*ধ্যান আৰু যোগৰ সহায়ত মানসিক চাপ কমাবৰ প্ৰৱাস কৰক।

*নিজৰ খং, উত্তেজনা, দুশ্চিন্তা কোনো নিৰ্ভৰযোগ্য ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰক।

*নিতৌ সন্তুলিত আহাৰ আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খাওক।

*মদ্যপান, ধূম্ৰপান আৰু যিকোনো ৰাগিয়াল দৰব পৰিহাৰ কৰক।

*একে সময়তে নিতৌ ৭/৮ ঘন্টা নিদ্ৰা যোৱাৰ অভ্যাস কৰক।

*নিয়মীয়া চকু পৰীক্ষা কৰাব।

*ম’বাইল আৰু কম্পিউটাৰৰ কামৰ মাজৰ পৰা চকু আৰু দেহক বিশ্ৰাম দিয়াৰ অভ্যাস গঢ়ি তোলক।

*দৰবৰ অতিমাত্ৰা সেৱন পৰিহাৰ কৰি চলক।

*সুস্বাস্থ্যৰ বাবে অসমীয়া ঘৰুৱা বনৌষধি, শাক-পাত, থলুৱা খাদ্য মাজে মাজে গ্ৰহণ কৰক।

*নিৰাশাবাদী নহ’ব, সদায় যোগাত্মক চিন্তা কৰক।

*সুস্থ জীৱনশৈনী মানি চলক।

উৎস: নিয়মীয়া বাৰ্তা