আমাৰ পূৰ্বপুৰুষসকলৰ দুটামান প্ৰজন্মৰ আগলৈকে প্ৰায় সকলো লোকেই দিনৰ দিনটো শাৰীৰিক শ্ৰম কৰিবলগা হৈছিল আৰু দিনটোৰ কামৰ অন্তত সকলোৱে জিৰণি লৈছিল। কিন্তু আজিকালি মাত্ৰ দুটা প্ৰজন্মৰ আগৰ সেই ৰুটিন সলনি হৈছে। এতিয়া শাৰীৰিক পৰিশ্ৰমৰ বিশেষ প্ৰয়োজন নাইকিয়া হৈছে আৰু তাৰ লগে লগে শাৰীৰিক জিৰণিৰো প্ৰয়োজন কমি আহিছে।

এতিয়া অধিকাংশ লোকৰে শাৰীৰিক পৰিশ্ৰম কৰাৰ অভ্যাস নাইকিয়া হোৱাৰ ফলত প্ৰায় সকলোৱে এটা অলস জীৱন যাপন কৰিব লগা হৈছে। তাৰ পৰিণতিত আজিৰ মানুহ বিভিন্ন ৰোগত আক্ৰান্ত হ’বলগা হৈছে। এতিয়া চিকিৎসকে মানুহক শাৰীৰিক শ্ৰম কৰাৰ পৰামৰ্শ নিদিয়ে।

কাৰণ শ্ৰম কৰাৰ কোনো সুযোগ বা সুবিধাই নাইকিয়া হৈছে- অধিকাংশ লোকৰ ক্ষেত্ৰত। বিশেষভাৱে চহৰাঞ্চলৰ লোকৰ বাবে শাৰীৰিক শ্ৰম কৰাৰ সুযোগ-সুবিধা নাইকিয়া হৈছে। পুৱা দৌৰাদৌৰিকৈ ঘনখনৰ দুই-চাৰিটা অপৰিহাৰ্য কাম কৰি নাকে-কাণে এমুঠি গুজি কৰ্মস্থলীলৈ বুলি নিজৰ দুচকীয়া বা চাৰিকৰীয়া বাহন অথবা বাছত উঠি যায়। পুনৰ সন্ধিয়াৰ আগে আগে তেনেদৰে নিজৰ বাহন বা বাছ-ৰে’লত উঠি ঘৰ পায়হি। সেয়ে শাৰীৰিক পৰিশ্ৰম কৰাৰ সুবিধা বা অৱকাশ এটাও নেথাকে।

সেয়ে আজিকালি চিকিৎসকসকলে তেওঁলোকৰ ৰোগীসকলক যিকোনো ‘জিম’লৈ গৈ সঁজুলিসহ ব্যায়াম অথবা যোগ কেন্দ্ৰবিলাকলৈ গৈ যোগাসন অনুশীলন কৰাৰহে পৰামৰ্শ দিয়ে।

শাৰীৰিক পৰিশ্ৰমৰ সলনি ব্যায়াম কৰিবলৈ ল’লে প্ৰথম অৱস্থাত পুৰুষ-মহিলা উভয়েই অলপতে ভাগৰি পৰে। কিন্তু সুস্থ হৈ থকাৰ ব্যায়াম অনুশীলনৰ লগতে উপযুক্ত পুষ্টিকৰ খাদ্য সেৱনৰ ব্যৱস্থাই আমাৰ শৰীৰটোৰ লগতে মানসিক স্বাস্থ্যও নিৰোগী কৰি ৰাখিব পাৰে।

সেয়ে নিজকে সকলো কামৰ কাৰণে যোগ্যৰূপে গঢ়ি তুলিবৰ কাৰণে আজিৰ পৰা কিছুমান ব্যায়ামৰ অভ্যাস কৰিবলৈ সংকল্প লওক আৰু অনুশীলন অব্যাহত ৰাখক।

গ্ৰামাঞ্চলৰ মহিলাসকলে সহজতে পোৱা সাধাৰণ আহাৰ খায় আৰু দিনটো ঘৰখনৰ কাৰণে শাৰীৰিক শ্ৰম কৰে। তেনে ধৰণৰ খাদ্য আৰু কাম কৰাৰ অভ্যাসে তেওঁলোকক সুস্থ-সবল কৰি ৰখাৰ লগতে সকলো সময়তে সকলো কামৰ বাবে উপযুক্ত কৰি ৰাখে। সেয়ে গ্ৰামাঞ্চলত কোনো মেদবহুল মহিলা দেখা পোৱা নেযায়।

