আধুনিক চিকিৎসা বিজ্ঞানে ভাগৰক বহু পৰিসৰ যুক্ত (Multi-dimensional) এটা প্ৰণালীত বিচাৰ কৰি ভাল পায়৷ ভাগৰক যদি কেৱল শাৰীৰিক দিশৰ পৰা বিচাৰ কৰা যায় তেন্তে হয়তো ভুল কৰা হ’ব৷

ভাগৰ এটা দৈহিক চেতনাই নহয়, ই এক বিশেষ মানসিক অনুভূতিকো বুজায়৷ ভাগৰ বুলি কোৱাৰ লগে লগে এটা ঋণাত্মক আৱেশত নিজকে সংলিপ্ত হৈ যোৱা যেন লাগে৷ ভাগৰৰ বৈজ্ঞানিক ভিত্তিৰ অনুসন্ধান চিকিৎসা বিজ্ঞানে, বহু কাল আগৰে পৰাই কৰি আহিছে৷ শৰীৰৰ আণৱিক স্তৰত হোৱা গৱেষণাই ভাগৰৰ বিষয়ে ইতিমধ্যে বহুতো তথ্য প্ৰকাশ কৰিছে৷ চিকিৎসালয় এখনত ভাগৰুৱা আৰু হতাশাত ভোগা ৰোগীৰ সংখ্যাই সৰহ৷

কিন্তু বাস্তৱত ভাগৰ আৰু তাৰ ফলত সৃষ্টি হোৱা হতাশগ্ৰস্ততাৰ বাবে কোনো বিশেষ চিকিৎসা কৰা দেখা নাযায়৷ ধৰি লোৱা হয় যে মূল ৰোগটো নিৰ্মূল কৰিব পাৰিলেই “ভাগৰ” নিজে নিজে নোহোৱা হৈ যায়৷ সুস্বাস্থ্যৰ অধিকাৰীয়েই হওক বা জৰা-গ্ৰস্তই হওক দুয়োজনে ভাগৰুৱা অৱস্থাত একে পৰিস্থিতিৰ সন্মুখীন হয়৷

ভাগৰৰ জৈৱিক বিশ্লেষণ কৰাৰ আগতে দেহাটোৰ শৰীৰ আৰু মনক পৃথক- পৃথক ভাবে চোৱাটো প্ৰয়োজনীয়৷ শাৰীৰিক ভাগৰৰ বিষয়ে জনাৰ আগতে জীৱ এটাৰ aerobic capacity (বায়ু ধাৰণ ক্ষমতা?) সম্বন্ধে কিছু জনাৰ দৰকাৰ৷ Aerobic বা বায়ু ধাৰণ আৰু anaerobic বা বায়ু ৰহিত প্ৰক্ৰিয়া বুলিলে সাধাৰণতে কি বুজো?

জীৱ এটা শাৰীৰিক ক্ৰিয়া -

কলাপৰ সময়ত সাধাৰণতে এটা অৱস্থালৈ শক্তি আহৰণ কৰে, মুক্ত অক্সিজেনৰ সহায়ত, গ্লুক’জৰ অণু বিভংগনৰ দ্বাৰা৷ জীৱটোৰ শাৰীৰিক পৰিশ্ৰম তথা সক্ৰিয়তা যিমানেই বাঢ়ে সিমানেই শ্বাস-প্ৰশ্বাস বৃদ্ধি হয় যাতে পৰ্য্যাপ্ত পৰিমাণৰ অক্সিজেনৰ সহায়ত গ্লুক’জৰ অণু ভাঙি শক্তি আহৰণ কৰি থাকিব পাৰে৷

এটা নিৰ্দিষ্ট অৱস্থাৰ পাচত যদি শাৰীৰিক অনুশীলন আৰু বঢ়োৱা যায় তেতিয়া অক্সিজেনৰ তুলনামূলক অভাৱে দেখা দিয়ে৷ কাৰণ কেৱল শ্বাস-প্ৰশ্বাসৰ জৰিয়তে দেহত অক্সিজেনৰ পৰিমাণ আৰু নাবাঢ়ে৷

