হোলী বা ফাকুৱা ৰঙৰ উৎসৱ। দৌল উৎসৱ উপলক্ষে আমাৰ দেশত হোলী বা ফাকুৱা পালন কৰা হয়। হোলীয়ে ৰ্ং-ধেমালি কৰি সকলোৰে ম্ংগল কামনা কৰা হয়। ঈৰ্ষা, খ্ং-ৰাগ, শত্ৰুতা পাহৰি এজনে আনজনৰ শাৰীৰিক, মানসিক স্বাস্থ্যৰ কামনা কৰে। কিন্তু ফাকুৱাত আমি যিবোৰ ৰ্ং ব্যৱহাৰ কৰো, সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে? দেখা গৈছে ফাকুৱাত ব্যৱহাৰ কৰা কৃত্ৰিম ৰঙে আমাৰ দেহৰ ছালৰ ওপৰত সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলায়। ফাকুৱাৰ সময়ত আমি ব্যৱহাৰ কৰা কৃত্ৰিম ৰ্ংবোৰে যাতে আমাৰ দেহৰ অনিষ্ট কৰিব নোৱাৰে, কৃত্ৰিম ৰঙৰ পৰা যাতে আমাৰ ছালখন ৰক্ষা কৰিব পাৰো এই বিষয়ে তলত আলোচনা কৰা হ’ল। ফাকুৱা হৰ্ষ, উলাস আৰু আনন্দৰ উৎসৱ। ফাগুন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাৰ দিনা ধূমধামেৰে এই উৎসৱ পালন কৰা হয়। ভাৰতৰ কোনো কোনো ঠাইত ফাকুৱা বসন্তোৎসৱ হিচাপে পালন কৰা হয়। ফাকুৱা উৎসৱে সকলো লোকৰে জীৱনলৈ ম্ংগল বতৰা কঢ়িয়াই অনাৰ লগতে সুস্বাস্থ্যৰ বতৰা আনে। ৰোগত ভুগি থকা আত্মীয়-পৰিজনৰ সুখ-শান্তি, ৰোগগ্ৰস্থ পৰিয়ালৰ কল্যাণৰ বাবে ফাকুৱা উৎসৱ পালন কৰা হয়। ফাকুৱা উৎসৱৰ সৈতে যিবোৰ নীতি-নিয়ম জড়িত, এই আটাইবোৰ কিবা নহয় কিবা ৰুপত আমাৰ স্বাস্থ্যৰ সৈতে জড়িত। ফাকুৱাত ফুলৰ মালা গুঠিজ বিসৰ্জন দিয়াৰ নিয়ম আছে। এইদৰে মালা বিসৰ্জন দিলে শাৰীৰিক-মানসিক কষ্ট দূৰ হয় বুলি বিশ্বাস কৰা হয়। ভাৰতত ফাকুৱা উৎসৱত ৰঙৰ সৈতে খেল-ধেমালি কৰাটো অতি প্ৰাচীন পৰম্পৰা। আজিও এই পৰম্পৰা অব্যাহত আছে। ফাকুৱা অকল ৰঙৰ উৎসৱ বুলিহে বহু লোকে বিশ্বাস কৰে। এই ৰ্ংবোৰে যে আমাৰ শৰীৰ আৰু স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়, সেই কথা কমস্ংখ্যক মানুহেহে বিশ্বাস কৰে। পাশ্চ্যাতৰ চিকিৎসা বিজ্ঞানীসকলে মানি আহিছে যে আমাৰ শৰীৰ স্বাস্থ্যবান কৰি ৰাখিবলৈ যিদৰে আন তত্বৰ প্ৰয়োজন, একেদৰে সুস্বাস্থ্যৰ ক্ষেত্ৰত ৰঙৰো বিশেষ প্ৰয়োজন আছে। শাস্ত্ৰ অনুসৰি ফাকুৱাত অকল পলাশ ফুলৰ ৰ্ং ব্যৱহাৰ কৰিবলৈহে বিধান দিয়া আছে। পলাশ ফুলৰ পৰা তৈয়াৰ কৰা ৰ্ং প্ৰাকৃতিক আৰু স্বাস্থ্যৰ বাবে উপকাৰী। এই ফুলৰ পৰা তৈয়াৰ কৰা ৰঙত কাপোৰ তিয়াই পিন্ধিলে ইয়াৰ প্ৰভাৱ ৰোমকুপৰ জৰিয়তে শৰীৰৰ অভ্যন্তৰত প্ৰৱেশ কৰে আৰু স্ংক্ৰামক ৰোগ হোৱাৰ পৰা আমাৰ দেহটো ৰক্ষা কৰে। পলাশৰ ফুল কুষ্ঠ, জ্বলন, বায়ুৰোগ আৰু মুত্ৰৰ সমস্যা আদি ৰোগৰ বাবে মহৌষধ স্বৰুপ। সেয়ে পলাশৰ ৰঙেৰে ফাকুৱা খেলিব লাগে। পলাশ ফুলৰ ৰঙেৰে ফাকুৱা খেলিলে আমাৰ শৰীৰৰ একো ক্ষতি নহয়, বৰঞ্চ শৰীৰৰ বহুতো লাভ হয়। ৰং তৈয়াৰ কৰিবলৈ হ’লে এবাল্টি পানীত পঞ্চাশ গ্ৰাম পলাশ ফুল তিয়াই থ’ব। দেখিব এই ফুলেৰে ধুনীয়া ৰ্ং প্ৰস্তুত হৈছে। কৃত্ৰিম ৰ্ং ছালৰ বাবে ক্ষতিকাৰক আমাৰ শাৰীৰিক, মানসিক স্বাস্থ্যৰ বাবে ফাকুৱাৰ ৰ্ং উপকাৰী যদিও বৰ্তমান ব্যৱহাৰ কৰা কৃত্ৰিম ৰ্ংবোৰে স্বাস্থ্যৰ ক্ষতি কৰাৰ সম্ভাৱনা অধিক। ফাকুৱা খেলাৰ নামত এজনে আনজনৰ গাত লেতেৰা পানী পেলাই দিয়া, তেল মিহলি পেইণ্ট লগাই দিয়া আদি কাৰ্যবোৰ বৰ্তমান বাঢ়িছে। এইবোৰ অশিষ্টাচাৰৰ পৰিচয় আৰু স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। এইবোৰ ৰ্ং গাৰ পৰা উঠাবলৈ বৰ কষ্টকৰ। আনহাতে এনে ধৰণৰ অপকাৰী ৰ্ং লগা কাপোৰ কানি পেলাই দিয়াৰ বাহিৰে আন উপায় নাথাকে। শুকান ৰঙে শৰীৰৰ সিমান অপকাৰ নকৰে। কিন্তু পানীত গুলি লোৱা ৰঙে শৰীৰৰ সাংঘাতিক ক্ষতি কৰিব পাৰে । আজিকালি শুকান ৰ্ংবোৰো বিষাক্ত ৰায়াসনিক পদাৰ্থ মিহলি কৰি তৈয়াৰ কৰা হয়। এইবোৰ ৰ্ং দেহত বহু সময় লাগি থাকিলে ছালৰ ক্ষতি হোৱাটো স্বাভাৱিক। ছাল ফাটি যোৱাৰ লগতে ৰঙা পৰি বুৰবুৰীয়া উঠিব পাৰে। ফাকুৱা খেলোতে সদায় উৎকৃষ্ট মানৰ ফাকু গুৰি ব্যৱহাৰ কৰিব লাগে। পলিছ, পেইণ্ট, গ্ৰীজ বা কমদামী ৰ্ং কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এইবোৰৰ পৰা ছালৰ সাংঘাতিক অসুখ হ’ব পাৰে।