কিন্তু চহৰাঞ্চলত, বিশেষভাৱে মহানগৰবিলাকত বেছিসংখ্যক লোকেই কিবা নহয় কিবা ৰোগত আক্ৰান্ত হৈ থকা দেখা যায়। শাৰীৰিক স্বাস্থ্য অধিকাংশ লোকৰে ভাল নহয়।

আজি চহৰাঞ্চলৰ লোকৰ বেছিভাগৰে হাতেৰে কৰিব লগা কামবোৰ যান্ত্ৰিক উপায়েৰে কৰিব পৰাকৈ উন্নত যন্ত্ৰ বা সঁজুলি ওলাইছে। এইবিলাক যন্ত্ৰ ব্যৱহাৰ কৰাৰ ফলত মানুহৰ শাৰীৰিক শ্ৰম বেছিভাগেই কমি আহিল। আজিৰ পৰা প্ৰায় এটা দশক আগলৈকে মানুহে নিজৰ ঘৰৰ মজিয়া আৰু চিলিং, দেৱাল আদি হাতেৰে ঝাৰু বা তেনে জাতীয় সৰল আহিলাৰে চফা কৰিছিল।

তেনেদৰে প্ৰয়োজনীয় কাপোৰ-কানিও হাতেৰে ধুইছিল। মজিয়াত বহি চৌকাত খৰি জ্বলাই ৰন্ধা-বঢ়া কৰিছিল। কিন্তু আজিকালি সেইবিলাক কাম সহজতে ব্যৱহাৰ কৰিব পৰা সৰু সৰু যন্ত্ৰৰ সহায়ত কম আয়াসতে কৰিব পৰা হ’ল।

*ঘৰ-দুৱাৰ চফা কৰা,

*কাপোৰ-কানি ধোৱা আদি কামবোৰ আজিকালি চহৰ, গাঁও আজি সকলোতে ৰন্ধন গেচৰ ব্যাপক ব্যৱহাৰে ৰান্ধনিৰ শাৰীৰিক শ্ৰম বহুগুণে লাঘৱ কৰিলে।

এতিয়া সকলো যাৱতীয় ঘৰুৱা কাম-কাজৰ বাবে বৰ বেছি সময়ৰ প্ৰয়োজন নোহোৱা হ’ল। এতিয়া কিন্তু সকলো পুৰুষ-মহিলাৰে শৰীৰত কিবা নহয় কিবা একোটা ৰোগে বাহ লয়। চিকিৎসকৰ ওচৰলৈ গ’লে এনে ৰোগীক পাৰ্যমানে শাৰীৰৰ পৰিশ্ৰম বা ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে। কিন্তু কোনো লোকে শাৰীৰিক শ্ৰম বা ব্যায়াম কৰাৰ কাৰণে সময় নোলায়।

আজিকালি আমাৰ ঘৰবোৰ বৈদ্যুতিক সৰঞ্জামে ভৰি পৰিল। সেইবিলাকৰ ভিতৰত-

*ৱাশ্বিং মেচিন,

*বাচন ধোৱা মেচিন,

*গ্ৰাইণ্ডাৰ,

*জুচাৰ আৰু ৰুটি বনোৱা মেচিনো আছে।

সেইবিলাক চলাবলৈ হাতৰ আঙুলিকেইটা কৰ্মক্ষম হ’লেই হ’ল। কেৱল বুটাম টিপিবৰ কাৰণে আঙুলিত বেছি শক্তিৰো দৰকাৰ নাই।

আমাৰ শৰীৰত বিভিন্ন কামৰ বাবে ৪০০ তকৈ বেছি মাংসপেশী আছে। এই পেশীবিলাকে-

*হাড়ৰ জোৰাৰ সঞ্চালন,

*শৰীৰৰ আকাৰ-আকৃতি ৰক্ষা,

*শৰীৰৰ ওজন বহন কৰা,

*বিভিন্ন অংগলৈ ৰক্ত সঞ্চালন,

*শ্বাস-প্ৰশ্বাস আৰু বৰ্জ্য দ্ৰব্য আদি শৰীৰৰ পৰা নিষ্কাশন কৰাত বিভিন্ন প্ৰকাৰে সহায় কৰে।

