অতি পুৰণি কালৰে পৰা ৰং (Colour) থেৰাপী প্ৰচলন হৈ আহিছে । মানৱ সভ্যতাৰ আদিম অৱস্থাৰ পৰা মানুহক বিভিন্ন ৰং-বিৰঙে আকৰ্ষিত কৰি আহিছে । প্ৰকৃতি জগতখন ৰুপ-ৰস-গন্ধ আৰু ৰঙেৰে ভৰপূৰ । প্ৰকৃতিৰ সেউজীয়া গচ-গছনি ৰং-বিৰঙে আমাৰ মনৰ ওপৰত আনন্দ যোগাই আহিছে । আকাশখন নীলা । সূৰ্যৰ পোহৰ যেতিয়া আকাশৰ ডাৱৰত পৰে, তেতিয়া আমি আকাশত ৰঙা ৰং আৰু বেঙুনীয়া ৰং দেখা পাওঁ । ভাৰতবৰ্ষ ক্ৰম’থেৰাপীৰ (Chromotherapy) জন্মস্থান । ভাৰত তথা পৃথিৱীৰ বিভিন্ন ৰং পোহৰে যুগে যুগে মানুহৰ মন, শৰীৰ আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে । বৰ্তমান আধুনিক যুগত ৰং থেৰাপী এক অত্যন্ত উপকাৰী আৰু আৰোগ্যকাৰী চিকিৎসা হিচাপে পৰিগণিত হৈছে । ৰঙৰ মেজিক থেৰাপীয়ে বৰ্তমান যুগৰ মানুহক শৰীৰত হোৱা নানা ধৰণৰ ৰোগ আৰোগ্যৰ বাবে বহুত উপকাৰী উপাদান যোগান ধৰিব পাৰিছে । সেয়েহে ৰং থেৰাপীৰ উপযুক্ত ব্যৱহাৰে মানুহে ভুগি থকা বহুতো ৰোগ নিৰাময় আৰু ৰোগ দূৰ কৰাত সহায় কৰিব পাৰে । আধুনিক গৱেষণাই প্ৰমাণ কৰিছে যে ৰঙে প্ৰকৃততে আমাৰ মন আৰু স্বাস্থ্যৰ ওপৰত যথেষ্ট ক্ৰিয়া কৰে । নীলা পোহৰে কত বেমাৰ ভাল কৰে । চিকিৎসক ডা: এচ এফ ডোনালডৰ মতে নীলা পোহৰৰ যোগেদি কেঞ্চাৰ আৰু মেলিগনেট টিউমাৰৰ চিকিৎসা কৰাত ভাল ফল দিয়ে । বিজ্ঞানে বিশ্বাস কৰে যে আমাৰ মগজু ৰঙৰ দ্বাৰা প্ৰভাৱান্বিত হয় । নীলা ৰং ব্যৱহাৰ কৰি টোপনিৰ নহা সমস্যা সমাধান কৰিব পাৰি । সেইদৰে বেঙুনীয়া পোহৰে মানুহৰ ষ্ট্ৰেছ (Stress) আৰু বহুদিনীয়া বাত বিষ ভাল কৰিব পাৰি । ৰঙে আমাৰ শাৰীৰিক, আৱেগিক, মানসিক আৰু আধ্যাত্মিক দিশত যথেষ্ট প্ৰভাৱ পেলায় আৰু ক্ৰিয়া কৰে । উদাহৰণস্বৰুপে ক’ব পাৰি যে এজন মানুহৰ যদি পেটফুলা বা পিত্তৰোগ হয়- এইটো এটা শাৰীৰিক সম্বন্ধীয় ৰোগ । কিন্তু সেই মানুহজন বা ৰোগীজন আৱেগিক আৰু মানসিকভাৱে বাধাপ্ৰাপ্ত হয়, শাৰীৰিকভাৱেও তেওঁ মনৰ দুখত ভুগিব পাৰে । ইয়াৰ ফলত তেওঁৰ ভোক-পিয়াহ নাইকিয়া হ’ব পাৰে । এনেবোৰ ক্ষেত্ৰত মানুহজনক শাৰীৰিক, আৱেগিক, মানসিক আদি দিশত চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে । এইকেইটা দিশত মানুহৰ কেনে প্ৰতিক্ৰিয়া হ’ব পাৰে চাওকচোন- শাৰীৰিক দিশত :- সেউজীয়া