মানুহৰ বয়স বৃদ্ধিৰ লগে লগে দেহৰ বিভিন্ন অংগ-প্ৰত্যংগত বয়স বৃদ্ধিৰ চাপ ভালদৰেই পৰিবলৈ ধৰে।মানুহৰ আন অংগত যিদৰে বয়স বৃদ্ধিৰ চাপ পৰে ঠিক তেনেদৰে মগজুৰ ওপৰতো বয়স বৃদ্ধিৰ চাপ পৰে।

অৱশ্যে সকলোৰে ক্ষেত্ৰত সমহাৰত বয়স বৃদ্ধিৰ চাপ দেখিবলৈ পোৱা নাযায়। বয়স বঢ়াৰ লগে লগে মগজুত ইয়াৰ চাপ পৰে যদিও এই চাপৰ পৰা যদি মুক্ত হৈ থাকিব পাৰি তেন্তে মানুহৰ মগজুটো চিৰযৌৱনপ্ৰাপ্ত হৈ থাকিব। ইয়াৰ অৰ্থ হ’ল মগজুটোৱে ডেকা কালত যিদৰে সক্ৰিয়তাৰে কাম কৰে, ঠিক তেনেদৰে বেছি বয়সতো একেদৰেই কাম কৰিবলৈ সক্ষম হ’ব।

চিকিৎসা বিজ্ঞানৰ মতে মানুহৰ শৰীৰৰ জৈৱিক প্ৰক্ৰিয়াসমূহ বয়স বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হৈ গৈ থাকে। ঠিক তেনেদৰে মগজুৰ ক্ষেত্ৰতো একে কথাই ঘটে। কিন্তু মগজুৰ ক্ষেত্ৰত বয়স বৃদ্ধিৰ চাপ অতি ধীৰ গতিত পৰিবলৈ ধৰে।

বয়স বৃদ্ধিৰ লগে লগে মগজুৰ কোষসমূহ লাহে লাহে ভাঙি যাবলৈ আৰম্ভ কৰে। এয়া এক প্ৰাকৃতিক তথা স্বাভাৱিক প্ৰক্ৰিয়া। যদি মগজুৰ কোষৰ ভংগুৰৰ হাৰ দ্ৰুতগতিত হয় তেন্তে মানুহ এজন আলঝেইমাৰকে ধৰি বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ’ব পাৰে।

কিন্তু মগজুৰ বয়স বৃদ্ধি বিভিন্ন উপায়েৰে ৰোধ কৰিব পাৰি। সেইবাবেই মানুহভেদে অধিক বয়সতো মগজু সক্ৰিয় হৈ থাকে আৰু কিছুমান মানুহৰ মগজুৱে ভালদৰে কাম নকৰা হৈ পৰে।

আমাৰ মগজুটোৰ ওজন প্ৰায় তিনি পাউণ্ড। এই তিনি পাউণ্ড ওজনৰ মগজুটোত এশ বিলিয়নতকৈ অধিক কোষ থাকে।

যিবোৰক নিউৰণ বুলি কোৱা হয়। বয়স বৃদ্ধিৰ লগে লগে এই নিউৰণবোৰ লাহে লাহে ধ্বংস হ’বলৈ ধৰে। ভ্ৰূণ এটা গৰ্ভাৱস্থাত থকাৰ তিনি সপ্তাহৰ পৰাই মগজুৰ বিকাশ আৰম্ভ হয়।

বয়স বৃদ্ধিৰ লগে লগে সেই বিকাশৰ হাৰ এটা সময়ত কমি যায় আৰু লাহে লাহে মগজুৰ নিউৰণবোৰ ক্ষয়প্ৰাপ্ত হ’বলৈ ধৰে। এনে সময়তে বিভিন্ন সমস্যা যেনে পাহৰণি ৰোগকে ধৰি আন বহু ৰোগে দেখা দিব পাৰে।

শিশু এটিৰ জন্মৰ কিছু বছৰলৈ মগজুত প্ৰায় এক নিযুত কোষৰ সৃষ্টি হয়। আচৰিত কথাটো হ’ল এয়ে যে প্ৰতি ছেকেণ্ডত শিশুৰ মগজুত প্ৰচুৰ মাত্ৰাত নতুন কোষৰ সৃষ্টি হয়।

মগজুটো চাৰিটা বিশেষ ভাগত বিভক্ত হৈ থাকে। শিশু এটাৰ বয়স ৬ বছৰ হোৱাৰ সময়ত মগজুৰ বিকাশ প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈ পৰে।

