বাৰিষাৰ সুন্দৰ বতৰে আমাৰ মনলৈ এক বিশেষ মাদকতা কঢ়িয়াই আনে, কিন্তু সুন্দৰকৈ এই বতৰ উপভোগ কৰিবলৈ কিছু সাৱধানতা বা সর্তকতাও অৱলম্বন কৰিব লগা হয়। কাৰণ বৰষুণৰ লগতে আহে অনেক সংক্ৰামক ৰোগ, যিয়ে আমাৰ শৰীৰক আক্ৰমণ কৰে। তাৰ বাবে আমি প্রথমেই সতর্ক হ’ব লাগিব।

সদায় হাত দুখন পৰিষ্কাৰকৈ ৰাখিব লাগে।

এই বতৰত পানী খোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত, কাৰণ পানীৰেই আহে— জণ্ডিচ, কলেৰা জাতীয় ৰোগ।

বিশেষকৈ গাঁও অঞ্চলত পানী কমেও ২০ মিনিট সময় উতলাই ঠাণ্ডা কৰি খোৱা উচিত। আনকি স্নান কৰা পানীখিনিও পৰিষ্কাৰ হোৱা দৰকাৰ।

বৰষুণত তিতি অহাৰ পিছত ঘৰত প্রৱেশ কৰোতে প্রথমেই বাহিৰৰ পৰা অহা জোতাযোৰ খোলা তথা চাবোন ব্যৱহাৰ কৰি পৰিষ্কাৰ পানীৰে স্নান কৰিব। সর্বশৰীৰ শুকানকৈ মচি পৰিষ্কাৰ সাজ পৰিধান কৰিব লাগে।

একেলেথাৰিয়ে বৰষুণ হৈ থকাৰ সময়ছোৱাত আমাৰ পাচন ক্রিয়া প্রভাৱিত হয়। সেয়ে এই সময়ত আহাৰ সদায় সাধাৰণ হোৱা উচিত।

পথৰ দাঁতিৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক।

ৰোগ প্রতিৰোধ কৰা ক্ষমতা থকা প্রয়োজন, সেয়ে খাদ্যত- জিংক, আয়াৰণ, ক’পাৰ, ফলিক এছিড আৰু ভিটামিন A,B6,C,E তথা মাইক্ৰ’নিউট্রিয়েন্ট, এণ্টি অক্সিডেণ্টযুক্ত হোৱা উচিত।

উপৰোক্ত নিয়মসমূহ মানি চলিলে বাৰিষা আমাৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব পৰা যায়।

উৎস: নন্দিনী।