মূৰ্ছা হ’ল ৰক্তবাহী শিৰাৰ প্ৰকট অক্ষমতাৰ অন্যতম বহি:প্ৰকাশ। ইয়াত মস্তিষ্কলৈ তেজ আগমনৰ পৰিমাণ কমি যোৱাৰ ফলত হঠাতে ক্ষণস্থায়ী সংজ্ঞাহীনতাই দেখা দিয়ে। বেছিভাগ ক্ষেত্ৰতে মূৰ্ছা যোৱা দেখা যায় মানসিক আঘাত বা স্নায়ৱিক চাঞ্চল্যৰ সৈতে। অতিপাত ৰুগ্ন অৱস্থা, তেজ কমি যোৱা, দৈহিক শ্ৰান্তি, গৰ্ভৱতী অৱস্থাত উচ্চ ৰক্তচাপ, অত্যাধিক ভয়, বিষ, খাদ্যাভাষ, হঠাৎ কোনো দু:সংবাদ (বা সুসংবাদ) ইত্যাদি কাৰণত মূৰ্ছা যাব পাৰে। কেতিয়াবা মূৰ্ছাৰ আগমুহুৰ্তত বমি বমি ভাৱ, শ্বাস কষ্ট, মূৰ ঘূৰণি, চকুৰে অন্ধকাৰ দেখা, দুৰ্বলতা আদি পূৰ্ব লক্ষণ প্ৰকাশিত হ’ব পাৰে। মূৰ্ছাত ছাল আৰু শ্লৈষ্মিক ঝিল্লীৰ ৰং শেঁতা পৰে, ৰক্তচাপ কমি ৭০-৬০ মি:মি: পাৰাস্তম্ভ পায়গৈ। শ্বাস-প্ৰশ্বাসৰ গতি কমি যায়। মূৰ্ছাৰ স্থায়িত্ব কেইছেকেণ্ডমান হ’লেও কেতিয়াবা মিনিট পৰ্য্যন্ত পায়গৈ। দুৰ্দশাগ্ৰস্তক টান ঠাইত চিৎ কৰি শুৱাই দিব লাগে। শৰীৰৰ তুলনাত মূৰটো কিছু তলত ৰাখিব লাগে। বিছনাতকৈ চ’ফাত শুৱাই দি শৰীৰৰ পশ্চাদ ভাগ ওখকৈ ৰাখিলে বৰ সুবিধা। এনে কৰিলে মূৰলৈ ৰক্তস্ৰোত বোৱাত বৃদ্ধি পায় আৰু শীঘ্ৰেই শ্বাস-প্ৰক্ৰিয়া ক্ৰিয়া স্বাভাৱিক হৈ আহে। ডিঙি অঞ্চল আৰু কমৰ অঞ্চলৰ কাপোৰ ঢিলা কৰি দিব লাগে। দুৰ্দশাগ্ৰস্তই যাতে প্ৰচুৰ বায়ু পায় তাৰ ব্যৱস্থা কৰি দিব লাগে। দুৱাৰ-খিৰিকী খুলি দিব লাগে। চাৰিওফালে মানুহ যাতে জুম নাবান্ধে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শ্বাস-প্ৰশ্বাস আৰু ৰক্তবাহী শিৰাৰ গতি পৰিচালক কেন্দ্ৰৰ উত্তেজনা সৃষ্টিৰ বাবে দুৰ্দশাগ্ৰস্তক এম’নিয়া বা নিষাদন শুঙিব দিব লাগে। শীতল পানীৰে মুখ মচি দিব লাগে আৰু শীতল পানীৰ চিটিকনি মুখত মাৰিব লাগে। কোনো ব্যক্তি যদি তেজ দেখি মূৰ্ছা যায় তেন্তে দুৰ্দশাগ্ৰস্তক বহুৱাই দি মূৰটো দুই আঠুৰ মাজত ৰাখিব দিব লাগে। যদি অনাহাৰে থকাৰ ফলত বা বহু সময় ধৰি শোভাযাত্ৰা বা অনশনত থকাৰ বাবে মূৰ্ছা যায় তেন্তে প্ৰাথমিক চিকিৎসাৰ দ্বাৰা জ্ঞান ঘূৰাই পোৱাৰ পাছত তেনে দুৰ্দশাগ্ৰস্তক গৰম গাখীৰ, চাহ বা কফি খাব দিব লাগে। ঘৰুৱা ব্যৱস্থা সৈন্ধৱ লৱণ, বচু, জালুক আৰু পিপলি সমান সমান পৰিমাণে লৈ সমান পৰিমাণৰ পানী দি বটি নাকেৰে উজাব। নহৰু, আদা বা জালুকৰ গুড়ি নাকেৰে উজাব। সৰিয়হৰ তেলৰ সৈতে নহৰু খালে মূৰ্ছা ৰোগ ভাল পায়। গুড়ৰ লগত পিপলিৰ গুড়ি মিহলি কৰি খালে পুৰণি মূৰ্ছাৰোগ ভাল হয়। লিখক: ডা: ৰফিক আলী।