বিৱৰণ

বহু সময় ধৰি ছালখনত মেকআপ বা প্ৰসাধন ব্যৱহাৰৰ পিচত আমি সাধাৰণতে ক্লিনজাৰেৰে সেয়া পৰিস্কাৰ কৰো| ইচ্ছা কৰিলে আমি ঘৰতে প্ৰাকৃতিক উপায়েৰে মেকআপ ক্লিনজাৰ প্ৰস্তুত কৰি ল’ব পাৰো| উদাহৰণস্বৰুপে তিয়ঁহ আৰু দৈয়েও প্ৰাকৃতিক ক্লিনজাৰৰ কাম কৰে| মন কৰিবলগীয়া যে বজাৰত উপলব্ধ মেকআপ ক্লিনজাৰৰ পৰিৱৰ্তে এনে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ক্লিনজাৰ ব্যৱহাৰৰ ফলত ছাল কোমল আৰু পৰিস্কাৰ হয়| তেনে কেইটামান প্ৰাকৃতিক মেকআপ ক্লিনজাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি জানোচোন আহক-

এভ’কেড’-

এইবিধ ফলৰ পৰা উলিওৱা তেল মেকআপ ৰিম’ভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি|কেৱল তেলৰ দ্বাৰাহে যে কৰিব পাৰি এনে নহয়, এই ফলবিধৰ দ্বাৰাও ছাল পৰিস্কাৰ কৰাৰ লগতে চকুৰ মেকআপ বা অত্যধিক মাস্কাৰা ব্যৱহাৰ কৰিলে সেয়া নিৰ্মূল কৰিব পৰা যায়|

অইল ক্লিনজাৰ-

আমি ব্যৱহাৰ কৰা কিছুমান তেলো ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি| যেনে- নাৰিকল তেল আৰু জলফাই তেলৰ দ্বাৰা মুখৰ ছাল পৰিস্কাৰ কৰিব পাৰি| এনে তেলৰ দ্বাৰা মুখত ব্যৱহৃত প্ৰসাধন নিৰ্মূল কৰিব পৰা যায়| তদুপৰি প্ৰসাধনৰ উপৰি মুখত জমা হোৱা ধুলি-বালিও এই অইল ক্লিনজাৰে নিৰ্মুল কৰে|

কল-

আপোনাৰ ঘৰত যদি পকা কল থাকে তেন্তে এনে পকা কলো ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে| প্ৰথমে পকা কলটো পিটিকি লব আৰু এই পেষ্ট মুখত ব্যৱহাৰ কৰিব| পাঁচ মিনিটৰ বাবে এই পেষ্ট মুখত সানিব আৰু ঘঁহি থাকিব| পিচত কুহুমীয়া গৰম পানীৰে মুখখন ধুই শুকান কাপোৰেৰে মচি পেলাব| ই মুখৰ পৰা মেকআপ নিৰ্মুল কৰাৰ লগতে ছাল কোমল আৰু সতেজ কৰি ৰাখে|

এল’ভেৰা জেল-

প্ৰাকৃতিক মেকআপ ৰিম’ভাৰ হিচাপে এল’ভেৰা অৰ্থাৎ ছালকুঁৱৰীৰ জেল অতি উপকাৰী| আপুনি ইচ্ছা কৰিলে এই ছালকুঁৱৰীৰ জেল মুখত খালীকৈ ব্যৱহাৰ কৰিব পাৰে| তদুপৰি যিসকলৰ চকুৰ গুড়ি সাধাৰণতে ফুলি উঠে বা ভাগৰুৱা যেন লাগে, তেনেক্ষেত্ৰতো এল’ভেৰা জেল উপকাৰী| এনেক্ষেত্ৰত এটুকুৰা কপাহত এল’ভেৰা জেল সানি চকুৰ গুৰিত লগাব পাৰে|

উৎস:-সম্ভাৰ