আমি সকলোৱেই এটা সুন্দৰ, সুখী জীৱন যাপন কৰিব বিচাৰো। কিন্তু আশা কৰিলেই আমি তেনে এটা সুখী জীৱন লাভ কৰিব নোৱাৰো। এটা সুখী-সুন্দৰ জীৱন লাভৰ বাবে আমিনো কি কি কৰিব পাৰো চাওঁ আহকচোন। ছাত্ৰাণাং অধ্যয়নং তপ:। ছাত্ৰসকলৰ অধ্যয়নেই এক প্ৰকাৰৰ তপস্যা। গাৰ্হস্থ্য বা কৰ্ম জীৱনত সোমোৱাৰ আগে আগে যথেষ্ট সাংসাৰিক, বৃত্তিগত আৰু সাধাৰণ জ্ঞান আহৰণ কৰি ল’ব লাগে। জীৱনটো চুটি, বাধা-বিঘিনিৰেও ভৰপূৰ। গতিকে দৰকাৰী বিষয়বোৰৰ সাৰভাগৰ ওপৰত ব্যুৎপত্তি অৰ্জন কৰিব লাগে। যুক্তিযুক্ত চিন্তা, বিবেচনা আৰু অনুভৱেৰে দূৰদৰ্শী হ’বলৈ চেষ্টা কৰিব লাগে। নিজৰ বৃত্তিগত বিষয়ৰ ওপৰত সম্যক, সাৰ্বিক আৰু পুংখানুপুংখ জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে। নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতাৰে চলিব লাগে। ধন খৰচত মিতব্যয়িতা, বিবেচনা প্ৰয়োগ কৰিব লাগে। আনৰ উন্নতিত ঈৰ্ষান্বিত নহৈ আনন্দিত হওক আৰু কৰোঁতাজনক অভিনন্দন জনাওক। ঈৰ্ষা আমাৰ মনৰ ৰোগ আৰু ইয়াৰ পৰা বহু পাপ আৰু অসদাচৰণৰ উৎপত্তি হয়। এটা বিষয়ৰ ওপৰত আলোচনা, সমালোচনা কৰোঁতে আন উপৰুৱা আবেগ আৰু সংগতিবিহীন কথাৰ পাতনি মেলিব নালাগে। বিখ্যাত, শ্ৰেষ্ঠসকলক তেওঁলোকৰ শ্ৰেষ্ঠতাৰ বাবে অকপটে প্ৰশংসা কৰিব লাগে। কোনো পৰিস্থিতিতে উত্তেজিত, হতাশাগ্ৰস্ত বা বিতত নহৈ নিজৰ মনৰ শান্তি আৰু ধৈৰ্য অটুট ৰাখিব লাগে। অৱশ্যে অনিবাৰ্য কাৰণ:বশত সাহসেৰে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’ব লাগে। সমস্যাসমূহৰ সাহসেৰে সন্মুখীন নহ’লে উৎকণ্ঠা, দুশ্চিন্তা আদি আন মানসিক জটিলতাত ভুগিব পাৰে। ঋতু পৰিৱৰ্তনৰ লগে লগে জাৰ-জহৰ পৰিৱৰ্তনৰ দৰে সাংসাৰিক মানুহৰ জীৱনত সুখ-দুখো চিৰলগৰীয়া। দৈনন্দিন জীৱনটো সদায় আশা কৰাৰ দৰে মৃসণ নহয়। দুখ বা সুখো চিৰদিন একে সমানে নাথাকে। গতিকে পাৰ্থিৱ সুখ-দুখক অলপ পাতলকৈ ল’বলৈ চেষ্টা কৰিলে আভ্যন্তৰীণ প্ৰশান্তি লাভ হয়। দুখৰ দিনটো হাঁহিবলৈ চেষ্টা কৰিব লাগে। হাঁহিয়ে হৃদয়, মগজুৰ ওপৰত চাপ কমায়। তদুপৰি সামাজিক তথা ঘৰুৱা