এই নিৰ্দিষ্ট অৱস্থাটোক aerobic (বায়ু ধাৰণ, বায়ুজীৱি) অৱস্থা বুলি কয় এই অৱস্থাৰ সৰ্বোচ্চ পৰ্য্যায়টোত প্ৰতি মিনিটত সেৱন কৰা অক্সিজেনৰ পৰিমাণক aerobic capacity বুলি কয়৷ আনহাতে অক্সিজেনৰ অভাৱ হ’লে জীৱদেহে এক বেলেগ প্ৰক্ৰিয়াৰে গ্লুক’জৰ অণু ভাঙি শক্তি আহৰণ কৰে৷ এই অক্সিজেনৰ অভাৱত চলা প্ৰক্ৰিয়াটোক anaerobic (বায়ু ৰহিত প্ৰক্ৰিয়া?) বুলি কয়৷ বায়ু ধাৰণ ক্ষমতা বা aerobic capacity প্ৰত্যেকজন মানুহৰেই বেলেগ বেলেগ হয় আৰু নিৰ্ভৰ কৰে মানুহ এজনৰ হাওঁফাওঁৰ ক্ষমতা, তেজৰ অক্সিজেন বহন ক্ষমতা, হৃদযন্ত্ৰৰ পাম্প কৰাৰ ক্ষমতা, মগজুৰ সংকেত প্ৰেৰণৰ ক্ষমতা, হৰম’ন বা দেহৰ জৈৱ প্ৰণালীৰ সুচলতা ইত্যাদি৷

এজন সুস্থ মানুহে বায়ু ধাৰণ ক্ষমতাৰ (aerobic capacity) ৬০% মান পালেই দেহত লেক্টিক এচিডে জমা হ’বলৈ আৰম্ভ ধৰে৷ এই জমা হোৱা লেক্টিক এচিড সাধাৰণতে পেশী কলা সমূহত ইন্ধন হিচাপে ব্যৱহাৰ হয়৷ গতিকে এফালে লেক্টিক এচিড উৎপন্ন হৈ থাকে আনফালে এই উৎপন্ন হোৱা লেক্টিক এচিড ইন্ধনৰ বাবে পেশী কলা সমূহত ব্যৱহাৰ হৈ থাকে৷

যেতিয়া এই দৈহিক পৰিশ্ৰম বৃদ্ধি হৈ এনেকুৱা এটা পৰ্য্যায় পায় যে লেক্টিক এচিড উৎপন্নৰ হাৰ, খৰচ বা ব্যৱহাৰৰ হাৰতকৈ বহুত বেছি হয়৷ তেতিয়া এই উৎপন্ন আৰু খৰচৰ অংক নিমিলা হৈ পৰে৷ তেতিয়া লেক্টিক এচিড দেহত, তেজত, বৃদ্ধি পাবলৈ ধৰে ফলত পেশী কলা সমূহ অৱস হৈ পৰে হৃদস্পন্দন আৰু শ্বাস-প্ৰশ্বাস বৃদ্ধি হয়৷ ইয়াকে আমি ভাগৰ লগা বুলি কওঁ৷

কিন্তু সকলোৰে ভাগৰ সমান নহয়৷ কাৰোবাৰ সোনকালে লাগে ইয়াৰ কাৰণ হল বায়ু ধাৰণ ক্ষমতা (aerobic capacity) সকলোৰে সমান নহয়৷ হাওঁফাওঁৰ অসুখ থকা সকলৰ অক্সিজেন গ্ৰহণ ক্ষমতা কম হয়৷

হৃদযন্ত্ৰৰ অসুখ থাকিলে অক্সিজেন গ্ৰহণ কৰিব পাৰিলেও তেজৰ চলাচল (blood flow) তথা অক্সিজেন পৰিবহণ কম হয়৷ তেনেদৰে ৰক্তহীন অৱস্থাত তেজৰ অক্সিজেন কঢ়িয়াই নিয়া ক্ষমতা কম হয়৷ দেহত পানী কমি গলে তেজৰ আয়তনেই কমি যায় ফলত ৰক্ত সঞ্চালনত বাধা আহি পৰে৷ ইয়াৰ উপৰিও কিছুমান হৰম’ন যেনে থায়ৰড, ইনচুলিন আদিৰ অভাৱ হলে জৈৱ ৰাসায়নিক বিক্ৰিয়া বাধাগ্ৰস্ত হয়৷ কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত দেহৰ বিপাক ক্ৰিয়া সমূহ এক বেলেগ ৰূপ লয় যাৰ ফলত বায়ু ধাৰণ ক্ষমতা বহু পৰিমাণে কমি যায়৷ এই আটাইবোৰ কাৰণতে দেহত তুলনামূলক অক্সিজেন হ্ৰাস হয় আৰু দেহে শক্তিৰ বাবে বায়ু ৰহিত প্ৰক্ৰিয়া (anaerobic metabolism) বোৰৰ আশ্ৰয় ল’ব লগাত পৰে৷ যাৰ বাবে ভাগৰ লাগে৷

