পৃথিৱীত আনন্দ আৰু উন্নত মানেৰে জীয়াই থাকিবলৈ হ’লে মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ’বই লাগিব। সুস্বাস্থ্য সকলোৰে কাম্য। শৰীৰ আৰু মন নিৰোগীকৈ ৰাখি সুস্বাস্থ্যৰ গৰাকী হ’বলৈ হ’লে উপযুক্ত নিৰ্ভেজাল আৰু পুষ্টিকৰ খাদ্য খোৱাটো অত্যন্ত জৰুৰী। পুষ্টিকৰ আৰু নিৰ্ভেজাল খাদ্যৰ অভাৱত শৰীৰৰ গঠন, শ্ৰীবৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা তথা মানসিক আৰু বৌদ্ধিক বিকাশ বাধাগ্ৰস্ত হয়, ফলত আমি বাস কৰা সমাজখনৰ উন্নতি বাধাগ্ৰস্ত হৈ পৰে। প্ৰত্যেক ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰি ধন উপাৰ্জন কৰে, মাথোঁ ভালদৰে খাই-বৈ থাকি জীৱনটো উপভোগ কৰিবলৈ। কিন্তু সম্প্ৰতি আমি গ্ৰহণ কৰিবলগীয়া হোৱা সকলো খাদ্য-সামগ্ৰীকে ধৰি নিত্য প্ৰয়োজনীয় চাউল, আটা, ময়দা, ঘেঁহু, বেচন, চাগু, নিমখ, চেনি, চাহপাত, কফি, দাইল, মিঠাতেল, ঘি, ডালদা, বনস্পতি, হালধি, জীৰা, জালুক, জলকীয়া গুড়ি, নানাবিধ মছলা, গাখীৰ, চানা, বাটাৰ, পনীৰসহ নানা দুগ্ধজাত সামগ্ৰী, মিঠাই, শাক-পাচলি, তামোল-পাণ, চুপাৰি, ফলমূল, মাছ, কণী, মাংস আৰু নানাবিধ কৃত্ৰিমভাৱে তৈয়াৰী খাদ্য-সামগ্ৰী সকলোবোৰতে ভেজালকৰণ হৈ পৰিছে। দিনটোৰ শেষত আমি নিজেই গম নাপাওঁ কি খাদ্য গ্ৰহণ কৰিছো। খাদ্য-সামগ্ৰীৰ ভেজালকৰণৰ বাবে খাদ্যৰ লগতে প্ৰতিদিনে আমি ভেজালৰ বাবে ব্যৱহাৰ কৰা নানা অপকাৰী কৃত্ৰিম ৰাসায়নিক ৰং, ধূলি, ইটাৰ গুড়ি, চাবোন, শিলগুটি, নানাবিধ শৰীৰৰ বাবে অপকাৰী ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য আৰু বীজাণু গ্ৰহণ কৰি স্বাস্থ্যৰ আশা প্ৰায় বাদ দিব লগাই হৈ পৰিছে। খাদ্যৰ লগতে আমি বিহো খাই আছো। খাদ্য-সামগ্ৰীৰ ভেজালকৰণ প্ৰতিৰোধৰ বাবে চৰকাৰী আইন থাকিলেও তাৰ সঠিক প্ৰয়োগ নোহোৱাত খাদ্য-সামগ্ৰী ভেজাল কৰি মুনাফা আদায় কৰা বণিক গোষ্ঠীয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি সমাজত ভয়াৱহ প্ৰভাৱ পেলাইছে। বৰ্তমান আমাৰ ৰাজ্যখনতে বহুসংখ্যক খাদ্য পৰিদৰ্শক আছে যদিও খাদ্য পৰিদৰ্শকসকলৰ চূড়ান্ত হেমাহি আৰু অমনোযোগিতাৰ বাবে খাদ্যদ্ৰব্যসমূহৰ ভেজালকৰণ দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। খাদ্য পৰিদৰ্শকসকলে খাদ্য প্ৰস্তুত কৰা সংস্থা, যোগান ধৰা আৰু পৰিৱেশন কৰা হোটেল, ৰেষ্টুৰেণ্ট, দোকান আদিলৈ গৈ বিভিন্ন খাদ্য-সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি তাৰ গুণাগুণ পৰীক্ষা কৰিব লাগে যদিও তাকে নকৰি এনে ব্যৱসায়ীবোৰৰ পৰা বিভিন্ন সময়ত