এই সময়ছোৱাত ভৰি দুখনৰ যতন লোৱাটো অতি দৰকাৰী। ভৰি দুখনত কফি স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰিলে যথেষ্ট সুফল পাব। এই স্ক্ৰাব নিজেও ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰে। সম পৰিমাণে কফি, সাগৰীয় নিমখ আৰু কৰ্নমিল একেলগে মিলাই ল’ব। ইয়াৰ লগত কেইটোপালমান আলমণ্ড অইল মিহলাই এই কফি স্ক্ৰাব প্ৰস্তুত কৰি ল’ব। এই ঋতুত ভৰিৰ নখ আৰু ভৰিত ফাংগেল ইনফেকচন হ’ব পাৰে। এনে সমস্যাত পৰিলে ভৰি দুখন পৰিষ্কাৰকৈ আৰু শুকান কৰি ৰাখিব। এই ঋতুত চুলিত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব। ব্যৱহাৰ কৰিলে সামান্য পাতল হেয়াৰ চিৰাম ব্যৱহাৰ কৰিব। চুলি যাতে কেঁকোৰা ভাজ নহয়, তাৰবাবে বতাহৰ আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যিকোনো এণ্টি ফ্ৰিজ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। এই ঋতুত চুলি ষ্টাইল কৰিলে টেক্সাৰ্ড ব্ৰেইড, বান, টপন’ট, ফিছটেইল আৰু ফ্ৰান্স ব্ৰেইড ষ্টাইলত চুলি বান্ধিব পাৰে। এই ঋতুত আৰ্দ্ৰ বতাহে ছাল শুকান আৰু তেলেতীয়া কৰে। দিনটোত দুবাৰকৈ ছাল পৰিষ্কাৰ কৰিব। শুকান ছাল মৃসণ হৈ থাকিবলৈ ক্ৰীমযুক্ত ক্লিনজাৰেৰে ছাল পৰিষ্কাৰ কৰিব। আনহাতে তেলেতীয়া ছালৰ বাবে জেল ক্লিনজাৰেৰে ছাল পৰিষ্কাৰ কৰিব। উৎস: অসমীয়া প্ৰতিদিন।