‘অশ্বগন্ধা’ নামটো সকলোৱেই জানে। ভাৰতীয়সকলে ইয়াক চীনসকলৰ মহৌষধ ‘জিংচেং’ বুলি কয়। ই আমাৰ ধাৰণ শক্তি বহু সময় ধৰি ৰাখে। আমাৰ সৌন্দৰ্যৰ ক্ষেত্ৰত এই অশ্বগন্ধাই যথেষ্ট পৰিমাণে সহায় কৰে আমাৰ যেতিয়া হেঁচা(stress) নাথাকে, তেতিয়া আমি সুস্থ-সুবল হৈ থাকিব পাৰো। আমাৰ শাৰীৰিক আৰু মানসিক হেঁচা থাকিলে প্ৰথমেই চুলি সৰে, খং উঠি থাকে, ছাল শোটোৰা পৰে, ছালত ক’লা চামনি পৰে, ছাল শুকান হয়। এনে সমস্যাৰ উপৰি আমাৰ ধাৰণ শক্তি কমি যায়, এলাহ লাগে, শকত হোৱা দেখা যায় আৰু উৎকন্ঠা বাঢ়ি যায়। হেঁচাৰ ফলতেই হ’ৰম’নৰ তাৰতম্যতাও বাঢ়ি যায়। ইয়াৰ কাৰণে শালমইনা হয়, চুলিৰ সমস্যা আহে, ছালৰ উজ্জ্বলতা নাথাকে। এই ভাৰতীয় অশ্বগন্ধাই সৌন্ধৰ্যৰ লগতে শৰীৰৰ বিভিন্ন সমস্যা দূৰ কৰে। ই আমাৰ টোপনিৰ সমস্যা দূৰ কৰে। ভাল টোপনি মানে আঠ ঘন্টা যদি খুব ভাল টোপনি হয়, তেতিয়াও আমাৰ শৰীৰৰ বিভিন্ন সমস্যা দূৰ হয়। শৰীৰৰ সমস্যা দূৰ হোৱা মানেই সৌন্দৰ্যৰ সমস্যাও নাইকিয়া হয়। আমি নিয়মিত হেঁচাৰ ফলত ভাগৰুৱা হওঁ আৰু টোপনি নাইকিয়া হয়। পাছলৈ আমাৰ হতাশা আহে। প্ৰতিটো কামত, নিগেটিভ ভাবধাৰা আহি পৰে। কোনো কামলৈ মন নোযোৱা হয়। কেৱল শুই থাকিবলৈ মন যায়। তেনে অৱস্থাত এই অশ্বগন্ধাৰ টেবলেট যদি এটাকৈ দুমাহৰ বাবে খাওঁ, তেতিয়া আমাৰ বিভিন্ন সমস্যা দূৰ হয়। গৰমৰ দিনত আমাৰ শৰীৰৰ পৰা ঘাম নিৰ্গত হোৱাৰ ফলতো শৰীৰৰ পৰা ট’ষ্কিন ওলাই যায় আৰু শৰীৰ আৰামদায়ক হৈ পৰে।

যিসকলৰ খুব বেছি চুলি সৰে তেওঁলোকে প্ৰায় এমাহৰ বাবে এই টেবলট খাব পাৰে। অশ্বগন্ধাৰ শিপা একাপ পানীত ১৫-২০ মিনিটমান সিজাই ঠাণ্ডা হোৱাৰ পাছত খাব পাৰে।

এই অশ্বগন্ধাৰ পাউডাৰ বাদামৰ তেলৰ লগত মিহলাই শৰীৰত ১৫ মিনিটমান লগাই গা ধুব পাৰে। এনে কৰিলে ছালৰ মৃত কোষসমূহ পৰিষ্কাৰ হ’ব আৰু সতেজতা বাঢ়িব। চাবোনৰ সলনি ব্যৱহাৰ কৰিব। ফলত ছালৰ বিভিন্ন সমস্যা দূৰ হ’ব। বিশেষকৈ শালমইনা। এই অশ্বগন্ধাই আমাৰ বয়স কমাই ৰাখে। ছালৰ কোষ নতুনকৈ গঢ়াত সহায় কৰে। ছালক ধূলি-বালিৰ পৰা সুৰক্ষা দিয়ে। ইয়াৰ ব্যৱহাৰৰ ফলত ছালক মইশ্ব’ কৰি ৰাখে। কুঁহিয়াৰৰ ৰসৰ লগত অশ্বগন্ধাৰ পাউডাৰ দুই চাহ চামুচ মিহলাই ছালত ১৫ মিনিটমান লগালে ছালৰ শোটোৰা শোটোৰ ছাপ নাইকিয়া হয়। যিহেতু ই এন্টি অক্সিডেন্ট গতিকে ছাল সতেজ আৰু সবল কৰি ৰাখে। বয়সৰ ছাপো কমায় ৰাখে। যেতিয়া আমি নিজৰ মুখখন আইনাত চাওঁ, যেতিয়া শুকান, ওলমি পৰা ছাল দেখো মনটো বেয়া লাগে তেতিয়া অশ্বগন্ধাৰ ব্যৱহাৰে-ছালৰ ক’লাজেনক ধৰি ছালক সুঠাম কৰি ৰাখে। আমাৰ চুলিৰ কিউটিকলসমূহ ধূলি-বালিৰ বাবে ফাটি, সৰি যায়। ইয়াৰ সেৱন আৰু চুলিত (গাখীৰ আৰু নিমপাতৰ লগত অশ্বগন্ধাৰ গুড়িৰ মিশ্ৰণ) ব্যৱহাৰ কৰিলে চুলি স্বাস্থ্যৱান হয় আৰু নসৰে।

অশ্বগন্ধাৰ গুড়িৰ লগত সৰিয়হৰ পেষ্ট সমানে মিহলাই, চাৰি চামুচ ভিনেগাৰৰ সৈতে প্ৰয়োজন অনুসৰি, গোলাপজল মিহলাই শৰীৰত লগালে ছালৰ সমস্যা দূৰ হ’ব। অশ্বগন্ধাৰ গুড়ি চাৰি কাপ পানীৰ লগত মিহলাই গা ধুলেও শৰীৰৰ দুৰ্গন্ধ নাইকিয়া হয়। নিমপাত আৰু চাহপাত কেৰাহীত শুকানে ভাজি লৈ গুড়ি কৰি অশ্বগন্ধাৰ গুড়িৰ লগত মিহলাই নাৰিকলৰ তেলত মিলাই থ’ব। সপ্তাহত এবাৰকৈ চুলিত মালিচ কৰিলে চুলি সৰা বন্ধ হ’ব।

যেতিয়া আমাৰ মানসিক আৰু শাৰীৰিক হেঁচা, হতাশা নাথাকিব, তেতিয়া শৰীৰৰ সমস্যাও নাথাকিব। গতিকে এই অশ্বগন্ধা ব্যৱহাৰ কৰি সুস্থ স্বাস্থ্য অটুট ৰাখি ধুনীয়া হৈ থাকিব পাৰোহক।

উৎস: অসম বাণী(ভানু শৰ্মা)