নিয়মীয়াকৈ ৩-৪ বাৰমান মুখখন ধুব লাগে। কেতিয়াও মুখখন ধুই বা ক্লিনজিং কৰি ট’নাৰ ব্যৱহাৰ নকৰাকৈ থাকিব নালাগে। এণ্টিছেপটিক লোচনৰ ব্যৱহাৰ কৰিব লাগে। ৰাসায়নিক মুক্ত স্ক্ৰাব ব্যৱহাৰ কৰিলে ছালৰ ছিদ্ৰসমূহ ডাঙৰ হোৱাৰ সম্ভাৱনা নাথাকে। মৃত কোষ পৰিষ্কাৰ হয়। নতুনকৈ কোষ গঠন হৈ স্বাস্থ্যৱান ছাললৈ ৰূপান্তৰিত হয়। এই সময়ত বেক্টেৰিয়াই আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে। সেইবাবে এণ্টিছেপটিক লোচন লগাব। এই বতৰত ছালত ব্লিচিং কৰিব নালাগে। কৰিলে ছালৰ অৱস্থা খুব ডাঠ হয়। বৰষুণৰ বতৰত এষ্ট্ৰিনজেণ্ট লোচন কপাহত তিয়াই লগাব লাগে। চুলিৰ ক্ষেত্ৰত প্ৰতিটো শ্বেম্পু কৰাৰ পাছত কণ্ডিচনাৰ কৰিবই লাগে। নহ’লে চুলি শুকান হৈ দুমুখীয়া হয়। যিহেতু এই বতৰত চুলি নিস্তেজ হয়, গতিকে চুলিৰ উজ্জ্বলআ অনাৰ বাবে মেয়’নিজ আৰু মিথি পাউদাৰ সমান পৰিমাণত মিহলাই প্ৰায় ২৫ মিনিটমান সময় লগাব লাগে। বিয়েৰত ৰ’জমেৰী আৰু লেভেণ্ডাৰ মিহলাই ১০ মিনিটমান ৰখাৰ পাছত চুলিত কপাহৰ সহায়ত লগালে চুলিৰ উজ্জ্বলতা বাঢ়ে। আপেল চিদাৰ ভিনেগাৰত জিলেটিন মিহলাই পাঁচ মিনিটমান থৈ দিয়াৰ পাছত চুলিত লগাব লাগে। পাছত ফইল পেপাৰ মেৰিয়াই থ’ব প্ৰায় ২০ মিনিটমান। এনেদৰে সপ্তাহত দুবাৰকৈ কৰিলে চুলিৰ ফলিকলচ্ত প্ৰ’টিনৰ মাত্ৰা বঢ়ায়। ফলত চুলি স্বাস্থ্যৱান হয়। ভৃংগৰাজ পাউদাৰ, আমলা পাউদাৰ সমানে মিহলাই প্ৰয়োজন অনুসৰি ভিনেগাৰত তিয়াই থ’ব। চুলিত আধা ঘণ্টাৰ বাবে লগাব। চুলিৰ গুৰি পৰিষ্কাৰ হ’ব। চুলিও সোনকালে দীঘল হ’ব। চুলি মিহি আৰু দীঘল হোৱাৰ বাবে ফাইবাৰ যুক্ত কণ্ডিচনাৰ আৰু চুলিৰ মাস্ক ব্যৱহাৰ কৰিব লাগে। বাৰিষাত বহুতে চুলি স্মুথিং কৰে। তেওঁলোকে চুলিৰ অলপ যত্ন কৰিব লাগে। চুলিত ৰাসায়নিকৰ ব্যৱহাৰ কৰাৰ বাবে চুলিৰ গুৰি কিছু দুৰ্বল হয়। সেইবাবে চুলিক মইশ্ব’ কৰি ৰাখিব লাগে। তাৰ বাবে চুলিত মাস্ক ব্যৱহাৰ কৰি চেৰাম ব্যৱহাৰ কৰিব লাগে। এই সময়ত চুলিত কেতিয়াও গৰম বা কুহুমীয়া পানী ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে চুলি ছিঙি যায়। আইৰন, ইলেক্ট্ৰিক ৰোলাৰ, টং আদি চুলিত ব্যৱহাৰ কৰিব নালাগে। ৰ’দত ওলালে স্কাৰ্ফ লৈ বা কেপ পিন্ধি ল’ব লাগে। ৰ’দ, প্ৰদূষণৰ বাবেও চুলি সৰি যায়। চুলিত শ্বেম্পু কৰি ড্ৰায়াৰ ব্যৱহাৰ কৰিব নালাগে। মিৰাক্লছ বা গোলড স্পা সপ্তাহত দুবাৰকৈ কৰিব যেতিয়া খুব চুলি সৰে। স্পাই চুলিত পুষ্টি যোগায় আৰু মইশ্ব’ কৰি ৰাখে। বৰষুণত কেতিয়াও স্মুথিং কৰা চুলিৰ ব্যক্তিসকলে ওলাব নালাগে, বৰষুণৰ পানীয়ে চুলি সৰাত সহায় কৰে। কাৰণ আজিৰ দিনত ই এচিডিক। হেয়াৰ ট্ৰিম নিয়মীয়াকৈ কৰিব লাগে। এনে চুলিত হেয়াৰ কালাৰ কৰালে চুলি ছিঙি যায়। স্মুথিং কৰাৰ পাছত ছুইমিং কৰিব নালাগে। চুলি ছিঙি যায়। প্ৰতিটো শ্বেম্পূ কৰাৰ আগেয়ে অলিভ অইল আৰু মেয়’নিজ সমানে মিহলাই লগাব লাগে। শাওণ মাহত প্ৰসাধন কৰিলে সদায় ৱাটাৰ প্ৰুফ কৰিব। যাতে বৰষুণত উটি নাযায়। ঠিক তেনেদৰে আই লাইনাৰ আৰু মাস্কাৰাও পানী মুক্ত হোৱাটো বাঞ্ছনীয়। লিপষ্টিক কিন্তু এছ পি এফ হ’লে ভাল। ই ওঁঠযোৰ কোমল কৰি ৰাখিব। যদি কম্পেক্ট পাউডাৰ ব্যৱহাৰ কৰে, তেন্তে ৰাতি শোৱাৰ আগেয়ে ভালদৰে ক্লিনজিং কৰাব। নহ’লে শালমইনা হোৱাৰ সম্ভাৱনা থাকে। শৰীৰত সুগন্ধি ব্যৱহাৰ কৰিব। বিশেষকৈ ফুলৰ গোন্ধ থকা হ’লে ঘামৰ গোন্ধ নাপাব। গা ধোৱা পানীত নেমুৰ ৰস আৰু নেমুৰ পাত কেইটামান মোহাৰি দি ল’ব। এনে কৰিলে ঘামৰ দুৰ্গন্ধ নাথাকে। শৰীৰ গৰম হোৱা খাদ্য, যেনে- চাহ, কফি, মাংস, নহৰু, আদা, কঁঠাল ইত্যাদি নাখাব। লেখিকা: ভানু শৰ্মা, অসম বাণী।