স্বাস্থ্য নাগৰিকৰ সাংবিধানিক অধিকাৰ হোৱাৰ উপৰি ই এক মানৱ অধিকাৰ । সুস্বাস্থ্যৰ বাবে যাৱতীয় কাৰকবোৰৰ বিচ্যুতি বা প্ৰাপ্যৰ পৰা বঞ্চিত কৰাটো সমাজৰ গুৰুতৰ ক্ষতি সাধিব পৰা অপৰাধতকৈ কোনো গুণেই কম নহয় । মিহলিকৃত, দূষিত অথবা নিম্নমানৰ খাদ্যৰ জনস্বাস্থ্যৰ ওপৰত যথেষ্ট কুপ্ৰভাৱ পৰে বুলি প্ৰায় সকলো মানুহেই জানে । তথাপি প্ৰয়োজনীয় মৌলিক খাদ্যবস্তুৰ ভেজালকৰণ আৰু দূষিত খাদ্যবস্তু নিয়মিতভাৱে বজাৰত বিক্ৰী কৰাৰ উদাহৰণ প্ৰায়ে দেখা যায় । অৱশ্যে কিছুমান লোকে ভেজালীকৃত খাদ্যৰ অপকাৰিতা বুজিও ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে । ইয়াৰ কাৰণ হয়তো সামাজিক সচেতনাৰ অভাৱ । দৰাচলতে এই খাদ্যবস্তুৰ ভেজালীকৰণ ইচ্ছাকৃত আৰু অনিচ্ছাকৃত দুয়োধৰণে হ’ব পাৰে । আইনৰ ব্যৱস্থাবোৰৰ লগত সংগতি ৰাখি খাদ্য ভেজালীকৰণৰ বিষয়ে বুজিবলৈ হ’লে এইবোৰৰ মাজৰ কেইটামান লাগতিয়াল উপাদানৰ বিষয়ে জনাটো অতি দৰকাৰ । খাদ্যবিজ্ঞান অনুসৰি ভেজাল খাদ্যই জনস্বাস্থ্যৰ ওপৰত কিদৰে ক্ৰিয়া কৰে তাৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল ।

খাদ্য মিহলিকৰণ -

মিঠাতেলত আৰজেমোন তেল মিহলিকৰণৰ ফলত হ’ব পাৰে ড্ৰপছি, গ্লুক’মা আদি ৰোগ । খোৱাতেলত চৰ্বি আৰু মিনাৰেল তেল মিহলিকৰণৰ বাবে কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনাও অধিক । জীৰা, জালুক আৰু অইন মচলাবোৰত ৰং সনা আন গছৰ গুটি মিহলি কৰাটোও স্বাস্থ্যৰ পক্ষে হানিকাৰক । চাউল, দাইলত মিহলি হোৱা শিলগুটি, বালি ইত্যাদিৰ নিচিনা বস্তুবোৰে পাচনতন্ত্ৰৰ ক্ষতিসাধন কৰে । আজিকালিৰ গাখীৰ পৰীক্ষা কৰিলেও দূষিত পানী, ইউৰিয়া, নিম্নমানৰ পাউদাৰ গাখীৰ, ডিটাৰজেণ্ট, ব্লিছিং এজেণ্ট আৰু নিষেধিত অক্সিটছিন হৰম’ন আদি পোৱা যায় । কিছুমান মুৰ্গীৰ অৰ্গেনিক খাদ্যৰ লগত ষ্টেৰইড দৰব ব্যৱহাৰ কৰাৰ ফলত পোল্ট্ৰী কণী দূষিত হয় । চাহপাতৰ লগত অইন গছৰ ৰং কৰা পাত ব্যৱহাৰ কৰিও বজাৰত বিক্ৰী কৰে , যাৰ ফলত লিভাৰৰ বেমাৰৰ সৃষ্টি হয় । মটৰ , দাইল আদিত কৃত্ৰিম ৰং ব্যৱহাৰ কৰাৰ বাবে তেনেকুৱা খাদ্য খোৱাজনৰ পেটৰ বিষ আৰু আলচাৰ পৰ্যন্ত হয় ।

ৰাসায়নিক পদাৰ্থৰ দ্বাৰা দূষিত কৰা খাদ্য -

ৰে’লগাড়ীত পোৱা চাহত গাখীৰৰ সলনি কৃত্ৰিম বগা ৰং ব্যৱহাৰ কৰাটো আৰু মিঠাইত ৰাসায়নিক পদাৰ্থ মিহলি কৰাটো আৰু কলিকতাত তৈয়াৰী ফ্ৰোজেন মাংসৰ ভেজালবোৰ প্ৰচাৰ মাধ্যমত দেখা পোৱাৰ বেছি দিন হোৱা নাই । ইয়াৰ উপৰি হালধি আৰু মচলাত মিহলি কৰা ৰাসায়নিক পদাৰ্থ লেড ক্ৰোমেটৰ দ্বাৰা মানুহৰ টোপনি নহা (ইনচোমনিয়া), পেৰালাইছিছ, ব্ৰেইন ডেমেজ আৰু গৰ্ভপাত আদি হয় ।

শীতল পানীয়, ফলৰ ৰসৰ লগত কেডমিয়ামৰ সংমিশ্ৰনৰ ফলত ইটাই ইটাই নামৰ ৰোগ, লিভাৰ, কিডনীৰ ৰোগ আদিৰ উপৰি প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে । মাৰ্কাৰী ব্যৱহাৰ কৰি মৰা মাছ ভক্ষণৰ ফলত ব্ৰেইন ডেমেজ, পেৰালাইছিছ হৈ মৃত্যুমুখত পৰিব পাৰে । শাক-পাচলি, ফল-মূল আদিত ব্যৱহাৰ কৰা কীটনাশকো কেতিয়াবা মৃত্যুৰ কাৰণ হ’ব পাৰে । স্বাস্থ্য বিশেষজ্ঞৰ মতে এই কীটনাশকবোৰে নিউৰোটক্সিন হিচাপে স্নায়ুতন্ত্ৰ বিকল কৰাৰ উপৰি লিভাৰ আৰু কিডনীৰ কাৰ্যত ব্যাঘাত জন্মায় । ইয়াৰ উপৰি কীটনাশকৰ এই টক্সিনবোৰে শৰীৰৰ বহুতো ক্ৰিয়া- প্ৰক্ৰিয়াত ব্যাঘাত জন্মায় । ৱাক্স পলিছ কৰা আপেল, কৃত্ৰিমভাৱে পকোৱা ফল আদি খোৱাটোও স্বাস্থ্যৰ পক্ষে হানিকাৰক । দেখিবলৈ পোৱা যায় যে বেছিভাগ কৃত্ৰিমভাৱে পকোৱা ফলবোৰ পানীত বুৰ নাযায় । গতিকে বজাৰৰ আমবোৰ কৃত্ৰিমভাৱে কেলচিয়াম কাৰ্বাইডেৰে পকোৱা হয় নে নহয় পানীত বুৰাই চালেই গম পোৱা যায় । এই ধৰনৰ ফল-মূল সেৱনৰ ফলত গেষ্ট্ৰাইটিছ, উশাহ-নিশাহ চুটি হোৱা স্নায়ুতন্ত্ৰৰ সমস্যা, স্মৰণশক্তিহীনতা আদি ৰোগ হোৱাৰ আশংকা প্ৰৱল । মেটানিল নামৰ হালধীয়া ৰঙৰ দৰে অনুমতিবিহীন ৰঙৰ খাদ্যত কৰা ব্যৱহাৰে এলাৰ্জী, হাইপাৰএক্টিভিটী, লিভাৰ বিকল, ইনফাৰযটিলটী, ৰক্তস্বল্পতা, কৰ্কট ৰোগীৰ উপৰি জন্মক্ৰুটি আদিৰ সৃষ্টি কৰে । বিশেষজ্ঞৰ মতে সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা খাদ্যবস্তুত আইনী সীমাতকৈ অধিক পৰিমণৰ ৰাসায়নিক পদাৰ্থ পোৱা যায় । উদাহৰণস্বৰুপে সাৰ প্ৰয়োগ কৰি প্ৰস্তুত কৰা বেঙেনাত গ্ৰহণযোগ্য সীমাতকৈ ৮৬০ শতাংশ বেছি হেপটাক্লোৰ নামৰ ৰাসায়নিক পদাৰ্থ পোৱা যায় । বন্ধাকবিত ৯৫.৫ শতাংশ অধিক হাইপাৰমেথ্ৰিন পোৱা যায় । ফুলকবিত ৩২০ শতাংশৰো অধিক এলডড়িন পোৱা যায় । ফুলকবিত ৩২০ শতাংশৰো অধিক এলড্ৰিন পোৱা যায় । চাউলত ১৩২৪ শতাংশৰো অধিক ক্লোৰপেনভিনফছ পোৱা যায় । আপেলত ডাইক্লোৰভাছ নামৰ ৰাসায়নিক গ্ৰহণযোগ্য সীমাতকৈ ১৪০ শতাংশ বেছি পোৱা যায় । সাৰ আৰু কীটনাশক প্ৰয়োগৰ ফলত উৎপন্ন হোৱা এই অধিক পৰিমাণৰ ৰসায়নবোৰে নিশ্চয়কৈ শৰীৰক ৰুগীয়া কৰিহে তোলে । ই নিশ্চয়কৈ স্বাস্থ্যৱান নকৰে ।

কীটাণুৰ দ্বাৰা দূষিত খাদ্য -

ক) বেক্টেৰিয়াৰ দ্বাৰা দূষিত খাদ্য :-

কাষ্টাৰ্ড, পুডিং চছ আদি পুৰণি হোৱা বা কীটাণুৰ দ্বাৰা ইনফেকটেড হোৱা খাদ্য খালে পেটৰ বিষ, বমি, ডায়েৰীয়া আদিত ভোগে । মাংস, কণী আদিৰ দ্বাৰা তৈয়াৰ কৰা খাদ্য, চালাড বা গৰম কৰি দিয়া খাদ্য বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত চালমোনেলোছিছ হৈ জ্বৰ হ’ব পাৰে । ইয়াৰ উপৰি ডেইৰী প্ৰডাক্ট, বেকাৰীৰ প্ৰডাক্ট, ফ্ৰোজেন ফুড আদিৰ ষ্টে ফালোকক্কাছ অউৰিয়াচছ বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱা বাবে খুব বেছি লেলাৱটি ওলোৱা, পেটৰ বিষ, বমি, ডায়েৰীয়া ইত্যাদি হোৱা দেখা যায় ।

খ) ভেঁকুৰৰ দ্বাৰা দূষিত খাদ্য :-

বাদাম, ব্ৰেড, ওট, আটা, চাউল, বজ্ৰা, শাক-পাচলি আৰু বনাই থোৱা খাদ্য ইত্যাদিত অতি সোনকালে ভেঁকুৰে আক্ৰমণ কৰে । এই ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত খাদ্য খোৱাৰ ফলত লিভাৰ বিকল, কৰ্কট ৰোগ, আৰগোটিজম, এলিউকিয়া (Alimentary toxic aleukia) , কাছিন-বেক আদি ৰোগ হ’ব পাৰে ।

গ) প্ৰাকৃতিকভাৱে দূষিত খাদ্য :-

প্ৰাকৃতিকভাৱে খোৱাপানীৰ প্ৰদূষণ, সাগৰীয় খাদ্য দূষিত হোৱা, মাছৰুমৰ বিষক্ৰিয়া, পলিছ কৰা চাউল, এণ্টি কেকিং এজেণ্ট ব্যৱহাৰ কৰা খাদ্য, এণ্টিবায়োটিক ব্যৱহাৰ কৰা জন্তুৰ মাংস আদিৰ দ্বাৰা বিষক্ৰিয়াৰ পৰা কৰ্কট ৰোগ ইত্যাদিকে ধৰি মানৱ শৰীৰত বহুধৰণৰ মাৰাত্মক শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে । গাইগৰুবোৰেও আজিকালি প্ৰাকৃতিক ঘাঁহৰ অভাৱত পেলনীয়া কাৰ্টন, প্লাষ্টিক ইত্যাদি সকলোবোৰ খাবলৈ লৈছে ।

এনেকুৱা গৰু-ম’হবোৰৰ যিবোৰে গাখীৰ দিয়ে সেই গাখীৰো শৰীৰৰ পক্ষে হানিকাৰক ।

ইয়াৰ উপৰি ফ্ৰুটিত পোক পোৱা, শীতল পানীয়ত সাপ পোৱা, মেগীত লোড পোৱা, খোৱাতেলত জেট্ৰোফা আদিৰ ৰস মিহলি কৰা ইত্যাদি সংবাদ মাধ্যমৰ যোগেদি জানিব পৰা ভেজাল খাদ্যৰ তাৎক্ষণিক উদাহৰণ । অতি দৰ্কাৰী খাদ্যত ভেজালীকৰণ সঘনাই আমাৰ চকুত ধৰা দিয়ে যদিও তাৰ বাবে কৰণীয় নিয়মবোৰ প্ৰচলিত নোহোৱাৰ বাবে অথবা স্বাস্থ্য হানি কৰিব পৰা সম্ভাসখিনিৰ গম্ভীৰতাৰ প্ৰতি সজাগ নোহোৱা বাবে আমি প্ৰায়বোৰ সৰ্বসাধাৰণ লোকে গুৰুত্ব কম দিওঁ ।

লেখক :- মুনিন হুজুৰী

উৎস :- জি এনআৰচি স্বাস্থ্য