এগৰাকী স্বাস্থ্য আৰু ফিটনেছ প্ৰফেছনেল হিচাপে মোৰ ওচৰলৈ অহা ব্যক্তিসকলক প্ৰথমটো পদক্ষেপৰ বিষয়ে অৱগত কৰাটো মোৰ দায়িত্ব । যাৰ জৰিয়তে তেওঁলোকে নিজৰ নিজৰ স্বাস্থ্য আৰু শাৰীৰিক সক্ষমতাৰ লক্ষ্যত উপনীত হ’ব পাৰে । আমি কেতবোৰ সাধাৰণ ব্যায়ামৰ ওপৰত গুৰুত্ব প্ৰদান কৰো, য’ত পাঁচটা প্ৰাথমিক অথবা প্ৰয়োজনীয় গতি-বিধি অন্তৰ্ভুক্ত হৈছে যিবোৰ সাধাৰণতে সকলোৱে কৰে । এনে শাৰীৰিক চৰ্চাসমূহ সকলো লোকে যিকোনো সময়তে কৰিব পাৰে । মন কৰিবলগীয়া যে ব্যায়ামাগাৰলৈ আগমন ঘটা প্ৰত্যেক গ্ৰাহকে এটা আশা লৈ আহে যাতে এটা সুন্দৰ আটিল গঢ়ৰ লগতে সবল স্বাস্থ্যৰ গৰাকী হ’ব পাৰে । সাধাৰণতে দেখা যায় জিমলৈ অহা ক্লাইয়েণ্ট বা গ্ৰাহকৰ ব্যক্তিভেদে শৰীৰৰ আকাৰ বা গঢ় বেলেগ বেলেগ । গতিকে এনেক্ষেত্ৰত ব্যক্তিভেদে শৰীৰৰ গঢ় অনুযায়ী কিছুমান নিৰ্দিষ্ট অভ্যাসৰ জৰিয়তে ক্লায়েণ্টসকলৰ মনৰ আশা পূৰণ কৰাৰ ক্ষেত্ৰত ফিটনেছ প্ৰশিক্ষকসকলে মন দিয়াটো অতি আৱশ্যকীয় । উল্লেখ্য যে যিকোনো ব্যায়াম প্ৰথমতে আৰম্ভ কৰোতে বা ইয়াক একেৰাহে চলাই নিয়াৰ প্ৰক্ৰিয়াটো যথেষ্ট প্ৰত্যাহ্বানস্বৰুপ । প্ৰায়ে দেখা যায় ব্যায়াম কৰা পঞ্চাশ শতাংশ লোকেই ছমাহ কৰাৰ পিচত এই অভ্যাস এৰি দিয়ে । গতিকে এনেক্ষেত্ৰত এই অভ্যাস যাতে ধৰি ৰাখিব পাৰে, তাৰ বাবে আপোনাৰ জীৱনশৈলীৰ এক পৰিবৰ্তন কঢ়িয়াই অনাৰ বাবে কিছু সংকল্প লওক ।

মনতে দৃঢ় হৈ লওক যে আপুনি ব্যায়াম কৰিবলৈ গৈছে । কিছুমান এনে লোক আছে, যিয়ে ঘৰত ব্যায়াম কৰাটো অধিক সুবিধাজনক বুলি ভাবে । যদি আপুনি জিমত গৈ ব্যায়াম কৰিম বুলি ভাবিছে, তেন্তে নিকটৱৰ্তী ব্যায়ামাগাৰ নিৰ্বাচিত কৰক । কাৰণ অধিক দূৰৈত জিম কৰিবলৈ যাওঁতে শাৰীৰিক ব্যায়াম কৰাৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিয়াত কিছু বাধাৰ সন্মুখীন হ’বলগীয়া হয় ।

ব্যায়াম কৰিলে আপুনি এনে কিছুমান ব্যায়াম কৰক, যিসমূহ ব্যায়াম উপভোগ কৰি কৰিব পাৰে, যাতে মন:সংযোগ বিঘ্নিত হ’ব নোৱাৰে, তেনে সঠিক সময় নিৰ্বাচন কৰি শৰীৰ চৰ্চা আৰম্ভ কৰক । যদি আপুনি এতিয়ালৈকে কোনোধৰণৰ শাৰীৰিক গতি-বিধি বা ব্যায়ামৰ অভ্যাস কৰা নাই, তেন্তে ৩০ বছৰ বয়সৰ পৰা এই অভ্যাস কৰাটো এক উপযুক্ত সময় । উল্লেখযোগ্য যে এটা সুস্থ জীৱনশৈলী বৰ্তাই ৰাখিবলৈ স্বাস্থ্যৰ বাবে উপযুক্ত পুষ্টিৰ প্ৰয়োজন হয় । কাৰণ স্বাস্থ্য সবল হৈ থাকিলেহে শৰীৰৰ শক্তি বৃদ্ধি পায় । ইয়াৰ ফলত শাৰীৰিক কাৰ্যক্ষমতা বৰ্তি থাকে আৰু পুৰণি বেমাৰ-আজাৰ হ্ৰাস পোৱাৰ উপৰি এনে জটিলতাৰ পৰা বহু লাঘৱ পোৱা যায় ।

