গাটো বিষালে বা কেতিয়াবা ভৰি দুখন টানি টানি ধৰিলে ভৰি-হাতত মালিচ ল’বলৈ মন যায়। মালিচ ল’লে শৰীৰত আৰাম পোৱা যায়। চিকিৎসা বিজ্ঞানে এই কথা প্ৰমাণ কৰিছে যে মালিচে মানসিক চাপ আৰু উদ্বিগ্নতা কমোৱাত সহায় কৰে। তলত মালিচ সম্পৰ্কে কেইটামান প্ৰয়োজনীয় দিশ উল্লেখ কৰা হৈছে- মালিচ লোৱাৰ সময়ত পৰাপক্ষত লওঁতাজন মজিয়াত বা বিছনাত শুই ল’ব লাগে। শুবলৈ অসুবিধা হ’লে অথবা বহি ল’ব লগা হ’লে শৰীৰটো ঢিলা কৰি চকীত আৰাম কৰি বহিব লাগে। শৰীৰত লিপিত খাই ধৰা কাপোৰ পিন্ধি মালিচ লোৱা অনুচিত। মালিচ লৈ থাকোঁতে মনটো সুস্থিৰ কৰি ৰাখিব লাগে। লঘু সংগীত শুনিব পাৰে। মালিচ দিওঁতে শুবলৈ যোগাৰ কৰা বিছনাখনৰ কাপোৰ পৰিষ্কাৰ হোৱা প্ৰয়োজন। কেতিয়াবা একেলগে দুটে ছেটিং মালিচ দিবলগীয়া হ’লে প্ৰথমবাৰ ব্যৱহাৰ কৰা কাপোৰ পিছৰবাৰ ব্যৱহাৰ কৰিব নালাগে। যেতিয়া মালিচ লওঁতাজন মনেৰে সন্তুষ্ট হয়, তেতিয়া ভালদৰে ৰিলেক্স হয়। মালিচ দিবলৈ যোৱা মানুহজনেও চাফা কাপোৰ পিন্ধিব লাগে। পৰাপক্ষত দাঁত ভালদৰে ব্ৰাছ কৰিব লাগে, যাতে মালিচ লওঁতাজনে মুখৰ গোন্ধ নাপায়। মালিচ দিবলৈ যোৱাৰ আগত কেঁচা পিঁয়াজ বা কেঁচা নহৰু খোৱা অনুচিত। মালিচ দিওঁতে প্ৰথমে হাতৰ তলুৱাৰে সামান্য হেঁচা দি দিব লাগে। লাহে লাহে হাতৰ তলুৱাৰ জোৰ বৃদ্ধি কৰিব লাগে আৰু শেষৰ ফালে কমাই দিব লাগে। শৰীৰৰ বিষ বা ফোঁহা আদি থকা ঠাইত মালিচ ল’ব নালাগে। মালিচ সদায় লওঁতাজনৰ ইচ্ছামতেহে দিব লাগে। জোৰ কৰি দিয়া মালিচে কোনো ফল নধৰে। জিএনআৰচি স্বাস্থ্য।