আপোনাৰ মুখখনেই আপোনাৰ শৰীৰ আৰু মনৰ দাপোন। আপোনাৰ পেট পৰিস্কাৰ নহলে মুখৰ ছাল কেতিয়াও উজ্জ্বল নহয়। শালমণ, ব্লেক হেড্চ, কলাদাগ, বলিৰেখা আঁতৰাব নোৱাৰে।সেয়ে পেট খোলোচা ৰাখিবলৈ ৰাতি আহাৰৰ পিছত এচামুচ ত্ৰিফলা চূৰ্ণ কুহুমিয়া গৰম পানীৰ লগত খাব।

বিশেষ প্ৰয়োজনত ৰাতি এগিলাচ পানীত এচামুচ ইচবগোল তিয়াই থৈ পুৱা খালি পেটত খাব।
মনৰ স্বাস্থ্য উন্নত নহলেও মুখত গ্লো নাহে।

মনৰ আনন্দইহে মুখখন জিলিকাই তোলে। সৰু সৰু কথাত আনন্দ লভীবলৈ যত্ন কৰক। হাঁহি আৰু আনন্দ সোঁচৰা লাভ।

বাটত পোৱা দুখীয়া শিশুটোক এটা ৫ টকীয়া চকলেট দি মুখ খন চাব চোন। আপোনাৰ মুখৰ গ্লো আনে দেখা পাব।

প্ৰতিটো দিন নতুন দিন। যোৱা কালিৰ হেৰুৱা খিনি, নোপোৱা খিনি পাহৰি যাওক। আজিৰ দিনটো ঈশ্বৰৰ অমূল্য দান।

উদযাপন কৰক। মনত ৰাখিব প্ৰতিটো দিনেই আপোনাৰ জন্মদিন। সুখী থাকিবলৈ যত্ন কৰক। নিজৰ খিনি যি আছে আন বহুতৰেই নাই।

আপোনাৰ জীৱন যাত্ৰাৰ মানদণ্ডও কাৰোবাৰ বাবে ইৰ্ষণীয়। ঈশ্বৰক ধন্যবাদ জনাই গৌৰৱ অনুভৱ কৰক। সন্তুষ্ট থাকক।

কিটিপ -

*সদায় ভাল টোপনি মাৰক। মনত ৰাখিব টোপনিতকৈ ভাল টনিক পৃথিৱীত নাই। যিমান পাৰে পানী খাওক। খোজ কাঢ়ক।

নিতৌ এগিলাচ ডাবৰ পানী/গাজৰ বা বিটৰ ৰস, বতৰৰ ফল সেউজীয়া শাক পাছলি খাব। জাংক ফুড, ভজা মচলা বৰ্জন কৰিব।

*শৰীৰ আৰু মন বেলেন্স হলে মুখ মণ্ডলত সন্তুষ্টী ফুটি উঠে। এই সন্তুষ্টীয়ে দিয়া গ্লো লাখটকীয়া ফেচিয়েলে দিব নোৱাৰে। পাৰিলে আধা ঘণ্টা আসন/প্ৰাণায়াম কৰক।

ই শৰীৰ মন বেলেন্স কৰিব। সদায় ৰাতিপুৱা এটা নিৰ্দিষ্ট সময়ত অকলশৰীয়া হৈ মেৰুদণ্ড পোণ কৰি বহক। চকু মুদি শান্ত হওক।

নিজৰ উশাহ নিশাহ অনুমান কৰক। আপুনি মানুহজনীনো কোন জনী বিচাৰি চাওক। মনত ৰাখিব আপোনাৰ দেহাৰ কোনোটো অংগই আপুনি নহয়। এই ১০ - ১৫ মিনিট কেৱল আৰু কেৱল নিজকে দিয়ক মুখ আৰু শৰীৰত সৌম্যতা আহিব। ব্যক্তিত্ব বাঢ়িব।

সদায় কোনোবা এজনক সহায় বা সুখী কৰিব। মুখখনৰ ছাল দাগ বিহীন, মসৃণ, শালমণ মুক্ত, উজ্জ্বল আৰু বগা কৰিবলৈ একেবাৰে উজু, খৰচ নলগা ।

সাধাৰণ ঘৰুৱা উপায় -

১. নেমু –

নেমুত চাইট্ৰিক এচিড, ভিটামিন চি পোৱা যায় যাৰ ফলত মুখৰ উজ্জ্বলতা বাঢ়ে।

২. ছালকুৱঁৰী-

ছালকুৱঁৰীৰ প্ৰাকৃতিক গুণে মুখৰ একনি, পিম্পল দূৰ কৰি দাগহীন আৰু বগা কৰে।

৩. চেনী-

চেনী এবিধ ভাল স্কাৰ্ব । ই ছালত জমা হোৱা ডেড চেল্চ আৰু ডাৰ্কনেচ ৰিমুভ কৰি আপোনাৰ ছাল বগা আৰু উজ্জ্বল কৰে।

ছালকুৱঁৰীৰ ওপৰৰ তৰপ টো এৰুৱাই ভিতৰৰ জেলখিনি চামুচেৰে উলিয়াই এখন প্লেটত লওক। এই জেলখিনিত এচামুচ নেমু ৰস আৰু এচামুচ চেনী মিহলাওক। মুখখন ধুই শুকান টাৱেলেৰে টুকি লওক।

এতিয়া মিশ্ৰণটো হাতত লৈ মুখমণ্ডল আৰু ডিঙিত ঘুৰাই ঘুৰাই ৫-১০ মিনিট মালিচ কৰি কিছু সময় থাকিব দিয়ক। শুকুৱাৰ পিছত ঠাণ্ডা পানীৰে ধুৱক। সপ্তাহত ৩/৪ দিন কৰিব।
আইনাত নিজৰ মুখখন চাওক। কেই সপ্তাহ মানৰ ভিতৰতে আপোনাৰ সপোনৰ মুখখনৰ গৰাকী হওক।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