পৰিৱেশ প্ৰফুল্ল কৰাত সহায় কৰে। বিভিন্ন ধৰ্মৰ ধৰ্মশাস্ত্ৰৰ অধ্যয়ন, উৎসৱ-পাৰ্বন আদিয়ে এক বিশেষধৰণৰ মানসিক প্ৰশান্তি আনি দিয়ে। গতিকে কিছু ধৰ্মীয় আচাৰ-আচৰণো কৰিব লাগে। ইয়ে এক প্ৰকাৰৰ মনোনিদানৰ কামো কৰে। গুৰুতৰ শাৰীৰিক জটিলতাৰ ভয় থকা বিষয় বা কামত জড়িত হ’ব নালাগে। ভাল চিন্তা কৰি ভাল কাম কৰিব লাগে। জগতৰ অসদাচৰণৰ বিৰুদ্ধে বিষোদাগাৰ, প্ৰতিক্ৰিয়া প্ৰকাশতে ব্যস্ত নাথাকি আমাৰ ভাবাবেগ সম্পৰ্কে থকা কোনো কামত জড়িত হৈ থাকিব লাগে। শত্ৰুক আওকাণ কৰিব পাৰিব লাগে। শত্ৰুৰ ভয়ত আৰু প্ৰিয়জনৰ নিষ্ঠুৰতাত হতাশ নহৈ নতুন বন্ধু-বান্ধৱৰ লগত কেনেদৰে এটা নতুন জীৱন আৰম্ভ কৰিব পাৰি তাৰহে পৰিকল্পনা কৰিব লাগে। কিছু কলা-সাহিত্যৰ চৰ্চা কৰিব লাগে। কাৰণ সংসাৰৰ প্ৰচণ্ড গতিত আমাৰ প্ৰতিবেশী, বন্ধু-বান্ধৱ, আত্মীয়-কুটুম্বসকলো অসৎ চিন্তাৰ বলি হৈ আমাৰ বিৰুদ্ধে বিষোদগাৰ, কুৎসা-ৰটনাৰ দৰে দুষ্কাৰ্যত লিপ্ত হ’ব পাৰে। এনে পৰিস্থিতিত মনলৈ হতাশা, দুশ্চিন্তা অহাটো স্বাভাৱিক। এনেস্থলত ভাগি পৰা মন, মনন আৰু আত্মাক স্বচ্ছন্দ গতি দিবলৈ আমাক কিছু কাল্পনিক সাহিত্য, নান্দনিক চাৰুকলাৰ প্ৰয়োজন হয়। সাহিত্য, সংগীত, নাটক আদিয়ে আমাৰ মন, কল্পনা শক্তিক ভালভাৱে উন্নীত কৰে। এটা উচ্চ মন আৰু আদৰ্শ চৰিত্ৰৰ অধিকাৰী হ’বলৈ চেষ্টা কৰিব লাগে আৰু জীৱনৰ এটা উচ্চ লক্ষ্য থাকিব লাগে। সুন্দৰভাৱে নিৰ্বাচিত এটা লক্ষ্য, অবিচলিত, অগাধ আত্মবিশ্বাস আৰু নেৰানেপেৰা চেষ্টা সফলতা লাভৰ বাবে অতি দৰকাৰ। গতিকে এই তিনিটাৰ ওপৰত গুৰুত্ব দিব লাগে। আনৰ অসৎ মন্তব্যত গুৰুত্ব নিদি তাক নিজৰ সমালোচনাত ব্যৱহাৰ কৰিব লাগে। লগতে নতুন কোনো নিষিদ্ধ শত্ৰুৰ আৱিৰ্ভাৱ ঘটিছে নেকি তালৈ দৃষ্টি দিব লাগে। সিদ্ধান্তবোৰ অতি সাৱধানে গভীৰ বিবেচনা আৰু দূৰদৰ্শিতাৰে ল’ব লাগে। সহজতে কোনো ধন-জন-সম্পত্তি পাবলৈ চেষ্টা কৰিব নালাগে। তেনে কৰা মানে চাৰিত্ৰিক দুৰ্বলতা, দুষ্টতাক প্ৰশ্ৰয় দিয়া হয় আৰু চাৰিত্ৰিক দুৰ্বলতা সদায়েই ভয়ংকৰ। কেৱল দৈনন্দিন কামতে লিপ্ত নাথাকি আন কিছুমান