আমৰ দৈনন্দিন জীৱনত পুৱাৰ জলপানৰ অতি গুৰুত্ব আছে। অতীজৰে পৰা মানুহে শুই উঠাৰ পাছত শৰীৰ টনকিয়াল কৰিবলৈ পুৱাৰ জলপান খায়। আগেয়ে বা এতিয়াও বহুতে শুই উঠি শৰীৰৰ জড়তা ভাঙিবলৈ শুদা চাহ এবাটি খায়। আজিকালি বহুতে অৱশ্যে শুদা চাহ খোৱাতো মানুহে বৰ ভাল নহয় বুলি বুজিব পাৰিছে। সেয়েহে পুৱা বেড টি হিচাপে চাহ একাপ আৰু বিস্কুট এখন বা দুখন খায়।

বেছিভাগ মানুহে পুৱা মুখ ধুই প্ৰথমতে পানী এগিলাচ বা দুগিলাচ খাই পাছত চাহকাপ খায়। দুঘন্টামানৰ পাছত পুৱাৰ জলপান বা আজিকালিৰ ভাষাত ব্ৰেকফাষ্টৰ পৰ্ব আৰম্ভ হয়। সময় আগবঢ়াৰ লগে লগে এইদৰে মানুহে খাদ্যাভ্যাসৰ প্ৰণালীও আয়ত্ত কৰি লৈছে। সৌ সিদিনাখনলৈকে আমাৰ বেছিভাগ মানুহে পুৱাৰ জলপান হিচাপে চিৰা-মুড়ি, পিঠাগুড়ি-কৰাইগুড়ি, বৰা চাউল আদি গ্ৰহণ কৰিছিল। শুকান ৰুটিৰেও কাম চলাইছিল।

কোনো কোনোৱে আকৌ মাৰ ভাতেৰেই ব্ৰেকফাষ্টৰ কাম সমাধা কৰিছিল। কিছু চৌখিন লোকৰ পাকঘৰত পুৱাৰ ব্ৰেকফাষ্ট হিচাপে সদায় লুচি-ভজিৰো সুন্দৰ গোন্ধ বাহিৰ হৈছিল। গাঁৱত বৰ্তমানো চিৰা-মূড়ি, কৰাইগুড়ি, পিঠাগুড়ি, সিজোৱা বৰা চাউলেৰে পুৱাৰ জলপানৰ ব্যৱস্থা চলি থাকিলেও চহৰৰ ব্ৰেকফাষ্ট বহু পৰিমাণে সলনি হৈছে। চহৰত ঘাইকৈ ৰুটি-তৰকাৰি দেখা যায়।

লগত কণী, ফল-মূলৰো ব্যৱস্থা কৰা হয়। পুৱাৰ আহাৰ বা ব্ৰেকফাষ্টৰ বিষয়ে ইমানখিনি লিখাৰ কাৰণ হৈছে নিশাটো শুই থকাৰ পাছত অৰ্থাৎ ৯-১০ ঘন্টা ধৰি একো নোখোৱাকৈ থকাৰ পাছত পুৱাৰ স্বাস্থ্যসন্মত উপযুক্ত জলপানেহে অথবা ব্ৰেকফাষ্টেহে আমাৰ শৰীৰটো পুনৰ সক্ৰিয় হৈ উঠাত অফুৰন্ত সহায় আগবঢ়ায়।

সেয়েহে পশ্চিমীয়া লোকসকলে বিভিন্ন খাদ্যসম্ভাৰেৰে পুৱাৰ এই জলপানবিধকহে অধিক গুৰুত্ব দিয়ে। লাগিলে তেওঁলোকে দুপৰীয়া আৰু নিশা আমাৰ ভাৰতীয়ৰ দৰে উদৰ পূৰাই নাখাওকেই, কিন্তু পুৱাৰ জলপান হ’ব লাগিব ৰাজকীয়।

