ৰাসায়নিক বিশ্লেষণত দেখা যায় যে বীট ৰুট(Beet Root)ত আন পাচলিতকৈ অধিক পৰিমাণে শৰ্কৰা থাকে। বিশেষজ্ঞৰ মতে বীট ৰুটৰ শৰ্কৰাৰ পৰিমাণ এখন চাহ চামুচেৰে ভৰা চেনিৰ সমান।

সেয়েহে ডায়েবেটিছ ৰোগীয়ে বীট ৰুট খোৱাৰ পৰা আঁতৰি থাকিব লাগে। অত্যধিক চেনি বা শৰ্কৰা থাকে বাবেই বীট ৰুটক ‘ছুগাৰ বীট’ বুলিও কোৱা হয়।

সতেজ বীট ৰুট আমি সাধাৰণতে ছালাড বনাই খাওঁ। বীট ৰুটৰ শীৰ্ষাংশত থকা সেউজীয়া পাতবোৰ খোৱাৰ উপযোগী। কিন্তু বজাৰৰ পৰা কিনি অনা বীট ৰুটত পাত দেখিবলৈ পোৱা নাযায়। সেউজীয়া পাতত বীটা কেৰ’টিন, কেল’ছিয়াম আৰু আয়ৰণ থাকে।

পালেং শাকৰ দৰে বীট ৰুটৰ পাত ৰান্ধি খাব পাৰি, তাহানিতে মানুহে কেৱল পাতবোৰ খাদ্য হিচাপে খাইছিল আৰু বেমাৰতহে দৰৱ হিচাপে ব্যৱহাৰ কৰিছিল।

মূৰৰ বিষ আৰু দাঁতৰ বিষ হ’লে বীট ৰুটৰ ৰস মানুহে খাইছিল আৰু সেইদৰে এই দুই বেমাৰৰ পৰা নিৰাময়ো পাইছিল।

জানিবলৈ পোৱা মতে, ইউৰোপীয় দেশসমূহত লোকবিশ্বাস অনুসৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ বীট ৰুটৰ ৰস ৰোগীক খুৱাইছিল আৰু কৰ্কট প্ৰতিৰোধ হয় বুলি বিশ্বাস কৰিছিল। অৱশ্যে গৱেষণাত এনে তথ্য প্ৰমাণ কৰিবলৈ বিশেষজ্ঞসকল সমৰ্থ হোৱা নাই।

পুষ্টিদ্ৰব্যৰ দিশৰ পৰা সতেজ বীট ৰুট পানীত সিজাই খালেও পুষ্টিদ্ৰব্য একে থাকে বুলি গৱেষকে কয়। অৱশ্যে কেঁচা খোৱাটোৱেই অতি উত্তম।

বীট ৰুটত উচ্চ পৰ্যায়ৰ খনিজ পদাৰ্থ যেনে- কেল’ছিয়াম আৰু পটাছিয়াম থাকে।

হৃৎস্পন্দন, ৰক্তচাপ আৰু স্নায়ুতন্ত্ৰৰ কাম সূচলভাৱে পৰিচালনা হোৱাত কেলছিয়ামে যথেষ্ট আগভাগ লয়। বীট ৰুটত বহু ভিটামিনো থাকে যদিও ভিটামিন-চিৰ পৰিমাণ সৰহ। আনহাতে ফলেটৰ পৰিমাণ কম।

আপুনি যদি ডায়েবেটিছ ৰোগী নহয়, তেনেহ’লে বীট ৰুট খাদ্য তালিকাত ৰাখক।

লেখক: ডঃ পবিত্ৰ কুমাৰ পাটোৱাৰী(অসম বাণী)