পুৰুষৰ ক্ষেত্ৰত -

১) দিনত যথেষ্ট পৰিমাণে জলীয় দ্ৰবৰ লগতে পানী খাওক যাতে প্ৰস্ৰাৱৰ ৰঙ ফটফটীয়া পানীৰ নিচিনা হৈ থাকে | গৰমৰ দিনত কুহুমীয়া গৰম পানী বেছিকৈ খাওক |
২) কেতিয়াও মূত্ৰথলীত বহু দেৰিলৈ প্ৰস্ৰাৱ ধৰি ৰাখিব নালাগে | প্ৰস্ৰাৱ নালাগিলেও অন্তত: চাৰিঘন্টাৰ মূৰে মূৰে হলেও প্ৰস্ৰাৱ কৰিব লাগে |
৩) দিনত অন্তত: দুই তিনিবাৰ মুত্ৰদ্বাৰৰ লগতে মলদ্বাৰ ভাল পানীৰে ধুই লব লাগে |
৪) শৌচ কৰি মলদ্বাৰ ধুৱোতে হাতখন সম্মুখৰ ফালে নাটানি ইফাল সিফাল লৰাই ধুব লাগে আৰু লগে লগে মচি শুকাই লব লাগে |
৫) পুৰুষ-অন্তৰ্বাস সদায় বতাহ সোমাব পৰা কপাহী কাপোৰৰ হব লাগে আৰু সদায় ভালদৰে ধুব লাগে | ঘাম লগা কাপোৰ নুধুৱাকৈ পুনৰ পিন্ধিব নালাগে |
৬) যৌন সম্ভোগৰ পিছত লগে লগে প্ৰস্ৰাৱ কৰিব লাগে; যৌনাংগ ভালদৰে ধুই লব লাগে আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে |
৭)পুন:সংক্ৰমন হোৱা সকলে অন্তৰ্বাস সদায় ধুই বিশ মিনিটলৈ পানীত উতলাই বীজানুমুক্ত কৰি লব লাগে |
৮) ৰক্ত শৰ্কৰাৰ পৰীক্ষা কৰাই প্ৰয়োজনত উপযুক্ত চিকিত্সা কৰাই লব লাগে |
৯) ষ্টেৰয়ড বা আন প্ৰতিৰোধ ক্ষমতাবিৰোধী দৰব সেৱন কৰা সকলে সদায় সাবধানতা অৱলম্বন কৰিব লাগে |
১০) এলাৰ্জীৰ ঔষধ খোৱা সকলৰ প্ৰস্ৰাৱৰ উদ্পাদন কম হয় বাবে সংক্ৰমন হোৱাৰ ভয় থাকে | গতিকে পানী বেছিকৈ খাব লাগে |
১১)বহুগামিতা বা অসুৰক্ষিত যৌন সম্ভোগৰ পৰা দূৰত থাকিব লাগে |
১২)* উতলাই নলোৱা গাখীৰ, আধা সিজা মাংস, ভালদৰে ধুই নলোৱা কেঁচা ফল মূল - শাকপাচলি, দূষিত পানী আদিৰ পৰা ইচ্ছেৰিয়া কলাই ( E. Choli) বেক্টেৰিয়াৰ সংক্ৰমন হোৱাৰ ভয় থাকে। গতিকে সাবধান হব লাগে |
১৩)শৌচ কৰাৰ পাছত আৰু খোৱাৰ আগত সদায় ভালদৰে চাবোনেৰে হাত ধুই লব লাগে |

