চমু বিৱৰণ

এটা লাহী, আকৰ্ষণীয় শৰীৰ বেছিভাগ নাৰীৰে কাম্য। বৰ্তমান যুগত মেদবহুল শৰীৰ কোনেও নিবিচাৰে। চৰ্বীসৰ্বস্ব শৰীৰ কেৱল কুৎসিতেই নহয়, ই নানা ৰোগৰো বাসস্থলী। বৰ্তমান সময়ত প্ৰায়ভাগ নাৰীয়ে দেহৰ চৰ্বী লৈ বিভিন্ন অসুবিধা তথা হীনমান্যতাত ভোগা দেখা যায়। নিজকে সুন্দৰ, সুঠাম, লাহী কৰি তুলিবলৈ আজিকালি বেছিসংখ্যক নাৰীয়ে ডায়েটিং অৰ্থাৎ খাদ্যাভ্যাস সংযত কৰিবলৈ লৈছে। কিন্তু জধে-মধে ডায়েটিং কৰাটো আপোনাৰ শৰীৰৰ বাবে অনিষ্টকাৰক তথা বিপজ্জনকো। সেয়েহে আপুনি ডায়েট আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ডাক্তৰৰ পৰামৰ্শ লৈহে কৰিব। গতিকে উচিত মতে খাদ্যাভ্যাস সংযত কৰিলে আপোনাৰ দেহৰ চৰ্বী কমাৰ উপৰি ছালৰ মসৃণতা আৰু উজ্জ্বলতা বৃদ্ধি পাব।

মেদবহুলতাৰ পৰা ৰক্ষা পাবলৈ কিছুমান কথাৰ প্ৰতি সততে গুৰুত্ব দিয়ক

বৰ্তমান যান্ত্ৰিক যুগে মানুহক এক স্বচ্ছন্দ্য আৰু আৰামদায়ক জীৱন উপহাৰ দিছে। আপোনাৰ মেদবহুলতাৰ ইও এক প্ৰধান কাৰণ। গতিকে প্ৰত্যেকদিনাই আপুনি শাৰীৰিক পৰিশ্ৰম বা ঘৰৰ দৈনন্দিন কামবিলাক পৰাপক্ষত নিজে কৰিবলৈ যত্ন কৰিব। নিয়মিত ব্যায়ামৰ অনুশীলন কৰক, দেখিব আপোনাৰ মেদ লাহে লাহে কমিবলৈ ধৰিছে।

আপুনি ডায়েটিং কৰিবলৈ গৈ খাদ্যৰ পৰিমাণ কেতিয়াও নকমাব। বহুতো মহিলাৰ ক্ষেত্ৰত দেখা যায় তেওঁলোকে ডায়েটিঙৰ নামত খাদ্যৰ পৰিমাণ কমাই দি এচিডিটি, গেষ্ট্ৰিক, ল’ প্ৰেছাৰ, এনিমিয়া আদি ৰোগ নিজেই মাতি আনে, ফলত হিতে বিপৰীত হৈ অতিশয় দুৰ্বল আৰু বেমাৰী হৈ পৰে। গতিকে এইক্ষেত্ৰত সাৱধান হ’ব।

আপুনি সুস্বাদু খাদ্যৰ প্ৰতি আসক্তি কমাবলৈ চেষ্টা কৰিব। খাদ্যৰ স্বাদৰ ওপৰত গুৰুত্ব নিদি গুণাগুণৰ ওপৰত গুৰুত্ব দিয়ক।

ভজা-পোৰা, জ্বলা-মচলাযুক্ত, চৰ্বীযুক্ত আহাৰ খোৱাৰ পৰা নিজকে দূৰত ৰাখক।

আইচক্ৰীম, কেক, মিঠাই, মিঠা বিস্কুট, জাম আদি কম পৰিমাণে খাব।

বিভিন্ন ধৰণৰ চকলেট, ককাৰ পৰা তৈয়াৰ কৰা শীতল পানীয় আৰু খাদ্য আদি সেৱনৰ পৰা বিৰত থাকক।

আপোনাৰ যদি বয়স ২৫-৩০ৰ ভিতৰত আৰু আপুনি যদি নিৰামিষাহাৰী, তেতিয়াহ’লে ডায়েটিং কেতিয়াও নকৰিব। কাৰণ ই আপোনাৰ উৰ্বৰতা শক্তি নাশ কৰিব, ফলত ভৱিষ্যতে গৰ্ভধাৰণত বিভিন্ন অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

অত্যধিক মদ্যপান আৰু ধূমপানৰ পৰা নিজকে দূৰত ৰাখিব।

সতেজ ফল-মূল, সৰ নথকা গাখীৰ, চৰ্বী নথকা মাছ-মাংস, সেউজীয়া শাক-পাচলি আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

ফল-মূলৰ ৰস আৰু দৈনিক ৪-৫ লিটাৰৰো অধিক পানী খাবলৈ যত্ন কৰিব।

আপোনাৰ সুবিধা অনুযায়ী দৌৰা, খোজকঢ়া, চাইকেল চলোৱা, নচা, সাঁতোৰা আদি নিয়মিত ৰূপত কৰিবলৈ চেষ্টা কৰক।

সপ্তাহত এদিন উপবাসে থকাৰ অভ্যাস কৰক। ফল-মূল তথা কেঁচা বুট-মগু খাব, কিন্তু সম্পূৰ্ণ লঘোণে নাথাকিব। আপুনি সদায় সময়মতে উচিত পৰিমাণত নিয়মিত খাব। কিন্তু লঘোণে থাকি নাখাই-নবৈ ক্ষীণাবলৈ গলে ক্ষীণোৱাতকৈ শৰীৰটো বেছি দুৰ্বলহে হ’ব, বিভিন্ন ৰোগৰ চিকাৰ হ’ব। আনহাতে আপোনাৰ গাৰ ছাল, ৰঙৰ উজ্জ্বলতা ম্লান পৰি আহিব। এই কথা আপুনি সদায় মনত ৰাখিব। স্বাস্থ্যৰক্ষাৰ বাবে প্ৰচুৰ পৰিমাণে কেঁচা সেউজীয়া শাক-পাচলি খোৱাটো খুবেই প্ৰয়োজনীয়। কাৰণ সেউজীয়া শাক-পাচলিয়ে কলেষ্টেৰল, চৰ্বীৰ পৰিমাণ কমাই শৰীৰৰ অতিৰিক্ত ওজন বঢ়াত বাধা প্ৰদান কৰে। গতিকে আপোনাৰ খাদ্যাভ্যাস সংযত কৰক আৰু এটা মেদহীন, আটিল, লাহী, আকৰ্ষণীয় শৰীৰৰ গৰাকী হওক।

লেখক:শিখামণি বৰা,

উৎসঃ নন্দিনী