ষেত্ৰত দেখা গৈছিল যে নাতি-নাতিনীৰ সৈতে ব্যস্ত হৈ থকা হেতুকে তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা ৩৭ শতাংশ কম । ইয়াৰ বিপৰীতে একে বয়সৰ এই কাম নকৰা জ্যেষ্ঠ লোকৰ মৃত্যুৰ সম্ভাৱনা অধিক । নাতি-নাতিনীয়ে বৃদ্ধসকলক জীয়াই থকাৰ প্ৰেৰণা দিয়ে । তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় হৈ থাকে ।

টাইপ-টু ডায়েবেটিছ ৪ মাহৰ ভিতৰত নিয়ন্ত্ৰণ কৰিব পাৰি –

কানাডাৰ অণ্টেৰিঅ’ত ২৭ গৰাকী টাইপ-টু ডায়েবেটিছ ৰোগীক চিকিৎসা কৰা হৈছিল কেলৰি কৰ্তন (৫০০ ৰ পৰা ৭৫০ কম কেলৰি) ব্যায়াম কৰাৰ আঁচনি, ইনছুলিন আৰু তিনিবিধ ঔষধ । এই চিকিৎসা চাৰি মাহৰ বাবে কৰা হৈছিল । চাৰি মাহৰ পিছত চিকিৎসা বন্ধ কৰি সক্ৰিয় জীৱনশৈলী অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিয়া উচিত । তিনি মাহৰ পিছত ১১ জন ডায়েবেটিছমুক্ত হৈছিল । ইয়াৰ বিপৰীতে সাধাৰণ চিকিৎসা কৰাসকলৰ ৪ জনহে ডায়েবেটিছমুক্ত হৈছিল ।

ডেংগু জ্বৰ হ’লে কি কৰিব, কি নকৰিব -

কি কৰিব :-

১) প্ৰতিঘণ্টাৰ মূৰে মূৰে জ্বৰ জোখক । শৰীৰৰ উত্তাপ ১০২° ফাৰেনহাইট ৰাখিবলৈ চেষ্টা কৰক ।

২) জটিলতাৰ প্ৰতি লক্ষ্য ৰাখক । জটিলতাৰ লক্ষণ তৃতীয় আৰু পঞ্চম দিনৰ ভিতৰত দেখা দিয়ে ।

৩) যদি গাত ঘামচিসদৃশ গুটি উঠে, শৌচ ক’লা হয়, বাৰম্বাৰ বমি অথবা তেজ বমি হয়, নাক আৰু দাঁতৰ গুৰিৰ পৰা ৰক্তক্ষৰণ হয়, মুখ শুকাই থাকে, উশাহ লোৱাত কষ্ট হয়, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লওক ।

৪) পৰ্যাপ্ত জিৰণি লওক ।

কি নকৰিব :-

১)চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এণ্টিবায়’টিক অথবা ষ্টেৰয়ড ঔষধ নাখাব ।

২) এম্পিবিন, ব্ৰুফেন, ইব’প্ৰফেন আদিয়ে শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ হোৱাত অৰিহণা যোগায় । এইবোৰ ঔষধ নাখাব ।

৩) ২৪ ঘণ্টাত ৪ টাতকৈ অধিক পেৰাচিটামল টেবলেট নাখাব ।

লেখক :- ডা: জীৱন দত্ত বৰুৱা

উৎস :- জি এনআৰচি স্বাস্থ্য