১৮-৬৪ বছৰ বয়সৰ লোকে কৰিব পৰা কিছু ব্যায়ামৰ পৰামৰ্শ –

১) কমেও ২ ১/২ ঘণ্টা মধ্যম তীব্ৰতা আৰু ১ ১/৪ ঘণ্টা এৰ’বিক ব্যায়াম আৰু অধিক শক্তি প্ৰয়োগ কৰিব পৰা ব্যায়াম কৰা উচিত ।

২) সপ্তাহত দুদিন বা তাতকৈ উচ্চ তীব্ৰতা বা অধিক দিনত শৰীৰৰ মাংসপেশী সবল হোৱাৰ বাবে ষ্ট্ৰেংথ ট্ৰেইনিং কৰা উচিত ।

৩) তদুপৰি অধিক স্বাস্থ্যৰ উপকাৰিতাৰ বাবে মধ্যম বা মজলীয়া তীব্ৰতাৰ এৰ’বিক ব্যায়ামসমূহ কৰাটো ৫ ঘণ্টালৈ বৃদ্ধি কৰাৰ লগতে সপ্তাহত ২ ১/২ ঘণ্টালৈ অধিক শক্তি প্ৰয়োগ কৰিব পৰা কিছু ব্যায়াম অন্তৰ্ভুক্ত কৰক ।

৪) শাৰীৰিকভাৱে সবল গৰ্ভৱতী মহিলাসকলে সপ্তাহত ২ ১/২ ঘণ্টা মধ্যম তীব্ৰতাৰ এৰ’বিক শাৰীৰিক ব্যায়াম বা কাৰ্যকলাপসমূহ কৰিব পাৰে । মহিলাসকলে অধিক তীব্ৰতাৰ এৰ’বিক ব্যায়ামসমূহ কৰিব পাৰে যদিও গৰ্ভাৱস্থাত চিকিৎসকৰ পৰামৰ্শ অনুযায়ীয়ে এনে ব্যায়ামসমূহ কৰা উচিত ।

৫) লাহে লাহে খোজ কঢ়াটো পাতল তীব্ৰতাৰ গতি- বিধিত পৰে । অলপ খৰকৈ খোজ কঢ়াটো মধ্যম তীব্ৰতাৰ গতি-বিধিৰ এক উদাহৰণ আৰু ইয়াত খোজকঢ়া আৰু কথা কোৱাটো নিহিত থাকে । কিন্তু ইয়াত গোৱাতো পৰিহাৰ কৰিব লাগে । ইপিনে উচ্চ তীব্ৰতাৰ ব্যায়ামত আপুনি উশাহ নোলোৱাকৈ কেইটামান কথাহে আপুনি ক’ব পাৰিব । গোটেই সপ্তাহটোত দৈনিক দহ মিনিটৰ বাবে হ’লেও বাওটচ কৰাটো প্ৰয়োজন । লাগিলে তাৰ প্ৰাবল্য যিয়ে নহওক কিন্তু লক্ষ্য এনে হোৱা উচিত যাতে ৬৫ বছৰ বয়সলৈকে এই ধাৰাবাহিকতা বজাই ৰাখিব পাৰে ।

৬) আপুনি নিশ্চয় জানে বা শুনিছে যে শাৰীৰিকভাৱে সবল হৈ থকাটো এক মহত্ত্বপূৰ্ণ । কিন্তু যেতিয়া আপুনি নিজৰ কেৰিয়াৰৰ কামত বা পৰিয়ালৰ সৈতে অধিক সময় দিবলগীয়া হয়, এনে অৱস্থাত আপুনি শাৰীৰিক ব্যায়াম বা গতিবিধিৰ ক্ষেত্ৰত সময় উলিয়াব নোৱাৰে যদিও এইক্ষেত্ৰত এতিয়াৰে পৰা অলপ সময় উলিয়াওক । সেইসমূহ শাৰীৰিক ব্যায়াম কৰক, যাৰ দ্বাৰা আপুনি আনন্দ ল’ব পাৰে আৰু লাহে লাহে আপোনাৰ ধৈৰ্যৰ সীমাও বাঢ়িবলৈ ধৰিব ।

৭) শাৰীৰিক গতি-বিধি বা ব্যায়াম মানুহৰ জীৱনৰ এক অভিন্ন অংগ । দৈনিক শাৰীৰিক ব্যায়ামৰ অভ্যাসে আপোনাক শাৰীৰিক আৰু মানসিক উভয় দিশতে সবল কৰি ৰাখিব ।