হলেণ্ডৰ পৰা প্ৰকাশিত এটা গৱেষণাত দেখা গৈছে যে কৰ্কট ৰোগীৰ লগত ভাগৰৰ এক প্ৰত্যক্ষ সম্বন্ধ আছে৷ প্ৰায় ৬০% ৰ পৰা ৯০% কৰ্কট ৰোগীৰ মুখ্য সমস্যা হল ভাগৰ৷ আনকি বিকিৰণ চিকিৎসা (Radiation) বা ৰসায়ন চিকিৎসা (chemotherapy) শেষ হোৱাৰ পিচতো ভাগৰ নকমে৷ কৰ্কট ৰোগীৰ বিভিন্ন সমস্যা যেনে পুষ্টিহীনতা, বিকৃত বিপাক ক্ৰিয়া, ৰক্তহীনতা ইত্যাদিৰ ফলত বায়ু ধাৰণ ক্ষমতা হ্ৰাস পায়৷ এনেকুৱা অৱস্থাত সাধাৰণ দৈনন্দিন কামবোৰ কৰোঁতেই দেহত অক্সিজেনৰ অভাৱ হৈ ভাগৰ অনুভূত হয়৷

প্ৰশ্ন হল ভাগৰ কিদৰে কমাব পাৰি? যদি অসুস্থ তেন্তে দেহাটো সুস্থ কৰি লোৱাটো অতি প্ৰয়োজনীয়৷ সুস্থ শৰীৰৰ বায়ু ধাৰণ ক্ষমতা (aerobic capacity) বৃদ্ধি কৰি ভাগৰ কমাব পৰা যায়৷ এনে কৰিবলৈ নিতৌ শাৰীৰিক অনুশীলন আৰু ব্যায়াম কৰাৰ প্ৰয়োজন৷ পানীৰ পৰিমাণ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰখা দৰকাৰ কম পানীয়ে ভাগৰ বৃদ্ধি কৰে৷

শৰ্কৰা জাতীয় আহাৰে শৰীৰৰ গ্লাইকোজেনৰ মাত্ৰা অটুট ৰাখে বুলি কিছুমান বৈজ্ঞানিক গৱেষণাই কয়৷ গ্লাইকোজেন হল গ্লুক’জৰ সমষ্টি গতিকে যাৰ দেহত গ্লুক’জৰ বেছি পৰিমাণে সঞ্চিত হৈ থাকে তেনেকুৱা লোকে পোনে পোনে গ্লুক’জৰ পৰা শক্তি আহৰণ কৰে সেয়েহে ভাগৰ কম লাগে৷

এইখিনিতে উল্লেখ কৰাৰ দৰকাৰ যে ডায়েবেটিজ ৰোগীৰ ক্ষেত্ৰত শৰীৰে শৰ্কৰা ব্যৱহাৰ কৰিব নোৱাৰে বাবেহে শৰ্কৰাৰ পৰিমাণ তেজত বেছি থাকে৷ বয়সীয়া মানুহ, প্ৰৌঢ় মহিলা বা দীৰ্ঘদিন কোনো ৰোগত ভুগি থকা ব্যক্তিৰ ক্ষেত্ৰত D ভিটামিনৰ কিছু অভাৱ পৰিলক্ষিত হয়৷

দেহৰ পেশীত যদি কেলচিয়াম আৰু ভিটামিন D ৰ সামঞ্জস্য সঠিক ৰূপত বজাই ৰাখিব পাৰি তেতিয়াও ভাগৰৰ পৰা কিছু সকাহ পাব পাৰি৷ দেহৰ পেশী কলা সাধাৰণতে সংকোচন সম্প্ৰসাৰণ কৰিব পৰা এক বিশেষ প্ৰ’টিন অণুৰে গঠিত৷

দেহত প্ৰ’টিনৰ অভাব হলে পেশীৰ এই বিশেষ সংকোচন সম্প্ৰসাৰণ কৰিব পৰা প্ৰ’টিনৰ অভাৱ হয়৷ ফলত দেহৰ শক্তি কমি যায় আৰু ভাগৰ সোনকালে লাগে৷ সমীক্ষাই কয় যে বৃদ্ধাৱস্থাত হোৱা শক্তি হীনতাক দৈনিক ১৫ গ্ৰাম প্ৰ’টিন আৰু ৮৩৬ কিলো জুল শক্তি যোগান ধৰিলে দেহত বহু পৰিমাণে ভাগৰ কমে আৰু শক্তি বৃদ্ধি হয়৷

ভাগৰৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হল টোপনি ক্ষতি -

আমেৰিকাৰ পাৰ্কলেণ্ড কলেজৰ ছাত্ৰ সকলৰ মাজত ২০১৪ চনত চলোৱা এক গবেষণাই দেখুৱাই যে ৰাতি উপযুক্ত মানৰ টোপনিৰ অভাবেই দিনত অনুভৱ হোৱা ভাগৰৰ মূল কাৰণ৷ বহু ক্ষেত্ৰত আমাৰ অমনোযোগিতাৰ ফলত নিশা টোপনি বিঘ্নিত হয় যিটো সাধাৰণতে মন কৰা নাযায়৷ উন্নত মানৰ টোপনিৰ অভাবে দিনত এক ক্লান্তি আনি দিয়ে৷

নিদ্ৰা কালত হোৱা কিছুমান বিসংগতি বা ৰোগৰ বাবে শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াটো সুচাৰু ৰূপে পৰিচালিত নহয়৷ যেনে হাঁওফাঁওৰ ৰোগ (COPD), নিদ্ৰাৱস্থাত উশাহ ব্যাহত হোৱা(sleep apnea), অনুচিত বায়ু চলন উপসৰ্গ (hypo ventilation syndrome) ইয়াৰ উপৰিও ডিঙিৰ পেশী কলা সমূহ শিথিল হলেও শ্বাস প্ৰশ্বাস তথা বায়ু চলনত বাধা পায় আৰু উপযুক্ত অক্সিজেনৰ অভাৱ হয়৷ ইয়াৰ ফলত দেহৰ অম্লতা বৃদ্ধি পায় ফলত ক্লান্তি বৃদ্ধি হয়৷

আমি জানো যে দেহৰ সকলো নিয়ন্ত্ৰণ মগজুৰ জৰিয়তে হয়৷ দেহটো কাৰ্যক্ষম কৰি ৰাখিবলৈ কেতবোৰ বিশেষ ধৰণৰ জৈৱিক সংকেত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বা মগজুৰ পৰা দেহৰ সৰ্বত্ৰলৈ বিয়পি পৰে৷

কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ, (মগজুৰ পৰা) স্নায়ুৰ জৰিয়তে অহা সংকেত সমূহৰ এটা সময়ত চোক কমি আহে৷ ইয়াৰ কাৰণ হ’ল উদ্দীপনা পৰিবহণ কৰিবলৈ দৰকাৰ হোৱা প্ৰয়োজনীয় জৈৱ পদাৰ্থ (Neuro transmitter) তথা মগজুৰ বিপাক ক্ৰিয়াত ব্যৱহৃত ইন্ধন ক্ৰমাৎ হ্ৰাস হয়, ফলত মগজুৱে ভাগৰ অনুভৱ কৰে৷

গবেষণা কৰি পাইছে যে চেৰ’ট’নিন (serotonin) নামৰ এবিধ জৈৱ যৌগৰ পৰিমাণ মগজুত অধিক হলে ভাগৰ বৃদ্ধি হয়৷ কিন্তু পিচৰ ফালে কৰা বহুতো গবেষণাই কয় যে ভাগৰৰ কাৰণ হিচাপে কেৱল চেৰ’ট’নিনক দোষাৰোপ কৰিলে ভুল হব৷ চেৰ’ট’নিনৰ লগতে ড’পামাইন (Dopamine), গাবা (Gama Amino Butyric Acid) আদি যৌগ সমূহৰ এক জটিল জৈৱ প্ৰণালীৰ সমন্বয়ৰ সহায়ত ভাগৰক মগজুৱে নিয়ন্ত্ৰণ কৰে৷

ভাগৰ সম্বন্ধে মগজুত চলা প্ৰক্ৰিয়া বোৰৰ গৱেষণা যিমানেই আগুৱাই গৈ আছে সিমানেই মানুহৰ বুদ্ধিমত্তা এক দুৰ্বোধ্য চক্ৰ বেহুৰ মাজলৈ সোমাই গৈ আছে৷ এতিয়াও মানুহে জানিবলৈ বহু কথাই বাকী আছে৷ হয়তো অদূৰ ভবিষ্যতে মানুহে ভাগৰক নিজৰ নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হব আৰু এক সুস্থ কাৰ্য্যক্ষম জীৱন উপলব্ধ কৰাবলৈ সক্ষম হব৷

লেখক :- ডাঃ হিতেশ্বৰ শৰ্মা

উৎস :- সাহিত্য.অৰ্গ