কেঁচুৱাৰ ক্ষেত্ৰত লব লগা সাবধানতা -

১. কেঁচুৱাই কাপোৰতে পায়খানা বা প্ৰস্ৰাৱ কৰিলে লগে লগে কাপোৰ সলনি কৰি দিব লাগে |
২. বহু দেৰিলৈ বা শোষণ ক্ষমতা অতিক্ৰম হোৱাকৈ ডায়েপাৰ পিন্ধাব নালাগে কাৰণ ডায়েপাৰৰ আদ্ৰতা আৰু উষ্ণতাই বেক্টেৰিয়াৰ বৃদ্ধি ঘটায় |
৩. প্ৰতিবাৰ পায়খানা বা প্ৰস্ৰাৱ কৰাৰ পাছত পানীৰে সৈতে উতলাই ঠাণ্ডা কৰি লোৱা ভিজা তুলা বা কোমল কাপোৰৰে প্ৰস্ৰাৱদ্বাৰৰ পৰা মলদ্বাৰলৈকে মচি দিব লাগে | এনে কৰতে প্ৰতিবাৰে এটুকুৰা নতুন কাপোৰ বা তুলা লব লাগে | অৱশ্যে আজিকালি এলকহলযুক্ত ৱাইপচ্ বজাৰত সহজলোভ্য এইক্ষেত্ৰত ব্যবহাৰ কৰিব পাৰি |
৪. প্ৰস্ৰাৱ আৰু মলদ্বাৰৰ অংশখিনি সদায় পৰিচ্ছন্ন কৰি শুকুৱাই ৰাখিব লাগে |
৫. কেঁচুৱাৰ কাপোৰ সদায় কপাহী কাপোৰৰ হব লাগে আৰু পানীত ২০ মিনিটলৈ উতলাই বীজাণুমুক্ত কৰিব লাগে |
৬. শিশুক যথেষ্ট পৰিমাণে জলীয় দ্ৰৱ্য খুৱাই থাকিব লাগে যাতে শিশুৱে ঘনাই প্ৰস্ৰাৱ কৰে আৰু লগতে প্ৰস্ৰাৱ কৰিবলৈ উদ্দীপনা যোগাব লাগে |
৭. শিশুৰ যাতে কোষ্ঠ্য কাঠিন্য নহয় তাৰ ওপৰত নজৰ ৰাখিব লাগে বা বিহিত ব্যৱস্থা গ্ৰহন কৰিব লাগে |
৮. টাবত বা চৰিয়াত বহুৱাই গা ধুৱাব নালাগে |
৯. চুন্নতকৰণ নকৰা কিশোৰৰ ক্ষেত্ৰত বেক্টেৰিয়াৰ সংক্ৰমন হোৱাৰ ভয় বেছি থাকে কাৰণে সদায় প্ৰস্ৰাৱনলীৰ মূৰৰ ছালখন কোচাই লৈ ছাফা কৰি শুকুৱাই ৰাখিব লাগে |
৮. সঘনাই অসুখত ভুগি থকা কেঁচুৱাক চিকিত্সকৰ পৰামৰ্শ অনুসাৰে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে পৰ্যাপ্ত সুষম পুষ্টিকৰ
আহাৰ পাই আছে নে নাই তাৰ প্ৰতি নজৰ ৰাখিব লাগে ।

মহিলাৰ ক্ষেত্ৰত লব লগা সাবধানতা -

১. প্ৰতিবাৰ প্ৰস্ৰাব আৰু পায়খানা কৰোতে প্ৰস্ৰাৱদ্বাৰ ধুই লব লাগে |
২. ধুৱোতে বা মুছতে হাতখন সম্মুখৰ পৰা পিছফাললৈ টানিব লাগে আৰু সম্মুখৰ পৰা পানী ঢালিব লাগে |
৩. সহবাসৰ লগে লগে প্ৰস্ৰাৱ কৰিব লাগে |
৪. মহিলাৰ দ্বাৰা ব্যবহৃত বিশেষভাবে উত্তেজিত ক্ৰীম , জেলী আদি ব্যবহাৰ কৰিব নালাগে |
৫. জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ পৰিবৰ্তন কৰিব লাগে | পৰাপক্ষত ডায়েফ্ৰাম , শুক্ৰনাশক জেলী আদি ব্যৱহাৰ কৰিব নালাগে |
৬. টাব-বাথ , নদীত বা পুখুৰীত সাতোৰাতকৈ গাত পানী ঢালি গা ধুব লাগে |
৭. মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত প্ৰস্ৰাৱদ্বাৰ শুকাই ৰাখিব পৰাকৈ টেমপন্ ব্যবহাৰ কৰিব লাগে | অৱশ্যে আজিকালি শুকান ৰাখিব পৰা নেপকিন্ বা ছেনিটাৰী পেড্ বজাৰত উপলব্ধ গতিকে তেনে পেড্ ব্যৱহাৰ কৰিব পাৰে যদিও সঘনাই সলাই থাকিব লাগে |
৮. কেতিয়াও বায়ু সোমাব নোৱাৰা বা সংশ্লেষিক কাপোৰৰ অন্তৰ্বাস পৰিধান কৰিব নালাগে |
৯. গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ সময়ত মূত্ৰথলী ঢিলা বা শিথিল হৈ থাকে বাবে প্ৰস্ৰাৱ বহু দেৰিলৈ জমা হৈ থাকে, যাৰ ফলত সংক্ৰমন হোৱাৰ ভয় থাকে | গতিকে সঘনাই প্ৰস্ৰাৱ কৰি থকাটো ভাল | লগতে যোনিদ্বাৰৰ পৰিচ্ছন্নতা বজাই ৰখাটো অত্যন্ত জৰুৰী |

বাকী আগৰ 1,2,6,7,8,9,10,11,12,13 আদি নম্বৰত উল্লেখিত খিনিও মহিলাৰ ক্ষেত্ৰতও প্ৰযোজ্য |

লেখক: ড: হেমন্ত কুমাৰ নাথ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