আজি এই লেখাটোৰ জৰিয়তে আপোনালোকক জনস্বাস্থৰ প্ৰতি ভয়াবহ ভাবুকি স্বৰুপ হৈ পৰা ব্ৰয়লাৰ চিকেনৰ বিষয়ে কম। বিশ্বত আজি ব্ৰয়লাৰ মাংসৰ ব্যাপক চাহিদাৰ বিষয়ে হয়তো বহলাই কোৱাৰ প্ৰয়োজন নাই।আপোনাৰ লগতে আপোনাৰ কণমানি টোৰো নিশ্চয় চিকেন অতি প্ৰিয়?

এপিচ চিকেন নহলে হয়টো আপোনাৰ কণমানিটোৱে ভাত খাবই নোখোজে? কিন্তু আপোনি কেতিয়াবা ভাবিছেনে এই ব্ৰয়লাৰ চিকেনে যে আপোনাৰ জীৱনলৈ বিপদ মাতি আনিছে।

ব্ৰইলাৰ চিকেনৰ জনপ্ৰিয়তা আৰু দিনক দিনে বৃদ্ধি পেৱা ব্যাপক চাহিদা পূৰন কৰি অত্যাধিক মোনাফা লাভৰ স্বাৰ্থত একাংশ অসাধূ পোল্টি ব্যৱসায়ীয়ে এই ব্ৰয়লাৰ মূৰ্গীসমূহত ব্যাপক ৰুপত এন্টিবায়তিক ব্যৱহাৰ কৰিবলৈ লোৱা দেখা গৈছে।

আৰু এই মাংসৰ দ্দাৰা অপ্ৰয়োজনিয় এন্টিবায়টিক বোৰ সোমাইছে মানুহৰ দেহত। (the Study by thecentren for science and Environments)(CSE)ৰ পদূষণ পৰ্যবেক্ষণ লেবটৰীৰ ওএক গৱেষণাত দেখাগৈছে পোল্টিবোৰত ব্যাপক হাৰত ৬ বিধৰ এন্টিবায়টিক ব্যৱহাৰ হৈছে। এই বোৰ হলঃ-

oxytetracycline, chlortetracycline, Doxycycline, Enrofloxacin, ciprofloxacin AndNeomycine. এই এন্টিবায়তিক পোল্টিৰ কিবা ৰোগ হলেহে ব্যৱহাৰ কৰে এনে নহয় কোনো কাৰন নোহোৱাকৈয়ে এই এন্টিবায়টিকচ বোৰ ব্যৱহাৰ কৰা হয়।

এই এন্টিবায়টিকচ সমূহ বিভিন্ন জীৱানুৰ দ্ধাৰ সৃষ্টি মানুহৰ বেমাৰত খুউবেই প্ৰয়োজন।

কিন্তু অকাৰণে মূৰ্গীৰ মাংসৰ দ্ধাৰামানুহৰ সৰিৰত প্ৰবেশ কৰাত বিভিন্ন মাইক্ৰ বেক্টেৰীয়া বা জীবানু সমূহৰ এই এন্টিবায়টিকৰ প্ৰতিৰোধী ক্ষমতা দিনক দিনে বৃদ্ধি পাব ধৰিছে যাৰ বাবে বৰ্তমান সময়ত মানুহৰ দেহত সৰু সুৰা ৰোগ হলেওঁ সহজতে ভাল হোৱাটো দুসাধ্য হৈ পৰিছে আৰু মানুহৰ জীৱনৰ প্ৰতি আশংকান নামি আহিছে।

*চেপতিক,

*নিউমোনিয়া,

*টিউবাৰকুলাচিচৰ দৰে ৰোগ চিকিতসা দিনক দিনে জতিল হৈ পৰিছে।

এই খিনিতে আপোনালোকক এটা জনাই থওঁ যে ইউৰোপৰ দেশ সমূহত পশু-পক্ষীক এন্টিবায়টিক দিয়াটো দণ্ডনীয় অপৰাধ। যিটো আমাৰ দেশত বাধাহীন ভাৱে ব্যৱহাৰ কৰি থকা হৈছে।

লেখক: ডা. হৰিকান্ত দাস।

ফোন-9954340102