চকু-কাণত সোমালে বিপদ আৰু বাঢ়ে। চুলিত এইবোৰ ৰ্ং লাগিলে গুচাবলৈ বৰ কষ্টকৰ হয়। চুলি সৰি যোৱাৰ লগতে সোনাকালে চুলি পকিব পাৰে। ৰঙৰ অপকাৰিতাৰ পৰা আঁতৰি থাকিবলৈ কি কৰিব? ফাকুৱা উৎসৱত ৰ্ং ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি কাকো বাধা দিব নোৱাৰো। গতিকে নিজেই ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত আৰু এইবোৰ ৰঙৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। ফাকু লেখাৰ পূৰ্বে তেলজাতীয় বস্তু গোটেই দেহটোত সানি ল’ব লাগে। ফলত ছালখনৰ ক্ষতি কমকৈ হয়। আকৌ ফাকু খেলাৰ পিছত ৰ্ং আঁতৰাবলৈ সহজ হয়। শালীনতা আৰু শিষ্টাচাৰ বজাই ৰাখি ফাকু খেলিলে ছালখনৰ অপকাৰ নহয়। ফাকু খেলাটো বেয়া কথা নহয়। কিন্তু আমি কিদৰে ফাকু খেলিছো তাৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰে। আনন্দ আৰু উল্লাসেৰে ফাকু খেলিলে মনলৈ নতুন শক্তি ঘুৰি আহে। ফাকু খেলাৰ আগতে মানসিকভাৱে প্ৰস্তুত হৈ ল’ব লাগে কিয়নো ফাকুৱা মানেই হ’ল ৰঙৰ খেলা। কাৰোবাক ফাকু দিয়াৰ আগতে কেইটিমান কথালৈ মন দিব কোনো সম্পৰ্কীয় মহিলা বা যুৱতীক ফাকু দিয়াৰ আগতে তেওঁৰ স্বভাৱ জানি ল’ব। জোৰকৈ কাৰোবাক ফাকু গুৰি লগোৱাত একোক আনন্দ নাথাকে। যিমান পাৰে ছালখন ঢাকি ৰাখিবলৈ চেষ্টা কৰিব। হাত দীঘল চোলা পিন্ধিব। ইয়াৰ ফলত ফাকুৱাৰ ৰ্ং ছালত নালাগে। ফাকুৱাৰ আগদিনা সৰিয়হৰ তেল বা কোল্ড ক্ৰীম গোটেই গাটোত ঘঁহি ল’ব। ফলত ৰ্ং ছালত লাগি ধৰিব নোৱাৰে। দ্বিতীয়তে গা ধোৱাৰ সময়ত চাবোন দিলে ততালিকে ৰ্ং উঠি যাব। চাবোন দি গা ধোৱাৰ পিছত আকৌ সৰিয়হ তেল ঘঁহিব। ফাকুৱাৰ ৰ্ং আঁতৰাবলৈ আটা বা বেচনত অকণমান সৰিয়হ তেল বা গাখীৰৰ সৰ, হালধি দি মিশ্ৰণ বনাই ল’ব। এতিয়া য’ত য’ত ৰ্ং লাগি আছে, তত এই মিশ্ৰণ ঘঁহি দিলে ৰ্ং উঠি যাব। ছালখন কোমল হৈ পৰিব। তিলৰ তেল, হলাধি, চন্দন মিহলাই মিশ্ৰণ বনাই ল’ব। ইয়াত অকণমান আটা মিহলাব। এই মিশ্ৰণ হাত-ভৰি আৰু গাত লগাব। ইয়ে ছালখনক সুৰক্ষা দিয়াৰ লগতে কোমল কৰি ৰাখিব। ৰঙৰ দাগ উঠাবলৈ তাৱেল এখন লৈ লাহে লাহে ঘঁহি দিব। ইয়াৰ পিছত গোলাপজল আৰু গ্লিচাৰিণ মিহলাই মালিচ কৰিব। কিছু সময় পিছত কুহুমীয়া গৰম পানীৰে গাটো ধুই