ৰং আৰু পাতলীয়া সেউজীয়া ৰঙে মনত শান্তি আৰু প্ৰশান্তি প্ৰদান কৰে । ৰঙা-ৰঙে মনটো সজীৱ কৰি তোলে । ধ্যানত (Meditation) সহায় কৰে । কমলা ৰঙে শৰীৰ আৰু মনত শক্তি প্ৰদান কৰে । আৱেগিক দিশত :- আকাশ নীলা ৰঙে মানুহক বিশ্ৰাম প্ৰদান কৰে । নৰা বগৰী ৰঙে মনত উৎসাহ জন্মায় । কমলা ৰঙে মনত আনন্দ প্ৰদান কৰে । মানসিক দিশত :- বেঙুনীয়া ৰঙে আৰাম, প্ৰফুল্লতা দিয়ে । সেউজীয়া ৰঙে মনত শান্তি প্ৰদান কৰে । আধ্যাত্মিক দিশত :- নীলা ৰং আৰামদায়ক বেঙুনীয়া ৰঙে মন উৎফুল্লিত কৰে । ৰোগৰ চিকিৎসাত ৰঙৰ প্ৰয়োগ কেনেকৈ কৰিব ? ইলেকট্ৰিকেল বালব, ৰঙচুৱা গ্লাছ ব্যৱহাৰ কৰিব লাগে । ইলেক্ট্ৰিকেল সামগ্ৰী থকা দোকানত বিভিন্ন ধৰণৰ বালব পোৱা যায় । চিকিৎসাত নিয়ন লাইট ব্যৱহাৰ কৰিব নালাগে । বালবৰ ৱাটচৰ শক্তি হ’ল- ৩০,৪০,৬০,১০০,২০০ শক্তিপৰ্যন্ত । ৰং থেৰাপীৰ যোগেদি চিকিৎসা কৰিব পৰা বেমাৰ, প্ৰয়োজনীয় ৰং আৰু চিকিৎসা পদ্ধতিৰ এখন তালিকা তলত দিয়া হৈছে – বেমাৰৰ নাম প্ৰয়োজনীয় ৰং চিকিৎসা পদ্ধতি মাইগ্ৰেন, মূৰৰ প্ৰচণ্ড বিষ আদিত হালধীয়া কপালৰ ওপৰত ১০ মিনিট দিনে দুবাৰকৈ । এসপ্তাহ । বালব ৬০ ৱাটছৰ ব্যৱহাৰ কৰিব পাৰিব । টোপনি নহা সমস্যাত নীলা কপালৰ ওপৰত ৫ মিনিট । দিনে ২ বাৰ । বালব ৬০ ৱাটছৰ চকুৰ অসুখত, চকু ৰঙা পৰি পানী ওলোৱা, খচখচোৱা নীলা চকুকেইটা মুদি থকা অৱস্থাত চকুৰ ওপৰত লাহে লাএ দিব । বালব ৩০ শক্তি । ১৫ মিনিট । ২ বাৰকৈ ৫ দিন শকত হোৱা বা মেদবহুলতা সেউজীয়া শোৱনিকোঠাত সেউজীয়া বালব ১৫ শক্তি, ১৫ ঘণ্টা জ্বলাই ৰাখিব । ১ মাহ বা ২ মাহ ধৰি । মৃগী (Epilepsy) নীলা মূৰত আৰু ৰাজহাড়ত ২০ মিনিট । ২ বাৰ । ১ মাহ । বালব ৬০ ৱাটছ বা ৪০ ৱাটছ বহুমূত্ৰ বা ডায়েবেটিছ হালধীয়া পেংক্ৰিয়াচৰ ওপৰত । ১৫ মিনিট দিনে ২ বাৰ । বালব ৩০ শক্তি । ২ মাহ পৰ্যন্ত কৰ্কট ৰোগ বেঙুনীয়া, কমলা আৰু নীলা শৰীৰৰ যি ঠাইত ৰোগৰ আক্ৰমণ হয় সেই অংশত ৩০ মিনিট ।দিনে ৩ বাৰ । ২ মাহ । বালব ৬০ শক্তি । এনিমিয়া ৰঙচুৱা পেটত ৰঙচুৱা পোহৰ । দিনে ২ বাৰ । ১ মাহ ধৰি । বালব ৩০ শক্তি । খাদ্য :- শিঙৰা , মাছ, পচলা, বিট, গাজৰ, ডালিম, আমলখি, আপেল, মধুৰিআম, সেউজীয়া শাক-পাচলি । লেখক :- উপেন দত্ত উৎস :- অসমীয়া খবৰ