পিছে আজিকালি বিভিন্ন কাৰণত বহুতে পুৱাৰ জলপান গ্ৰহনত গুৰুত্ব নিদিয়ে। ইয়াৰ কাৰণ-

১)কামৰ দৌৰাদেৰি। বহুতে দেৰিকৈ শোৱাৰ পৰা উঠি মুখ বা গা ধুই লৰালৰিকৈ চাহ-বিস্কুট খায়েই কামলৈ দৌৰ মাৰে।

২)বহুতৰ ঘৰুৱা কাম চম্ভালি দুপৰীয়াৰ ৰন্ধা-বঢ়াৰ দায়িত্ব পলন কৰোতে বেলেগে এক সুষম পুৱাৰ জলপান তৈয়াৰৰ বাবে সময়েই নাপায়।

৩)আজিকালি উঠি অহা বহুতে নিজকে ক্ষীণ কৰি ৰখাৰ চিন্তাত পুৱাৰ জলপান খোৱাত গুৰুত্ব নিদিয়ে। কিন্তু শৰীৰৰ কাৰ্যকলাপৰ স্বাৰ্থতে আমি পুৱাৰ জলপানৰ ক্ষেত্ৰত সচেতন হ’ব লাগে।

পুৱাৰ জলপান হৈছে আমি ন-কৈ আৰম্ভ কৰা দিনটোৰ প্ৰথম আহাৰ। নিশা ন-দহ ঘন্টা নোখোৱাকৈ থকাৰ পাছত পুৱা আমাৰ তেজত শৰ্কৰাৰ পৰিমাণ কমি থাকে। শৰ্কৰা হৈছে মানুহৰ মগজু আৰু দেহৰ সকলো অংগৰ লগতে মাংসপেশীক কৰ্মশক্তি যোগান ধৰাৰ উৎস।

গতিকে পুৱা আমাৰ শৰীৰটোক সতেজ আৰু সক্ৰিয় কৰি তুলিবলৈ যি শৰ্কৰাৰ প্ৰয়োজন, সেয়া যোগান দিব পুৱা আমি গ্ৰহণ কৰা উপযুক্ত জলপানেহে।

ইয়াৰ অভাৱত কামত মনোযোগ, একাগ্ৰতা, উদ্যম, কৰ্মক্ষমতা লোপ পায়। পুৱাৰ পুষ্টিকৰ আহাৰ হৈছে দিনটো সক্ৰিয়তাৰে আৰম্ভ কৰাৰ এক ইন্ধন। ই জীৱনজোৰা সুস্বাস্থ্যৰ বাবে এক সুদৃঢ় ভেটিও তৈয়াৰ কৰে।

পশ্চিমৰ লোকসকলে ব্ৰেকফাষ্ট ৰজাৰ দৰে খায় আৰু দুপৰীয়া আৰু নিশাৰ আহাৰ তেনেই লঘু। আমিও তেনেদৰেই অভ্যাস কৰিব পাৰো।

পুৱাৰ জলপান গ্ৰহণৰ আগে আগে আমি প্ৰথমে যিকোনো ফলেৰে দিনটো আৰম্ভ কৰিব লাগে।

তাৰ বাবে আপেল, আঙুৰ, কল, বাৰীৰ মধুৰিআম, পকা অমিতা, নাচপতি খাব পাৰো। লগতে গাজী ওলোৱা মগু উপকাৰী। তাৰ পাছতহে ভাল জলপান।

এটা সুষম, পেট ভৰ্তি হোৱা জলপানৰ পাছত কম আহাৰেৰে দিনটোৰ বহুখিনি কাম কৰি নিজকে মেদহীন কৰি ৰখাৰ লগতে অতি সহজে-সজীৱ-সক্ৰিয় কৰি ৰাখিব পাৰে- যিয়ে মনটোকো কৰি ৰাখে ফূৰ্তিবাজ আৰু উদ্যমী।

লেখিক: ৰাণু দাস চৌধুৰী(অসম বাণী)