উপঢৌকন লৈ মিলি থকাহে দেখা যায়। ফলস্বৰূপে ব্যৱসায়ীসকলে নানাধৰণে ভেজাল কৰি নিম্নমানৰ খাদ্য-সামগ্ৰী গ্ৰাহকৰ ওচৰত অধিক মূল্যত বিক্ৰী কৰি যথেষ্ট লাভৱান হোৱাৰ লগতে মানুহৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰি মানৱ জীৱনলৈ আৰু সমাজলৈ বিপদ কঢ়িয়াই আনিছে। প্ৰতিদিনে আমাৰ শৰীৰে বিভিন্ন প্ৰকাৰৰ ভেজাল খাদ্য-সামগ্ৰী গ্ৰহণ কৰিবলগীয়া হোৱাত শৰীৰ দুৰ্বল হৈ পৰে আৰু নানাবিধ সাধাৰণ ৰোগকে ধৰি জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰে। এই ৰোগবোৰে মানুহক দুৰ্বল কৰি মৃত্যুৰ মুখলৈকে ঠেলি দিব পাৰে। আমি দৈনন্দিন গ্ৰহণ কৰা খাদ্যৰ থালখনত থকা খাদ্যবোৰ যাতে সম্পূৰ্ণৰূপে পুষ্টিযুক্ত হোৱাৰ লগতে ৰোগ বীজাণুবিহীন, বিষাক্ত দ্ৰব্যবিহীন আৰু আমাৰ স্বাস্থ্যৰ বাবে সম্পূৰ্ণ সুৰক্ষিত হয় তাৰ প্ৰতি সচেতন হ’ব লাগে। বিশ্ব স্বাস্থ্য সংস্থায়ো আনকি এই সমস্যাটিৰ গুৰুত্ব উপলব্ধি কৰি যোৱা বছৰ পালন কৰা ‘বিশ্ব স্বাস্থ্য দিৱস-২০১৫’ৰ মূল বিষয় হিচাপে ‘খাদ্য সুৰক্ষা’ বাছি লৈ মানুহক অসুৰক্ষিত দূষিত খাদ্য গ্ৰহণৰ পৰা হ’ব পৰা বিপদ আৰু এনে খাদ্যৰ দ্বাৰা বিয়পা ৰোগবোৰৰ পৰা সুৰক্ষা দিবৰ বাবে প্ৰতিখন দেশৰে চৰকাৰ, খাদ্য উত্পাদনকাৰীসকল (খাদ্য-শস্য, শাক-পাচলি, ফলমূল উত্পাদন কৰা কৃষিকৰ্মী, কল-কাৰখানাত খাদ্য প্ৰস্তুতকাৰী), খাদ্যৰ যোগান আৰু বিক্ৰী কৰোতাসকল আৰু খাদ্য গ্ৰহণ কৰা সৰ্বসাধাৰণ গ্ৰাহক সকলোকে সজাগ হ’বলৈ অনুৰোধ কৰিছে। যিহেতু খাদ্য-সামগ্ৰীৰ ভেজালকৰণ আৰু সুৰক্ষা বিষয়টোৰ লগত খাদ্য উত্পাদন কৰা ক্ষেত্ৰ, খাদ্যদ্ৰব্য মজুতকৰণ আৰু সৰবৰাহকাৰী, অসামৰিক যোগান বিভাগ, ব্যক্তিগত ক্ষেত্ৰত খাদ্যদ্ৰব্যৰ ব্যৱসায়ী আৰু বাণিজ্যিক সংস্থাসমূহ ওতঃপ্ৰোতভাৱে জড়িত, সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই এই ক্ষেত্ৰবোৰৰ সৈতে জড়িত কৃষি, বাণিজ্য, পৰিৱেশ আৰু মান নিৰূপণকাৰী বিভাগসমূহ জড়িত হৈ এনে খাদ্য সুৰক্ষা বিঘ্নিত কৰিব পৰা কাৰকসমূহ নিৰ্মূল কৰি সৰ্বসাধাৰণৰ বাবে সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্য সহজলভ্য কৰাৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে। সেয়েহে চৰকাৰ আৰু কৰ্তৃপক্ষলৈ অনুৰোধ যাতে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি খাদ্য-সামগ্ৰীৰ ভেজালকৰণ ৰোধ কৰি মানুহৰ শৰীৰ সুস্থ কৰি ৰাখে। সুস্থ শৰীৰত সুস্থ মনৰ সৃষ্টি হয় আৰু সুস্থ মনৰ মানুহেহে সুস্থ সমাজ গঢ়িব পাৰে। লেখকঃ ডাঃ ধৰ্মকান্ত কুম্ভকাৰ উৎস: অসমীয়া খবৰ