দিব। পুনৰ কেঁচা গাখীৰত কপাহ এটুকুৰা তিয়াই গাটো পৰিস্কাৰ কৰিব। ইয়াৰ দুঘণ্টাৰ পিছত ছালত কোল্ড ক্ৰীম লগাব। ফাকুৱাৰ সময়ত গ্লিচাৰিণ থকা চাবোনেৰে গা ধুব। গাৰ পৰা ফাকুৱাৰ ৰ্ং কিদৰে আঁতৰাব? ফাকুৱা ৰ্ং আঁতৰাবলৈ পুৰণি মোজা ব্যৱহাৰ কৰিব পাৰে। মোজাত ভালকৈ চাবোন লগাই লাহে লাহে ঘঁহি দিব। ছালত যাতে পোৰণি অনুভৱ নহয় তালৈ মন কৰিব। এইদৰে ঘঁহিলে শীঘ্ৰে ৰ্ং উঠি যায়। ৰ্ং লগাৰ লগে লগে মাজে মাজে পৰিস্কাৰ পানীৰে হাত মুখ ধুই থাকিব। ইয়াৰ ফলত ৰঙৰ পাৰ্শ্বক্ৰিয়াৰ পৰা হাত সাৰি থাকিব পাৰিব। গা ধোৱা পানীখিনিত অকণমান নেমু আৰু ফিটকিৰি মিহলাই ল’ব। এই পানীৰে গা ধুলে ৰ্ং অতি সোনকালে উঠি যায়। গা ধোৱাৰ পিছত বেচন লগাই আকৌ এবাৰ গা ধুই দিব। গা ধোৱাৰ সময়ত সদায় ঠাণ্ডা পানী ব্যৱহাৰ কৰিব। সদায় উৎকৃষ্ট ৰ্ং ব্যৱহাৰ কৰিব লাগে। আনৰ অনিষ্ট হ’ব পৰা ৰ্ং কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। মুখৰ ভিতৰত ৰ্ং সোমালে ততালিকে মুখখন ধুই পেলাব। ৰ্ং পেটৰ ভিতৰলৈ গ’লে অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে। ফাকু গুৰি মুখত লগালে চকু বন্ধ কৰি ৰাখিব। ফাকুৱা গুৰিত পটাছিয়াম ডাইক্ৰোমেণ্ট থাকে। এইবিধ ৰাসায়নিক দ্ৰৱ্যই ছালোঅৰ ৰোগ সৃষ্টি কৰে। কিছুমান লোকে চিঞাহিও ৰ্ং হিচাপে ব্যৱহাৰ কৰে। চিঞাহিৰ দাগ গুচাবলৈ নেমু এটুকুৰাৰে ঘঁহি দিব, দাগ ততালিকে উঠি যায়। নেমু নাথাকিলে যিকোনো টেঙা বস্তুৰে ঘঁহি দিব। ইয়াৰ পিছত পানীৰে ধুই দিব। ফাকুৱা খেলাৰ সময়ত চুলিত তেল নলগাব। চুলিত লাগিজ ধৰা ফাকুৰ ৰ্ং আঁতৰাবলৈ দৈ আৰু আমলখি ব্যৱহাৰ কৰিব। কাপোৰত লগা ৰ্ং ছোডিয়াম হাইড্ৰোছালফাইড বা চাবোন আদি দিলে আঁতৰি যায়। কাপোৰত ডাঠ আৰু সহজে উঠি নোযোৱা ৰ্ং লাগিলে কুহুমীয়া গৰম পানীত নিমখ আৰু চাবোন দি কাপোৰখিনি তিয়াই থ’ব। নিমখ দিলে পানী বেছি গৰম নকৰিব। ভৰি ফটা থাকিলে পুৰণি মোজা পিন্ধি ফাকু খেলিব। নহ’লে ফটা অংশযত ৰ্ং সোমাই গ’লে পৰিস্কাৰ কৰিবলৈ কষ্টকৰ হয়। লিখক: অনন্যা চৌধুৰী, স্বাস্থ্য আৰু দীৰ্ঘজীৱন