শাক-পাচলিত থকা পুষ্টিকাৰক সংৰক্ষণ কৰিবলৈ হ’লে– ৰন্ধাৰ আগৰে পৰা যত্ন লোৱা উচিত৷ যেনে: আলু, পিয়াজ ইত্যাদি পাচলি পাচিত ভৰাই শুকান ও ঠাণ্ডা মজিয়াত থব লাগে ৷ অন্যান্য শাক-পাচলি পাচিত ভৰাই থোৱাৰ উপৰিও এখন সেমেকা কাপোৰেৰে ঢাকি ৰাখিলে সতেজ হৈ থাকে৷ পাচলি সদায় বাকলি গুচোৱাৰ আগতে ধুই ল’ব লাগে আৰু পাচলিৰ বাকলি পাতলকৈ আঁতৰাব লাগে বা বাকলিৰে সৈতে ৰন্ধাটোও ভাল ৷ সেউজীয়া শাক-পাত ধুই লৈহে মিহিকৈ কুটিব লাগে ৷ পাচলি খুব সৰু-সৰুকৈ ডোখৰ কৰিব নালাগে আৰু সদায় সমান আকাৰত, ৰন্ধাৰ ঠিক আগমুহুৰ্ত্ততহে ডোখৰ ডোখৰ কৰিব লাগে৷ গাজৰ মূলা ইত্যাদি পাচলিৰ পাত বিলাক খোৱা ভাল ৷ পাচলি যেনে: গাজৰ, মূলা, তিয়ঁহ, বিলাহী, মটৰ, বন্ধাকবি, পালেং, চালাড পাত, ধনীয়া পাত ইত্যাদি কেচাই খালে বেচি পুষ্টিগুণ পাব পাৰি ৷ বজাৰৰ পৰা পৰাপক্ষত অতি বেচি শাক-পাচলি কিনি আনিব নালাগে ৷ পৰাপক্ষত ঘৰতে এখনি সৰুকৈ হ’লেও শাক-পাচলিৰ বাৰী ল’লে সহজতে সতেজ শাক-পাচলি খাব পৰা যায় ৷ সৰুৰে পৰাই ল’ৰা-ছোৱালীক সেউজীয়া শাক-পাচলি খুওৱাৰ অভ্যাস কৰিব লাগে ৷ ৰান্ধোতে কেনেদৰে পুষ্টিগুণ সংৰক্ষণ কৰিব পাৰি শাক-পাচলি সদায় কম পানীত, কম জুইত ঢাকন দি ৰান্ধিব লাগে৷ ৰান্ধোতে কম তেল-মচলা প্ৰয়োগ কৰা ভাল ৷ সোনকালে সিজিবৰ বাবে ‘খাৰ’ প্ৰয়োগ কৰা উচিত নহয় ৷ ৰান্ধোতে সঘনাই ঢাকন ডাঙি লৰাই থাকিব নালাগে, তাপত খাদ্যৰ সাৰভাগ নষ্ট হয় ৷ শাক-পাচলি বেচিকৈ সিজাই খাব নালাগে ৷ ৰন্ধাৰ পিচত শাক-পাচলি ৰন্ধাৰ লগে লগে খাব লাগে৷ ৰন্ধা শেষ কৰি ঢাকন আঁতৰাই দিব নালাগে ৷ ঠাণ্ডা হ’লে পুনৰ তপতালে খাদ্যৰ পুষ্টিগুণ কমি যায়৷ বাকী থকা ৰন্ধা পাচলি (ভাজি) বা ৰন্ধা শাক পাতৰ পানী পেলাই নিদি আটা বা ময়দাৰ লগত মিহলাই ৰুটি কৰি খাব পাৰি৷ প্ৰত্যেক দিনা সেউজীয়া শাক-পাত খোৱা উচিত৷ জাৰকালি উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ শাক-পাত, জহকালিৰ বাবে সংৰক্ষণ কৰিবলৈ হ’লে শাক-পাতবোৰ ধুই ৰ’দপৰা ঠাইত (পোনপটীয়াকৈ ৰ’দ পৰিবলৈ দিব নালাগে) শুকুৱাই গুৰি কৰি বটলত ভৰাই থ’ব লাগে ৷ জহকালি চাটনিৰ দৰে এনে শাক-পাতৰ গুৰি ভাতৰ লগত পৰিবেশন কৰিব পাৰে ৷ আন এবিধ জাৰকালিৰ পাচলি যেনে: ফুলকবি ধুই সৰু সৰুকৈ কাটি সূতাৰে মালা গাথিঁ ৰ’দপৰা ঠাইত ওলোমাই থ’লে- জহকালি আলুৰ লগত চয়াবিনৰ দৰে ৰান্ধি খাব পাৰি ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।