ৰোগ হলে চিকিৎসা কৰা , ঔষধ খোৱা , জৰাফুকা কৰা বা আওকান কৰি চিকিৎসা নকৰি ভুগি থকা যিয়েই নকৰক ৰোগ হলে আমি কিবা নহয় কিবা অসুবিধাত পৰো ।
ভগৱানে জীৱ সৃস্টিৰ লগতে প্ৰাকৃতিক ভাবে
সকলো জীৱকে নিজে নিজৰ ৰোগ প্ৰতিৰোধ প্ৰাকৃতিকভাবে নিজে নিজেই চিকিৎসা বা দেহসুৰক্ষা ব্যৱস্থাও শিকাই দিছে । ইয়াতে অইন জীৱতকৈ জীৱশ্ৰেস্থ আমি নৰ মনিষ বোৰহে কিছু ব্যতিক্ৰম ।
যাহ'ক দেহ সুৰক্ষাৰ প্ৰথম ভাগত আজি বিনা পইচাত স্বাস্থ্য সুৰক্ষা আৰু ৰোগ নিৰাময়ৰ বাবে এটা প্ৰাণায়ামৰ পদ্ধতি আগবঢ়ালো ।
প্ৰাণায়ামটোৰ নাম হল -

ভ্ৰমণ প্ৰাণায়াম -

পদ্ধতি : ৰাতিপুৱা বা আবেলি বাটলৈ বা মুকলি
ঠাইলৈ ওলাই আহক ! মন কৰিব যাতে ধুলি বা দুৰ্গন্ধময় ঠাই নহয় । সম্পুৰ্ন পোণ হৈ আগফালে চাই খোজ কাঢ়ক । উশাহ গহীন আৰু প্ৰতিবাৰ উশাহ লওতে ১ -২-৩-৪ আৰু উশাহ এৰোতে ১-২-৩-৪ অৰ্থাত প্ৰতিতো খোজতে এইদৰে গণি গণি খোজ কাঢ়িব । কিছুদুৰ গৈ অস্বস্তি বোধ কৰিলে ২/১ মিনিট পিচত আকৌ আৰম্ভ কৰিব।
এনেকৈ ১ম পৰ্যায়ত কৰি অসুবিধা নাপালে ২য় পৰ্যায়ত বা ২য় দিনা ১ ৰ পৰা ৬ খোজলৈ বঢ়াব। তাৰ কিছুদিন পিচত ১--৮ পৰ্যন্ত বঢ়াব পাৰে । মন কৰিব যাতে আপোনাৰ হাওফাওঁতকোনো ধৰণৰ কষ্ট অনুভৱ নহয় ।
এইদৰে সদায় পুৱা গধুলি অভ্যাস কৰক । মনত ৰাখিব - সদায় গম্ভীৰ ভাবে অকলে কৰিব । দেহৰ সুৰক্ষাৰ বাবেহে কৰিছো বুলি মনত ধ্যান ৰাখিব । সময় :- সাধ্যানুকুলে

উপকাৰিতা বা ফলাফল –

১। শৰীৰীক আৰু মানসিক অৱসাদ দুৰ হয় ।
২। শ্বাস প্ৰশ্বাস যণ্ত্ৰ বা হাওফাওঁ ৰ সুন্দৰ ব্যায়ম আৰু সবল হোৱাৰ লগতে হৃদযন্ত্ৰ তথা বুকু আৰু কফজনীত নানা ৰোগ উপসম হয় ।
৩। তেজ পৰিস্কাৰ হয়। স্বাস্থ্য স্বাভাৱিক হয় ।
৪॥ স্নায়ু সৱল হয় আৰু নিৰোগী বা বহু হতাশ গ্ৰস্ত ৰোগীৰ দেহ মনত নতুন ষ্ফুৰ্তি জাগে ।
৫। যিকোনো ৰোগীৰ বাবে উপযুগী প্ৰানায়াম ।
কিছুদিন নিয়মিতভাৱে কৰাৰ অন্তত ফলাফল নিজে নিজেই উপলব্ধি কৰিব পাৰিব ।
কৰবালৈ খোজ কাঢ়ি গৈ থাকোতেও এনে পদ্ধতি কৰি খোজ কাঢ়ি ভাল পাব ।
গতিকে বন্ধুসকল আপুনি নিজেও নিয়মিত এই প্ৰাণায়ামতো কৰক , পৰিয়াল তথা বন্ধু বান্ধৱীকো কৰিব কওক । সুস্বাস্থ্যেৰে জীৱন অতিবাহিত কৰক ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