মগজুৰ সন্মুখ ভাগটোৱে বিভিন্ন কাৰ্য পৰিচালনা কৰাত সহায় কৰে। সেই ভাগটোৱে বিভিন্ন কামৰ পৰিকল্পনা, স্মৃতি শক্তি আৱেগ আদি নিয়ন্ত্ৰণ কৰে।

মগজুৰ একেবাৰে পিছপিনৰ ভাগটো লোক এজনৰ ৩৫ বছৰ বয়সলৈকে সম্পূৰ্ণভাৱে বিকশিত নহয়। ৩৫ বছৰ পিছতহে পিছপিনৰ ভাগটো বিকশিত হ’বলৈ ধৰে।

এটা সময়ত এই ভাগটো বিকশিত হয় যদিও সন্মুখত ভাগটোত থকা নিউৰণসমূহ বয়সৰ চাপত লাহে লাহে ভাঙি যাবলৈ আৰম্ভ কৰে।

মগজুৰ বয়স সাধাৰণতে কেতিয়া বাঢ়িবলৈ ধৰে -

যেতিয়া আমাৰ বয়স বৃদ্ধি পায়, তেতিয়া লাহে লাহে শৰীৰৰ বিভিন্ন অংগসমূহৰ ক্ষয়সাধন হ’বলৈ আৰম্ভ কৰে। লোক এজনৰ বিছ বছৰ বয়সতো স্মৃতি শক্তিৰ কিছু হেৰফেৰ ঘটিব পাৰে। সেই কথাটো সেই সময়ত ধৰিব পৰা নাযায়।

স্মৃতি শক্তি লাহে লাহে নোহোৱা হোৱা ঘটনাটো কেৱল যে বৃদ্ধ লোকৰ ক্ষেত্ৰতহে হ’ব পাৰে তেনে নহয়।

যুৱক-যুৱতীৰ ক্ষেত্ৰতো স্মৃতি শক্তি লাহে লাহে কমি যোৱাৰ ঘটনা দেখিবলৈ পোৱা যায়। সেইবাবে বেছি বয়সত স্মৃতি শক্তি হ্ৰাস পোৱাটো স্বাভাৱিক কথা যদিও যুৱাৱস্থাতে স্মৃতি শক্তি হ্ৰাস পোৱা কোনো অস্বাভাৱিক কথা নহয়।

বয়স বৃদ্ধিৰ লগে লগে মগজুৰ কোষসমূহ ভাঙি যাবলৈ ধৰে বাবেই বয়সস্থ লোকসকলে ইটো কথাৰ লগত সিটো কথাৰ সামঞ্জস্য বিচাৰিবলৈ গৈ বহু সময়ত থমকি ৰ’বলগীয়া হয়।

অৱশ্যে এটা কথা ঠিক যে বয়স বৃদ্ধিৰ লগে লগে লোক এজন ডিমেনছিয়া বা আলঝেইমাৰ ৰোগত আক্ৰান্ত হ’বই বুলি ক’ব নোৱাৰি।

স্বাভাৱিক অৱস্থাতে বয়সস্থ লোকৰ ক্ষেত্ৰত স্মৃতি শক্তি লোপ পাই যাব পাৰে। অৱশ্যে সেয়া ডিমেনছিয়া বা আলঝেইমাৰৰ লক্ষণ নহ’ব পাৰে।

কেতবোৰ সমীক্ষাৰ পৰা এই কথা জনা গৈছে যে প্ৰতি তিনিজন বয়সস্থ লোকৰ ভিতৰৰে এজন লোক এনে স্মৃতি শক্তি লোপ পোৱা অৱস্থাৰ মুখামুখি হয়।

বয়স বৃদ্ধিৰ লগে লগে মানুহ এজনৰ স্মৃতি শক্তি লোপ পোৱাৰ হাৰ বেলেগ বেলেগ হ’ব পাৰে। কিছুমান মানুহে বৃদ্ধ অৱস্থাতো বহু পুৰণি কথাও মনত পেলাব পাৰে।

কিছুমানে আকৌ কিছুদিন আগতে সংঘটিত ঘটনাৰ বিষয়েও ভালদৰে মনত পেলাব নোৱাৰে। এয়া মগজুৰ কোষসমূহ কিমান দ্ৰুতগতিত ভাগিছে, সেই কথাৰ ওপৰত নিৰ্ভৰ কৰে। মগজুৰ সন্মুখভাগত থকা স্মৃতিৰ ভাণ্ডাৰ ৬০-৭০ বয়সৰ পিছত লাহে লাহে ক্ষয়প্ৰাপ্ত হ’বলৈ ধৰে। সেয়ে ৬০-৭০ বছৰীয়া মানুহ এজনে বহু কথাই পাহৰি যোৱা দেখিবলৈ পোৱা যায়।