পুৰুষসকলৰ বাবে :-

১) শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে শাৰীৰিক ব্যায়াম অতি মহত্ত্বপূৰ্ণ । শাৰীৰিক গতি-বিধি বা ব্যায়াম নকৰাৰ ফলতে মানুহৰ শৰীৰত মেদবহুলতা, হৃদৰোগ, কেন্সাৰ ইত্যাদি বিভিন্ন ধৰণৰ ৰোগৰ লগতে জটিল স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । এইক্ষেত্ৰত পুৰুষসকল জড়িত বা আগ্ৰহী নোহোৱাৰ অন্যতম কাৰক হিচাপে অধ্যয়ন আৰু কামৰ বাবে পৰ্যাপ্ত সময় দিব নোৱৰা, বয়স বেছি হোৱা বুলি ভাবি কৰা এলাহ (মই বহুত বয়সীয়াল হৈছো) এনে এক মানসিক প্ৰৱণতাই পুৰুষসকলক অধিক বয়সীয়াল আৰু অসুখীয়া কৰি তোলে ।

২) যিকোনো শাৰীৰিক গতি-বিধি বা ব্যায়ামেই উপযোগী । সামান্য পৰামৰ্শ এয়ে যে আপোনাৰ অধিক দিনত কমেও ৩০ মিনিটৰ মধ্যম তীব্ৰতাৰ শাৰীৰিক ব্যায়ামৰ অভ্যাস কৰাটো লক্ষ্য কৰা লোৱা উচিত । ইয়াৰ সমান্তৰালকৈ অধিক সময় ধৰি একে ঠাইত বহি থকাও উচিত নহয় । পুৰুষ-মহিলা উভয়ে এইকেইটা পৰামৰ্শ মানি চলা উচিত ।

৩) ৩০ ৰ পৰা ৫০ বছৰ বয়সলৈকে পুৰুষসকলে বিভিন্ন কাম –কাজ আৰু পাৰিবাৰিক ক্ষেত্ৰত ব্যস্ত থাকিবলগীয়া হয় । যেতিয়াই পুৰুষসকলে আজৰি সময় পায়, সেই সময়মতে নিজৰ কিছুমান উপভোগ্য শাৰীৰিক কাৰ্যকলাপ কৰা দৰকাৰ । পাৰিবাৰিক সময়ত পুৰুষসকলে অন্তৰ্ভুক্ত কৰিব পাৰে কিছুমান শাৰীৰিক গতি-বিধি । উদাহৰণস্বৰুপে পাৰ্কলৈ ফুৰিবলৈ যোৱা, সন্তানক স্থানীয় ছুইমিং পুললৈ লৈ যোৱা ইত্যাদি । তদুপৰি দুপৰীয়া আহাৰ বিৰতিত দহ মিনিটৰ বাবে খোজ কাঢ়িব পাৰে । উল্লেখ্য যে কিছুমান কৰ্মস্থলীত আহাৰ বিৰতিৰ সময়ছোৱাত শাৰীৰিক কাৰ্যকলাপৰ কিছুমান কাৰ্যসূচী অন্তৰ্ভুক্ত ৰখাৰ লগতে ব্যায়ামৰ কিছুমান আন্ত:গাঁথনি সুবিধা কৰি ৰাখে । কিছুসংখ্যক পুৰুষে বিশ্বাস কএৰ যে ‘ন’ পেইন , ন’ গেইন’- ই এটা ভুল ধাৰণা । লগতে ভাবে যে শাৰীৰিক গতি-বিধি এক চিন্তাৰ কাৰণ আৰু এক অসহজ ৰুপ । শাৰীৰিক ব্যায়াম বা গতি-বিধি জোৰ-জবৰদস্তি কৰা উচিত নহয় । যিকোনো শাৰীৰিক কাৰ্যকাৰিতা বা গতি-বিধি, যেনে- খোজকঢ়া, বাগানত কাম কৰা বা গাড়ী ধোৱা ইত্যাদি এইসমূহ কাৰ্যকাৰিতাও মানুহৰ সুস্বাস্থ্যৰ বাবে উপকাৰী ।

দৈনন্দিন জীৱনত মানুহ সক্ৰিয় হৈ থকাৰ ক্ষেত্ৰত বাধা দিয়ে বিভিন্ন স্বাস্থ্য সমস্যাই, যেনে- মেদবহুলতা, পিঠিৰ বিষ আৰু ভাগৰ লগা আদি । গতিকে সক্ৰিয় হৈ থকাৰ বাবে আপুনি এনে কিছুমান শাৰীৰিক গতি-বিধি নিৰ্বাচন কৰক যাতে আৰামদায়কভাৱে , নি:সংকোচে জীৱনটো উপভোগ কৰিব পাৰে । উদাহৰণস্বৰুপে – ছুইমিং বা তেনেধৰণৰ জল গতি-বিধি বা কাৰ্যকলাপৰ অভ্যাস গঢ়ি তুলিব পাৰে । মন কৰিবলগীয়া আপোনাৰ সম্পূৰ্ণ জীৱনত পৰিয়ালৰ সৈতে সুস্থ-সবলভাৱে এটা সুন্দৰ জীৱনশৈলী যাপনৰ বাবে দৈনিক শাৰীৰিক গতি-বিধি বা ব্যায়াম কৰাটো নিতান্তই প্ৰয়োজন ।

লেখক :- মনোজ আদিত্য বড়ো

উৎস :- দেওবৰীয়া সম্ভাৰ