আমেৰিকাৰ ‘নাছা’ই (National Aeronautics and Space Administration) চলোৱা এক অধ্যয়নত প্ৰমাণ পোৱা গৈছে যে, ব্যায়াম নকৰা পেশীবিলাকৰ লক্ষণীয় হাৰত অৱনতি ঘটে। আমাৰ শৰীৰটোৱে কেইবিধমান ভিটামিন সঞ্চয় কৰি ৰাখিব নোৱাৰে। কিন্তু নিয়মীয়া ব্যায়ামৰ অনুশীলনে শৰীৰৰ পেশীৰ ভিটামিন সঞ্চয়নৰ সামৰ্থ বৃদ্ধি কৰিব পাৰে।

আমি দৈনন্দিন কামত যিবিলাক পেশী ব্যৱহাৰ কৰি থাকো, সেইবিলাক পেশী প্ৰকৃততে যথেষ্ট শক্তিশালী আৰু কৰ্মক্ষম হৈ থাকে আৰু যিবিলাক পেশী অব্যৱহৃত হৈ থাকে, সেইবিলাক পেশী ক্ৰমে দুৰ্বল হৈ পৰে।

এইখিনিতে এটা প্ৰশ্নৰ উদ্ভৱ হয়- আমাৰ কাৰণে কেনে ধৰণৰ ব্যায়াম উপযোগী? এই ক্ষেত্ৰত সম্ভৱতঃ শৰীৰটো সকলো কামৰ প্ৰতি সক্ষম কৰি ৰখাৰ বাবে আমাৰ প্ৰাকৃতিক সক্ষমতা যিবিলাক ব্যায়ামত আটাইতকৈ বেছিকৈ ব্যৱহৃত হয়, সেইবিলাক ব্যায়াম অনুশীলন কৰি মন ভাল লগাকৈ আমি উপকাৰবোৰ লাভ কৰিব পাৰো। আমাৰ সক্ষমতাৰ লক্ষ্য আমাৰ ব্যায়ামৰ বাছনিৰ ওপৰত নিৰ্ভৰ কৰিব।

যদি আমাৰ শৰীৰৰ মধ্য অংশত জমা হোৱা চৰ্বিৰ সমস্যা আছে, তেনেহ’লে আমাৰ শৰীৰৰ পেট আৰু বুকুৰ পেশীবিলাক সুদৃঢ় কৰাৰ ব্যায়াম কৰিব লাগে। তেনেদৰে যদি আমাৰ হৃদযন্ত্ৰ আৰু ৰক্তসঞ্চালন তন্ত্ৰ সুস্থ কৰি ৰাখিব লাগে, তেনেহ’লে আকৌ আন কিছুমান ব্যায়াম আমি বাছি ল’ব লাগিব।

সকলো প্ৰকাৰৰ ব্যায়ামেই ভাল যদিও সকলো ব্যায়ামৰে বিশেষ কিছুমান উপকাৰিতা থাকে। সেয়ে বিশেষ প্ৰয়োজনীয়তা আৰু শাৰীৰিক সক্ষমতা অনুসৰি ব্যায়ামবিলাক বাছি ল’ব আৰু সেইবিলাক যৎপৰোনস্তি সোনকালে আয়ত্ত কৰি ল’ব।

খোজকঢ়া -

খোজকঢ়াটো আটাইতকৈ উত্তম ব্যায়াম। খৰকৈ খোজকাঢ়িলে সমস্ত শৰীৰটোত ৰক্ত সঞ্চালন স্বাভাৱিক হয়। যেতিয়া ওচৰৰ কোনো ঠাইলৈ যাবলগা হয়, চিটি বাছ ষ্টপৰ পৰা নিজৰ অফিচ বা বজাৰলৈ যাব লগা হ’লে খোজকাঢ়িবলৈ লওক।

আপোনাৰ ঘৰৰ বাৰাণ্ডা, চোতালৰ পৰা পদূলিমূৰলৈ দিনটোত অকণমান সময় উলিয়াই এনেয়ে খৰকৈ খোজকাঢ়ৰ অভ্যাস কৰক। আপুনি যদি লিফট থকা ফ্লেট বা কেবামহলাৰ ওপৰতো থাকে, তথাপি পৰাপক্ষয় লিফট ব্যৱহাৰ নকৰিব। হাতত সময় থাকিলে লাহে-ধীৰে চিৰি বগাই উঠক।

অৱশ্যে বৰ বেছি ওখ হ’লে চিৰি বগাই উঠিবলৈ চেষ্টা নকৰিব। বৰবেছি দুই-তিনি মহলালৈ চিৰি বগাই উঠক।

দৌৰা বা জগিং -

দৌৰাৰ অভ্যাসে হৃদযন্ত্ৰ আৰু ৰক্তসঞ্চালন প্ৰণালী শক্তিশালী কৰে, সহনশীলতা বৃদ্ধি কৰে আৰু কম পৰিশ্ৰমতে ভাগৰ লগা প্ৰতিৰোধ কৰে। লগতে আপোনাৰ চেহেৰালৈ এটা উজ্জ্বলতা আনে। দৌৰা বা জগিং কৰাটো একেবাৰে খৰচী ব্যায়াম নহয় আৰু ই বহুমুখী উপকাৰ সাধিব পৰা ক্ৰীড়া।

তথাপি বেছিকৈ দৌৰা বা জগিং কৰাটোৱে আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। বেছিকৈ দৌৰিলে আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে, হৃদস্পন্দনৰ গতি বৃদ্ধি কৰিব পাৰে।

জগিং কৰা বা দৌৰাৰ কাৰণে এযোৰ ভাল কোমল জোতাৰ প্ৰয়োজন। এইবিধ ব্যায়ামে আপোনাৰ শৰীৰত জমা হোৱা অতিৰিক্ত কেলৰি দহন কৰিব পাৰে।

চাইকেল চালনা -

নিয়মীয়াকৈ চাইকেল চলাই থাকিলে, ভৰি আৰু উৰু, হৃদযন্ত্ৰ, হাওঁফাওঁ আদি শক্তিশালী হয় আৰু লগতে শৰীৰৰ তেজ চলাচল তন্ত্ৰও সুস্থ হৈ থাকে। সতেজ বতাহ, গতিময় আৰু স্বাধীন অনুভূতিয়ে মনটোক গতিময় কৰি ৰাখে। চাইকেল চলালে সদায় একেটা গতিবেগতে চলাব লাগে, যাতে পেডেল মাৰোঁতে অধিক শক্তি খৰচ কৰিবলগা নহয়।

চাইকেল চালনাটো একেৰাহে চলোৱা এটা ব্যায়াম। কোনো ধৰণৰ জোৰ প্ৰয়োগ কৰি পেডেল মাৰিব নেলাগে। এনে কৰিলে হৃদযন্ত্ৰৰ উপকাৰ হয়। আপোনাৰ স্বাস্থ্যৰ বাবে উপযোগী চাইকেল এখন সংগ্ৰহ কৰি লওক। আজিকালি ব্যায়াম আৰু চাইকেল চালনা ক্ৰীড়াৰ বাবে বিভিন্ন ধৰণৰ চাইকেল ওলাইছে।

এৰোবিক ব্যায়াম -

খালী হাতে কৰা ব্যায়ামৰ ভিতৰত অতি জনপ্ৰিয় এবিধ ব্যায়াম হ’ল ‘এৰোবিক’ ব্যায়াম। এইবিধ ব্যায়ামত একপ্ৰকাৰৰ বিশেষ যন্ত্ৰ-সংগীতৰ তালে তালে শৰীৰ সঞ্চলন কৰা হয়।

ফলত আপোনাৰ শৰীৰ লাহী, মেদবিহীন আৰু তজবজীয়া হৈ উঠে। লগতে হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু ৰক্ত সঞ্চালন তন্ত্ৰও শক্তিশালী হৈ উঠে।

ব্যায়ামৰ পাঠ্যক্ৰম -

কিছুমান নিৰ্বাচিত ব্যায়ামৰ অনুশীলনে, আপোনাৰ পেটৰ পেশীৰ বৃদ্ধি কৰে, শৰীৰৰ অন্যান্য অংগৰ পেশীও সুদৌল আৰু আকৰ্ষণীয় কৰি তোলে। বিশেষভাৱে-