মগজুত থকা হোৱাইট মেটাৰ নামৰ একধৰণ তলৰ পদাৰ্থই কোষসমূহক সুন্দৰভাৱে আৱৰি ৰাখে। এই তৰল পদাৰ্থই মগজুৰ কোষসমূহৰ মাজত তথ্যৰ আদান প্ৰদান কৰাত সহায় কৰে।

বয়স বৃদ্ধিৰ লগে লগে এনে তৰল পদাৰ্থসমূহ শুকাই যাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মগজুৰ এটা কোষৰ পৰা আন এটা কোষলৈ তথ্যৰ সৰবৰাহ হোৱাত ব্যাঘাত জন্মে। ফলত লোক এজন পাহৰণি ৰোগত আক্ৰান্ত হৈ পৰিবলৈ ধৰে।

বয়স বৃদ্ধিৰ লগে লগে মগজুত থকা সেই বগা তৰল পদাৰ্থবিধ শুকাই নোযোৱাকৈ ৰখাৰ কোনো প্ৰাকৃতিক উপায় নাই।বয়স বৃদ্ধিৰ লগে লগে মগজুত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ, যেনে- ডোপামাইন, এছিটাইলক’লিন, ছেৰ’টনিন আদিৰ উৎপাদনো হ্ৰাস পায়।

ডোপামাইনে লোক এজনৰ আবেগ সম্পৰ্কীয় দিশসমূহ নিয়ন্ত্ৰণ কৰে। ডোপামাইনৰ বাবেই মানুহৰ মনত প্ৰেম আৰু অনুকম্পাৰ ভাব জাগ্ৰত হয়।

তেনেদৰে আন ৰাসায়নিক পদাৰ্থসমূহেও মগজুত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। কিন্তু বয়স বৃদ্ধিৰ লগে লগে মগজুত এনে ৰাসায়নিক পদাৰ্থসমূহৰ উৎপাদন কমি যোৱাৰ বাবে লোক এজনে বিভিন্ন বিষয়ত ডেকা অৱস্থাত যেনেধৰণৰ প্ৰতিক্ৰিয়া কৰিছিল, বৃদ্ধাৱস্থাত তেনে প্ৰতিক্ৰিয়া নকৰা হৈ পৰে।

ডোপামাইনৰ দৰে ৰাসায়নিক পদাৰ্থৰ উৎপাদন মগজুত হ্ৰাস পোৱাৰ বাবেই বৃদ্ধাৱস্থাত লোক এজন যথেষ্ট উদাসীন হৈ পৰা দেখিবলৈ পোৱা যায়। আবেগৰ ক্ষেত্ৰতো তেওঁৰ যথেষ্ট পৰিৱৰ্তন ঘটিব পাৰে।

মগজুত বয়স বৃদ্ধিৰ লগে লগে এনে ৰাসায়নিক পদাৰ্থসমূহৰ উৎপাদন হ্ৰাস পোৱাৰ বাবে বৃদ্ধ লোক এজনে হতাশা, স্মৃতিভ্ৰংশ আদিৰ চিকাৰ হ’ব পাৰে। শেহতীয়া বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাসমূহে এই কথা প্ৰমাণ কৰিছে যে মগজুত থকা ষ্টেমচেলসমূহেও মগজুৰ হাইপ’থেলামাচ অংশটো নিয়ন্ত্ৰণ কৰে।

নিউয়ৰ্কৰ এলবাৰ্ত আইনষ্টাইন কলেজ অব মেডিচিনৰ গৱেষকসকলে বৃদ্ধাৱস্থাত মানুহৰ মগজুৰ পৰিৱৰ্তনৰ বিষয়টো সন্দৰ্ভত গৱেষণা চলাবলৈ নিগনিৰ মগজুৰ ওপৰত দীৰ্ঘদিন ধৰি পৰীক্ষা চলাইছিল।

এই গৱেষণাৰ পৰা এটা কথা প্ৰমাণ হৈছে যে মানুহৰ দৰেই আন জীৱ-জন্তুৰ ক্ষেত্ৰতো মগজুৰ কোষৰ ধ্বংস প্ৰক্ৰিয়া বয়স বৃদ্ধিৰ লগে লগে সংঘটিত হ’বলৈ ধৰে। অৱশ্যে এই ধ্বংসৰ হাৰ বেলেগ বেলেগ হয়।

