মাকৈৰ গুড়ি, য’ধানৰ গুড়ি আৰু মুলটানি মাটি ইত্যাদি চুলিৰ গুৰিত লগাই ঘন হেয়াৰ ব্ৰাছৰ দ্বাৰা ব্ৰাছ কৰি দিব। এনেদৰে ব্ৰাছ কৰাৰ ফলত চুলিৰ গুৰি পৰিষ্কাৰ হ’ব আৰু চুলিও মিহি-কোমল হ’ব। চুলিৰ উজ্জ্বলতা বাঢ়িব। নতুবা আটাইখিনি সমান পৰিমাণত লৈ গোলাপ জলৰ দ্বাৰা মিহলাব আৰু মূৰত ১০/১৫ মিনিট ৰাখি ধুই দিব পাৰে। চিকাকাই আৰু মণিচালৰ গুটি নিশাটো পানীত তিয়াই পিচদিনা সিজাই চেকি নাইবা মিক্সিত পেষ্ট তৈয়াৰ কৰি লৈ লগাব। ঘঁহি ঘঁহি ধুই দিব, যাৰ ফলত চুলিৰ গুড়ি পৰিষ্কাৰ হয়। ই প্ৰাকৃতিক বাবে চুলিৰ ক্ষতি নকৰে। জবা ফুল আৰু পাত মিক্সিত পেষ্ট তৈয়াৰ কৰি ল’ব। পিচত চুলিত ত্ৰিশ মিনিটৰ বাবে লগাই পানীৰে ধুই দিব। ই চুলিৰ মসৃণতা আৰু উজ্জ্বলতা বঢ়াব। মিথি আৰু কমলাৰ বাকলি মিক্সিত পেষ্ট তৈয়াৰ কৰি চুলিৰ গুৰিত লগালে চুলিৰ গুৰি পৰিষ্কাৰ হয়। ই চুলিৰ স্বাস্থ্য সবল আৰু সুস্থ কৰে। খুব বেছি শুকান চুলিত সদায় ডীপ কণ্ডিচনাৰ কৰিব লাগে। যদি পাৰ্মি, কালাৰিং, ৰিবণ্ডিং কৰিছে, তেন্তে কণ্ডিচনাৰ কৰিবই লাগে। এনে কৰিলেহে চুলিত অন্য সমস্যাই দেখা নিদিয়ে। বুটৰ গুড়ি একাপৰ লগত নাৰিকলৰ গাখীৰ মিহলাই পেষ্ট তৈয়াৰ কৰি ল’ব। চুলিৰ গুৰিত ২০/২৫ মিনিট লগাই থৈ দিব। পিচত পানীৰে ছেম্পু কৰি দিব। ই চুলিৰ মসৃণতা বঢ়াব। শুকান চুলিত সদায় কণ্ডিচনাৰ কৰিবই লাগে। ইয়াৰ ফলত চুলি মিহি আৰু কোমল হয়। চুলিত শুকান ভাব নাথাকে। উৎস: সম্ভাৰ।