সজ কামতো লিপ্ত থাকক। দুৰ্জনৰ সংগ ত্যাগ কৰি সজ্জনৰ সংগ লৈ ভাল কামত লিপ্ত থাকি ভাল গ্ৰন্থ পঢ়ি আজৰি সময় পাৰ কৰিব লাগে। মানুহৰ লগত ভালদৰে মিলা-মিছা কৰিব লাগে যাতে বিভিন্ন মানুহৰ স্বৰূপ চিনিব পৰা যায় আৰু সংসাৰখনৰ ৰেহৰূপ চিনিব পৰা যায়। বিভিন্ন মানুহৰ সংস্পৰ্শই মানুহৰ ব্যৱহাৰিক আৰু সাংসাৰিক অভিজ্ঞতা বঢ়ায়। দিনটোৰ কামবোৰৰ সময়সূচী তৈয়াৰ কৰি সেইবোৰক পৰ্যায়ক্ৰমে কৰি যাব লাগে। ভৱিষ্যতলৈ ৰৈ নাথাকি বৰ্তমানৰ পৰাই কোনো সজ কাম কৰিবলৈ চেষ্টা কৰিব। বিভিন্ন প্ৰয়োজনীয় বিষয় সকৌতুহলে কৰি সেইবোৰ যথাযুক্তভাৱে হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক। এনেধৰণৰ অধ্যয়নে অভিজ্ঞতা বৃদ্ধি কৰাৰ লগতে মনৰ জগতৰ পৰিধি বিস্তৃত কৰে। বিপদ, দুৰ্যোগ বা দুৰ্দিনত ধৈৰ্য নেহেৰুৱাই নিজৰ প্ৰাত্যহিক কাম চলাই যাব লাগে। নিজে হাতত লোৱা কাম সময়মতে, ঠিকমতে কৰি উলিয়াব লাগে। দুৰ্যোগ, বঞ্চনা, বিফলতাক নিজা দৃষ্টিভংগীৰে বিচাৰ কৰি নিজৰ বিবেচনাৰে মোকাবিলা কৰিব লাগে। দায়িত্ব আৰু পৰিকল্পনা বাস্তৱ দৃষ্টিভংগীৰে চালি-জাৰি চাইহে গ্ৰহণ কৰিব লাগে। কোনোবাই জোৰকৈ দায়িত্ব অৰ্পণ কৰিলে বুলিয়েই চিন্তা নকৰাকৈ গ্ৰহণ নকৰিব। ‘নোৱাৰো’ বুলি ক’বলৈকো শিকক। আৱেগিক নহৈ বাস্তৱমুখী চিন্তাৰেহে পৰিকল্পনা ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব লাগে। জীৱন সম্পৰ্কে এটি ইতিবাচক দৃষ্টিভংগী থাকিব লাগে। বিশ্বাসৰ মাত্ৰা বঢ়াই সন্দেহৰ মাত্ৰা কমাব লাগে। নিজৰ সামৰ্থ আৰু শক্তিৰ ওপৰত অটল বিশ্বাস ৰাখিব লাগে। ক্ৰোধ, ঘৃণা, ঈৰ্ষা আদি নেতিবাচক ভাবনাক মনৰ পৰা যথাসাধ্যে আঁতৰত ৰাখিব লাগে। প্ৰেম হৃদয়ত উদ্ভুত হয়। কিন্তু এই প্ৰেমক মগজুৰ দ্বাৰা পৰিচালিত কৰিব লাগে। বাস্তৱবাদিতা আৰু উচ্চ চিন্তাৰে প্ৰেমৰ মিলনান্তক পৰিণতি ঘটাব পাৰি। যদি এই ব্যৱস্থা সমূহ বাস্তৱ জীৱনত সঠিকভাৱে মানি চলিব পাৰে, তেনেহ’লে আমাৰ জীৱন সুখী, সুন্দৰ নোহোৱাৰ কোনো মানেই নাই। লিখক: ভাৰত চন্দ্ৰ বৰা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।