ছুপাৰ এজাৰ -

বয়স বৃদ্ধিৰ লগে লগে মানুহৰ মগজুৰ কোষ ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত মানুহ এজনৰ স্মৃতিশক্তি লাহে লাহে কমি যায়।

কিন্তু বহুক্ষেত্ৰত ইয়াৰ ওলোটা ঘটনাও দেখিবলৈ পোৱা যায়। ৬০ বছৰ বয়সতো কিছুমান মানুহৰ স্মৃতিশক্তি চফল ডেকা এজনৰ দৰেই সক্ৰিয় হৈ থাকে।

এনেধৰণৰ অধিক বয়সতো স্মৃতি শক্তি সজীৱ হৈ থকা লোকসকলক ‘ছুপাৰ এজাৰ’ বুলি কোৱা হয়। পৃথিৱীত এনে লোকৰ সংখ্যা তাকৰ যদিও প্ৰতিখন দেশতেই পিছে এনে লোক আছে। ছুপাৰ এজাৰসকলে সকলো কথা যুৱক-যুৱতীয়ে মনত ৰখাৰ দৰেই মনত ৰাখিব পাৰে।

আচলতে এনে লোকসকলৰ মগজুৰ কোষসমূহৰ ধ্বংসকাৰ্য অতি ধীৰ গতিত সংঘটিত হয়। সেইবাবে এনে ছুপাৰ এজাৰসকলে সকলো কথাই যুৱক-যুৱতীৰ দৰেই মনত ৰাখিব পাৰে।

নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়, ছিকাগোৰ গৱেষকসকলে গৱেষণা কৰি এই সত্যত উপনীত হৈছে যে ছুপাৰ এজাৰসকলৰ মগজুৰ কোষসমূহ অতি ধীৰ গতিত ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে মজবুত সৃষ্টি হোৱা বিভিন্ন ৰাসায়নিক পদাৰ্থৰো উৎপাদনত বিশেষ কোনো ব্যাঘাত নজন্মে। সেইকাৰণে তেওঁলোকৰ মগজু অধিক বয়সতো সজীৱ হৈ থাকে।

সংগীতে বৃদ্ধাৱস্থালৈ সজীৱ কৰি ৰাখিব পাৰে মানুহৰ মগজু -

প্ৰকৃতিৰ বিচিত্ৰ সৃষ্টি হৈছে মানুহৰ মগজুটো। কোটি কোটি কোষেৰে গঠিত মগজুটো অতি স্পৰ্শকাতৰ মগজুৱে কোনো বিষ অনুভৱ কৰিব নোৱাৰে।

ঠিক তেনেদৰে শীতল, অত্যধিক উত্তাপ আদিৰ অনুভূতিও মগজুৱে নিজাববীয়াকৈ পাব নোৱাৰে। এনে পৰিস্থিতিসমূহত মগজুৱে নিৰ্দেশ প্ৰদান কৰি শীত, তাপ, বিষ আদি অনুভৱ কৰা বিভিন্ন অংগ যেনে- ছাল আদিলৈ সংকেত প্ৰেৰণ কৰে।

ইয়াৰ পিছতহে সেই অংগসমূহে মগজুলৈ তেনে অনুভূতিৰ তথ্য প্ৰেৰণ কৰে। সংবেদনশীল মগজুটোক বৃদ্ধাৱস্থাতো সক্ৰিয় কৰি ৰাখিবলৈ নিতৌ সুমধুৰ সংগীত শুনা উচিত। তৰংগৰ সৃষ্টি কৰে, যি তৰংগই বৃদ্ধাৱস্থালৈকে মানুহৰ মগজুটো সক্ৰিয় কৰি ৰাখিব পাৰে।

তাৰোপৰি গীটাৰ আদি বাদ্যযন্ত্ৰ নিয়মীয়াকৈ বজাই থকা লোকৰ মগজুত যিবোৰ তৰংগৰ সৃষ্টি হয়, তেনে তৰংগসমূহে মগজুক সক্ৰিয় কৰি ৰখাত সহায় কৰে।

সেইবাবেই বিজ্ঞানীসকলে মগজুটো সক্ৰিয় কৰি ৰখাৰ বাবে গীটাৰ বা আন বাদ্যযন্ত্ৰ নিয়মীয়াকৈ বজোৱাৰ বিষয়ত পৰামৰ্শ আগবঢ়াই আহিছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন