বাৰিষা বতৰত হোৱা এইবিধ উদ্ভিদ বাৰীৰ চুকে-কোণে গজা দেখা যায়। পাতবোৰ দেখাত প্ৰায় আমলখিৰ পাতৰ দৰেই যদিও আকাৰত সৰু।

পাতৰ ঠাৰিৰ তলৰ ফালে শাৰী শাৰীকৈ ঠাৰিত ইয়াৰ গুটি লাগে। গুটিবোৰো আকাৰত সৰু আৰু ঘূৰণীয়া। শীতকাল আহিলেই গছডাল শুকাই যায়।

গছডাল আকাৰত সৰু আৰু সাৰুৱা ঠাইত হ’লে ইয়াৰ সৰ্বাধিক উচ্চতা ডেৰ-দুফুটমান হয়।

এইবিধ গছৰ ঠাৰিবোৰ কোমল আৰু ঠুনুকা। গছডাল মাটিত লম্বভাৱে গজে আৰু গা-গছডাল সামান্য ৰঙচুৱা হয়। পাতবোৰ যৌগিক আৰু ঘন।

সামান্য দীঘলীয়া আৰু আগবোৰ ঘূৰণীয়া। ইয়াৰ ফুল পাতৰ ঠাৰিৰ গুৰিত এপাহকৈ ফুলে আৰু ফুলৰ ঠাৰি নেথাকে।

মাত্ৰ পাতৰ গুৰিৰ পৰা মিহি হালধীয়া ঠাৰিৰ একেডালত সংযুক্ত হৈ থাকে। এইবিধ উদ্ভিদৰ গোটেই গছজোপাই ঔষধৰূপে ব্যৱহাৰ হয়।

ইয়াৰ পাতৰ পৰা এবিধ ঔষধি গুণযুক্ত ৰাসায়নিক দ্ৰব্য সংশ্লেষণ কৰা হয়। সোৱাদত তিতা এইবিধ ৰাসায়নিক দ্ৰব্যক হাইপো-ফাইলেন্ঠাইন(Hypo-phyllanthine) বুলি কোৱা হয়।

ঔষধি গুণ:

পূৰঠ গছবোৰ শিপাৰে সৈতে উঘালি আনি ভালদৰে ধুই ছাঁত শুকুৱাই ল’ব লাগে। শুকান গছবোৰ গুড়ি কৰি টানকৈ সাঁফৰ মাৰি বটলত ভৰাই থ’ব লাগে।

এই গুড়িৰ স্বাদ তিতা, সামান্য জলা আৰু কিছু মিঠা। ভূই আলমখিৰ গুড়ি এচামুচ পৰিমাণত লৈ আধা কাপ পানীত মিহলাই খুৱালে কাহ, খজুৱতি আৰু ঘা-ফোঁহা আদি নিৰাময় হয়।

বেছিকৈ পিয়াহ লাগি থকা পিত্তৰোগো ভাল হয়।

এইবিধ উদ্ভিদে জ্বৰ-বিষ নিৰাময় কৰিব পাৰে। বিশেষভাৱে যিকোনো সাধাৰণ জ্বৰ এইবিধ উদ্বিদৰ গুড়ি সেৱন কৰালে ভাল হয়।

*লিভাৰৰ যিকোনো ৰোগ আৰোগ্য কৰাত এইবিধ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা ঔষধ অতি ফলপ্ৰসূ।

*শৰীৰৰ যিকোনো ঠাইত ঘা হ’লে এই উদ্ভিদ শিপাৰে সৈতে উঘালি আনি ভালদৰে ধুই মিহিকৈ বটি মগু কৰি ঘাৰ ওপৰত প্ৰলেপ দি বান্ধি থ’লে সোনকালে ঘা শুকায়।

*শৰীৰত কোনো অংগ কিবা কাৰণত ফুলি গ’লে ইয়াৰ গছডাল শিপাৰে সৈতে উভালি আনি ভালদৰে ধুই বটি লৈ উখহা ঠাইত প্ৰলেপ দি বান্ধি থ’লে উখহা জামৰি যায়।

যিকোনো চৰ্ম ৰোগতো এই উদ্ভিদ ব্যৱহাৰ কৰিব পাৰি।

*খাদ্যৰ সোৱাদে নেপালে বা খোৱাৰ ৰুচি নাইকিয়া হ’লে এই উদ্ভিদ প্ৰয়োগে এনে বিকাৰ নাইকিয়া কৰে।

*এই উদ্ভিদৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে ৰক্তাল্পতা, চৰ্মৰোগ, কাহ, বিষক্ৰিয়া, ব্ৰংকাইটিছ, নিৰ্জলা, হিকটি আৰু যক্ষ্মাৰোগো নিৰাময় কৰিব পাৰি।

*ভূই আমলখি ব্যৱহাৰ কৰি পিত্তদোষ আৰু মূত্ৰতন্ত্ৰৰ যিকোনো বিসংগতি নিৰাময় কৰিব পাৰি। প্ৰস্ৰাৱ কৰোতে হোৱা বিষ আৰু জ্বলা-পোৰা কৰা ৰোগো আৰোগ্য হয়।

বিভিন্ন ৰোগত ভূই আমলখিৰ ব্যৱহাৰ:

*মুখগহ্বৰৰ ৰোগ:

৫০ গ্ৰাম আমলখিৰ পাত, ২০০ মিঃলিঃ পানীত ১০ মিনিট উতলাই ঠাণ্ডা হ’লে চেকি লৈ সেই ৰস কুহুমীয়া গৰম পানীত মিহলাই গাৰ্গল কৰক। মুখগহ্বৰৰ যিকোনো বিকাৰ আৰোগ্য হ’ব।

*স্তন ফুলিলে:

ভূই আমলখি গোটেই গছডাল(শিপাৰে সৈতে) উঘালি আনি মিহিকৈ বটি লৈ প্ৰলেপ দি থ’লে স্তন ফুলা নিৰাময় হয়।

*ব্ৰংকাইটিছ আৰু হাপানি:

শিপাৰে সৈতে ভূই আমলখি গছ দুডালমান উঘালি আনি ভালদৰে ধুই আধা লিটাৰ পানীত সিজাই ১৫০ মিঃলিঃ থকাত নমাই চেকি ৰাখক।

এই ৰস এচামুচ পৰিমাণত দিনটোত দুবাৰকৈ খুৱাই থাকক। কাহ আৰু হাপানি ভাল নোহোৱালৈকে একেৰাহে ৫ দিন এই ৰস খুৱাই থকক।

*ভূই আমলখিৰ ১০ গ্ৰাম শিপা ভালদৰে ধুই পানীৰ লগত পটাত বটি, শিপা বটা গুড়িৰে সৈতে এচামুচ পৰিমাণত ৰোগীক দিনত এবাৰকৈ খুৱাওক।

জণ্ডিচ:

১০ গ্ৰাম ভূই আমলখিৰ শিপা ভালদৰে ধুই গুড়ি কৰি লওক।

মগু ২৫০ মিঃলিঃ বিশুদ্ধ গৰুৰ বা ছাগলীৰ গাখীৰৰ লগত মিহলাই দিনটোত দুবাৰকৈ খালী পেটত ৰোগীক খাবলৈ দিয়ক। এনেদৰে তিনিদিন খুৱালে জণ্ডিচ ৰোগ আৰোগ্য হ’ব।

পেটৰ বিষ:

২০ গ্ৰাম ভূই আমলখিৰ পাত ২০০ মিঃলিঃ পানীত সিজাই লওক।

ঠাণ্ডা হ’লে চেকি লওক আৰু ৰোগীক এই মিশ্ৰণৰ এচামুচকৈ দিনটোত চাৰিবাৰকৈ খুৱাওক। এনেদৰে খুৱাই থাকিলে ডায়েৰিয়া আৰু পেটৰ বিষ নিৰাময় হ’ব।

ক্ৰণিক ডায়েৰিয়া:

ভূই আমলখিৰ গছ এডাল শিপাৰে সৈতে উঠাই আনি ভালদৰে ধুই কুটি লওক। এটা কটা টুকুৰাবোৰৰ ৫০ গ্ৰাম ৪০০ মিঃলিঃ পানীত উতলাওক।

১০০ মিঃলিঃ থাকোতে জুইৰ পৰা নমাই চেকি তাৰ লগত গৰমে গৰমে ৫ গ্ৰাম মেথিগুটি মিহলাই থওক।

ঠাণ্ডা হ’লে এই মিশ্ৰণৰ এচামুচ পৰিমাণত ৰোগীক খুৱাই থাকক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন