শব্দ মানৱ জীৱনৰ সৈতে ওত:প্ৰোতভাৱে জড়িত এক জীৱন লগৰী। আমাৰ দৈনন্দীন জীৱন যাত্ৰা, জীৱন ধাৰণৰ মান আৰু সুস্বাস্থ্যৰ লগত শব্দৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। কোনো এটা বস্তুৰ কম্পনৰ ফলত শব্দ তৰংগৰ সৃষ্টি হয় আৰু এই তৰংগ বায়ুৰ মাধ্যমেৰে আমাৰ কাণত পৰে। আমাৰ কাণৰ বাহ্যিক, মধ্য আৰু আভ্যন্তৰীণ অংশ আৰু মস্তিস্কৰ টেম্পোৰেল লোবে নানা প্ৰক্ৰিয়াৰে আমাক এই শব্দ শুনায়। শব্দৰ পৰিমাণ জুখিবলৈ ডেচিবল আৰু প্ৰাবল্য জুখিবলৈ হাৰ্টজ একক ব্যৱহাৰ কৰা হয়। মানুহে সাধাৰণতে ১০ ডেচিবলতকৈ বেছি পৰিমাণৰ আৰু ২০ হাৰ্টজৰ পৰা ২০,০০০ হাৰ্টজৰ প্ৰাবল্যৰ শব্দ শুনা পায়। অৱশ্যে বৃদ্ধ অৱস্থাত শ্ৰৱণ শক্তি কমি অহাৰ বাবে ৬০ হাৰ্টজৰপৰা ১২,০০০ হাৰ্টজ প্ৰাবল্যৰ শব্দহে শুনা পায়। শব্দৰ মাধ্যমেৰেই আমি আমাৰ মনৰ ভাব, আনন্দ, সুখ-দুখ, হাঁহি-কান্দোন আদি প্ৰকাশ কৰাৰ উপৰি বাহ্যিক জগতখনৰ নানা কথাৰ উমান পাওঁ। কথা-বতৰা, পঢ়া-শুনা, চৰাই-চিৰকটিৰ মাত। জীৱ-জন্তুৰ মাত গাড়ী-মটৰৰ উমান আদি সকলোবোৰ শব্দৰ দ্বাৰাই আমি অনুভৱ কৰোঁ। শব্দ অবিহনে জীৱন অতিবাহিত কৰাৰ কথা ভাবিবই নোৱাৰি। শব্দ আমাৰ বাবে ইমান প্ৰয়োজনীয় সত্বেও শব্দই যেতিয়া মাত্ৰা অতিক্ৰম কৰি বিকৃত ৰুপ লৈ হুলস্থুলীয়া হৈ পৰে, তেতিয়া ই শব্দ প্ৰদূষণৰ ৰুপ লৈ গোটেই পৰিৱেশটোকে প্ৰদুষিত কৰে। ইংৰাজীত ইয়াক Noice pollution বুলি কোৱা হয়। বাহ্যিক উৎস হিচাপে যান-বাহন, লাউড স্পীকাৰ, ছুপাৰ ছনিক বিমান, জেনেৰেটৰ, নিৰ্মাণ কাৰ্যত ব্যৱহৃত মেচিন, গ্ৰাউণ্ডিং মিল, উদ্যোগৰ নানা মেচিন আদিৰ উচ্চ হানিকাৰক শব্দ আৰু ঘৰুৱাভাৱে ঘৰুৱা শব্দ, মিউজিক চিষ্টেম, টেলিভিছন, কম্পিউটাৰ আৰু হেড ফোন আদিৰ বাবে সৃষ্টো হোৱা শব্দ প্ৰদূষণৰ অত্যাচাৰৰ বাবে আধুনিক পৃথিৱীখন ভয়াবহ হৈ পৰিছে। ভাৰতবৰ্ষৰ দৰে দেশত নানা উৎসৱৰ সময়ত বিয়া-সবাহ আৰু ধৰ্মীয় অনুষ্ঠান আদিত প্ৰচুৰ শব্দ প্ৰদূষণ হোৱা দেখা যায়। শব্দ প্ৰদূষুণে টোপনিত দিগদাৰি দিয়া, নিদ্ৰাহীনতা, বাৰ্তালাপত দিগদাৰি, মানসিক অৱসাদ আৰু কৰ্মত দক্ষতা কমাই মানুহৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মোৱাৰ লগতে জীৱন ধাৰণৰ মান অৱনমিত কৰে। শব্দ প্ৰদূষণৰ বাবে মানুহৰ মনলৈ বিৰক্তি ভাব আৰু হতাশা আহে, কৰ্মক্ষেত্ৰত বাধা ওপজে, মনোযোগ ভ্ংগ কৰি দুৰ্ঘটনাৰ সাম্ভৱনা বাঢ়ে। শব্দ প্ৰদূষণৰ মাজত বাস কৰা মানুহে স্বাভাৱিকতে কথা ডাঙৰকৈ কয়,কাৰোবাৰ কথা শুনিবলৈ কাণখন মুখৰ ওচৰলৈ নিয়ে, সদায় শুনি থকা শব্দও অস্বাভাৱিক যেন অনুভৱ কৰে আৰু আনে স্বাভাৱিকভাবে কথা কলেও স্পষ্টকৈ নকয় বুলি অভিযোগ কৰে। এনে পৰিৱেশত থকা মানুহৰ মূৰৰ বিষ হোৱা, অতিৰিক্তভাৱে ঘমোৱ, হৃদপিণ্ডৰ স্পণ্ডন বঢ়া, শ্বাস-প্ৰশ্বাসৰ হাৰ বঢ়া, দৃষ্টি শক্তি কমা আদি হয়। এনে পৰিৱেশত কেঁচুৱাই অস্বাভাৱিক আচৰণ কৰে। শিশু বা স্কুলৰ ছাত্ৰ-ছাত্ৰীবোৰ শব্দ প্ৰদূষণৰ মাজত থাকিলে কথা কোৱা আৰু পঢ়াৰ বিসংগতিত ভোগাৰ উপৰি ডিচগ্ৰাফিয়া নামৰ এক শিক্ষণ বিসংগতিযুক্ত ৰোগত ভগা দেখা যায়। শব্দ প্ৰদূষণ হোৱা ঠাইত থকা স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে। শব্দ প্ৰদূষণে মনুহৰ স্বাস্থ্যৰ ওপৰত বিৰুপ প্ৰভাৱ পেলায়। এই প্ৰভাৱ শ্ৰৱণ প্ৰক্ৰিয়াযুক্ত অথবা শ্ৰৱণ প্ৰক্ৰিয়া বহিৰ্ভূত, যিকোনো হ’ব পাৰে। সাধাৰণতে শব্দৰ মাত্ৰা ৪০ ডেচিবলতকৈ কম হ’লে শ্ৰৱণ শক্তিৰ কোনো ক্ষতি নহয়। অতিমাত্ৰা শব্দই কাণৰ পৰ্দাৰ ক্ষতিসাধন কৰি শ্ৰৱণ শক্তি হ্ৰাস কৰে। শব্দ প্ৰদূষিত ঠাইত সুস্থ ব্যক্তি এজন বাস কৰিলে তেওঁ প্ৰথমে কাণৰ কাষত হূইচেল বাজি থকা যেন অনুভৱ কৰাৰ উপৰি কাণৰ বিষত ভোগে। পিছলৈ এনে পৰিৱেশতে এবছৰমান বাস কৰিলেই শ্ৰৱণ শক্তি লোপ-পোৱাৰ বাবে স্বাভাৱিক শব্দ বা কথা-বতৰা শুনিবলৈ অক্ষম হয়। শব্দ প্ৰদূষণে কৰা শ্ৰৱণ লোপ স্থায়ী বা অস্থায়ী যিকোনো হ’ব পাৰে। শব্দৰ মাত্ৰা ৪০ ৰ পৰা ১০০ ডেচিবলৰ ভিতৰত হ’লে অস্থায়িভাৱে শ্ৰৱণ শক্তি লোপ পায়। এনে হ’লে মানুহে মৃদু শব্দ নুশুনা হয়, কিন্তু শব্দ প্ৰদূষণৰ পৰা আঁতৰি আহিলে এমাহমান পিছত আগৰদৰে শুনা হয়। শব্দৰ মাত্ৰা ১০০ ডেচিবলতকৈ বেছি হ’লে স্থায়ীভাৱে শ্ৰৱণ শক্তি লোপ পায়। শব্দৰ মাত্ৰা ১৬০ ডেচিবলতকৈ বেছি হ’লে কাণৰ পৰ্দা ফাটি যোৱাৰ বাবে স্থায়ীভাৱে শ্ৰৱণ শক্তি লোপ পায়। শ্ৰৱণ শক্তি হেৰুৱালে কৰ্মদক্ষতা কমে, ফলত উপাৰ্জন কমি যোৱাৰ বাবে মানুহ নিসংগ হৈ পৰে। বহুদিন শব্দ প্ৰদূষণৰ মাজত থাকিলে শ্ৰৱণ প্ৰক্ৰিয়া বহিৰ্ভুত স্বাস্থ্য সমস্যাৰ ভিতৰত উচ্চ ৰক্তচাপ, বমি হোৱা, পাকস্থলীৰ ঘাঁ, হৃদৰোগ, ৰক্ত সঞ্চালনৰ অসুখ, শ্বাস-প্ৰশ্বাসৰ ৰোগ আদি হ’ব পাৰে। শব্দ প্ৰদূষণ হোৱা ঠাইত বসবাস কৰা বহু ব্যক্তিয়ে উগ্ৰতা, উত্তেজনা, মানসিক চাপ আদিত ভুগি মানসিক ৰোগৰ চিকাৰ হোৱা দেখা যায়। অধ্যয়নত প্ৰকাশ পোৱা মতে, গৰ্ভৱতী মহিলা বহুদিন শব্দ প্ৰদূষণৰ মাজত থাকিলে গৰ্ভৰ সন্তান অতিশব্দৰ প্ৰভাৱত পৰে। ফলত কেঁচুৱাৰ জন্মগত ফটা ওঠ আৰু মেৰুদণ্ডৰ বিস্ংগতি থকাৰ উপৰি জন্মৰ সময়ত ওজন কম হোৱা দেখা যায়। গৰ্ভধাৰণ কৰাৰ প্ৰথম তিনি মাহত শব্দ প্ৰদূষণৰ প্ৰভাৱ অধিক দেখা যায়। বৰ্তমানৰ পৃথিৱীত শব্দ প্ৰদূষণ একেবাৰে নোহোৱা কৰাটো সম্ভৱ নহয়, সেয়েহে আমি ইয়াক কমাবলৈ শব্দ প্ৰদূষণ সৃষ্টি কৰা উৎস আৰু ইয়াক বিয়পোৱা মাধ্যমবোৰ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা উচিত। মেচিন, গাড়ী আদি নিয়মীয়াকৈ মেৰামতি কৰি আৰু আবেষ্টনীৰ মাজত ৰাখি শব্দ কম কৰা, অত্যাধিক শব্দৰ পৰা আঁতৰি থকা, দিনটো শব্দ প্ৰদূষণ হোৱা ঠাইত থকা ব্যক্তিয়ে (কল-কাৰখানাত কাম কৰা ব্যক্তি) শব্দ প্ৰতিৰোধক আহিলা(ইয়েৰ প্লাগ, ইয়েৰ মাফ আদি) ব্যৱহাৰ কৰা, কাণ দুখনক জিৰণি দিয়া, বাসস্থান মূল ৰাস্তা আৰু জনবহুল ঠাইৰপৰা দূৰৈত তৈয়াৰ কৰি চাৰিওফালে গছ আদি ৰুই শব্দ কমাব পাৰোঁ। আঁইন মানি ৰাজহুৱা স্থান আদিত ফটকা ফুটোৱা, উচ্চ গ্ৰামত মাইক বজোৱা, স্কুল-কলেজ আদিৰ কাষত হৰ্ণ বজোৱা আদি নিষেধ কৰি শব্দ প্ৰদূষণ কমাবৰ বাবে ৰাইজক সজাগ কৰা উচিত। এনেবোৰ কৰি শব্দ প্ৰদূষণৰ ফলত হোৱা স্বাস্থ্য সমস্যা কমাব পাৰোঁ, যদিও ইয়াৰ বাবে কাণেৰে কম শুনা হোৱা বা আন কিবা সমস্যা দেখা দিলেই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ডা: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।