*উৰু,

*কঁকাল, আৰু পেটৰ পেশী মেদবিহীন কৰি সুগঠিত হোৱাত সহায় কৰে।

স্বাস্থ্য ক্লাব আৰু ব্যক্তিগত জিমবিলাকত ব্যায়ামৰ পাঠ্যক্ৰম আছে। এই প্ৰতিষ্ঠানবিলাকলৈ যোৱাৰ আগতে আপুনি ঘৰতে ‘ৱাৰ্ম-আপ’ ব্যায়াম কিছুমান অনুশীলন কৰক, যাতে জিমত থকা সামান্য কঠিন অংগ সঞ্চালনাৰ ব্যায়ামবোৰ কৰোঁতে আপুনি অকণো কষ্ট নাপায়। এই ব্যায়ামবিলাকৰ যোগেদি পেট আৰু তপিনাৰ মেদ আঁতৰাই এই দুয়ো অংগৰে গঠন সুদৃঢ় কৰাৰ চেষ্টা কৰা হয়।

জিমত কৰা ব্যায়ামবিলাক অক্ষম লোক বা মেদবহুল আৰু অতিৰিক্ত ওজনৰ লোকৰ কাৰণে নহয়।

*মজিয়াৰ ব্যায়াম,

*ট্ৰেপেজত কৰা ছুইংগিং আৰু ৰিঙৰ সহায়ত কৰা ব্যায়ামবিলাকে শৰীৰৰ সহনশীলতা,

*গতিবেগ,

*সময়ানুবৰ্তিতা,

*ভাৰসাম্য আৰু শক্তি বৃদ্ধি কৰে।

সাঁতোৰ -

আন ব্যায়ামৰ দৰে সাঁতোৰে সমগ্ৰ শৰীৰটোৰ সকলো অংগকে শক্তিশালী কৰে। ক্ৰাউল, বাটাৰফ্লাই, বেকষ্ট্ৰোক আৰু ব্ৰেষ্টষ্ট্ৰোক আদি সাঁতোৰৰ প্ৰায় আটাইবোৰ পদ্ধতিয়ে তপিনা, উৰু, শক্তিশালী কৰে, কান্ধ প্ৰসাৰিত কৰে, শৰীৰটো লাহি কৰে আৰু বক্ষস্থল সুদৃঢ় কৰে।

সাঁতুৰিলে শৰীৰৰ পিছফালটো সুগঢ়ী হয় আৰু শৰীৰৰ ছালখন মিহি আৰু উজ্জ্বল কৰি তোলে। হৃদযন্ত্ৰ আৰু ৰক্তসঞ্চালন তন্ত্ৰক শক্তিশালী কৰে। খৰকৈ সাঁতোৰাৰ অভ্যাসে শৰীৰৰ অলসতা নাইকিয়া কৰে ফলত উপঙি থাকি সহজভাৱে সাঁতুৰিব পাৰে। ভালদৰে সাঁতুৰিবলৈ শিকি ল’লে ই শৰীৰৰ বাবে একেবাৰে আঘাতবিহীন ব্যায়ামত পৰিণত হয়। তথাপি কেতিয়াও অকলে সাঁতুৰিবলৈ নেযাব।

টেনিছ, বেডমিন্টন আৰু স্কোৱাশ্ব -

এই ক্ৰীড়াবিলাকে শৰীৰৰ নিম্নাংশ সুগঢ়ী কৰাত সহায় কৰে। তপিনা, ভৰিৰ পেশী শক্তিশালী কৰাৰ লগতে হাতৰ সৰু গাঁঠি মজবুত কৰে। চকু আৰু হাতৰ লগতে ভৰিৰ সঞ্চালনো সুসমন্বিত আৰু সক্ৰিয় কৰি তোলে।

একেবাৰে ঘামি নোযোৱালৈকে শৰীৰটো গৰম কৰি ৰখা চুট পিন্ধি থাকক। খেলৰ শেষত পৰ্যাপ্ত পৰিমাণে পনীয়া দ্ৰব্য সেৱন কৰক। খেল খেলাৰ সময়ত চেপেটা ‘চুলৰ’ জোতা পিন্ধি ল’ব, কিন্তু দৌৰাৰ জোৰা নিপিন্ধিব।

লেখক: সূৰ্যকুমাৰ ভাগৱতী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)