ঔষধৰ দ্বাৰা পেটৰ ৰোগৰ স্থায়ী সমাধান কেতিয়াও নহয়। ঔষধে মাথোঁ ৰোগটো দমন কৰিহে ৰাখে। পেটৰ ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ হ’লে যোগাসন কৰিবই লাগিব। আজিকালি পেটৰ সমস্যা প্ৰায় সকলো লোকৰে দেখা যায়। গেছ, বদহজমী, অজীৰ্ণ, কোষ্ঠকাঠিন্যত সঘনাই ঢিলা পায়খানা হৈ থকা ইত্যাদি। কিছুমান লোকে শুই উঠিয়েই প্ৰথমে এটা গেছৰ টেৰলেটেৰেহে দিনটোৰ শুভাৰম্ভ কৰে। কিন্তু ঔষধৰ দ্বাৰা পেটৰ ৰোগৰ স্থায়ী সমাধান কেতিয়াও নহয়। ঔষধ মাথোঁ ৰোগটো দমন কৰিহে ৰাখে। পেটৰ ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ হ’লে যোগাসন কৰিবই লাগিব। লগতে আহাৰৰ ওপৰতো সম্পূৰ্ণ ধ্যান দিব লাগিব। এই লেখাটোও পেটৰ ৰোগৰ বাবে আৰু আহাৰৰ কিছু প্ৰাৰম্ভিক কথা দিয়া হৈছে। এই নিয়মসমূহ নিষ্ঠাৰে পালন কৰিলে পেটৰ ৰোগ শিপাৰে সৈতে নিৰ্মূল হয়।

প্ৰথম নিয়ম:

পুৱা শুই উঠিয়েই বাহী মুখত তিনি গিলাচ কুহুমীয়া পানী খাওক। পানী লাহে লাহে এঘোট এঘোটকৈ খাব আৰু কেতিয়াও থিয় হৈ নাখাব।

দ্বিতীয় নিয়ম:

ভাতৰ লগত কেতিয়াও পানী নাখাব। ভাত খোৱাৰ এঘন্টা আগত আৰু খোৱাৰ এঘন্টা পাছত এগিলাচকৈ পানী খাব।

তৃতীয় নিয়ম:

ভোক নালাগিলে কেতিয়াও নাখাব।

চতুৰ্থ নিয়ম:

আহাৰ চোবাই চোবাই মুখতে পানী কৰি দিব লাগিব। অৰ্থাৎ বত্ৰিশবাৰ চোবোৱাৰ অভ্যাস কৰক।

পঞ্চম লক্ষণ:

দুপৰীয়াৰ আহাৰ ১২ বজাৰ ভিতৰত আৰু ৰাতিৰ আহাৰ ৮ বজাৰ ভিতৰত গ্ৰহণ কৰিব।

এই পঞ্চম নিয়মৰ লগতে তলত দিয়া আসন তিনিটা নিয়মিত পুৱা-গধূলি খালী পেটত অভ্যাস কৰক।

আসন-১/পৱন মুক্তাসন:

পৱন মানে বায়ু আৰু মুক্ত। মানে মুক্তি পোৱা। অৰ্থাৎ এই আসনৰ দ্বাৰা পেতৰ ভিতৰত জমা হোৱা সকলো গেছ ওলায় যায়।

বিধি:

ওপৰমূৱাকৈ শুই প্ৰথমে সোঁ ভৰিখন আঁঠুৰ ভাজ কৰি কোঁচাই আনক। এতিয়া দুয়োখন হাতেৰে আঁঠুৰ ওপৰত ধৰি পেটৰ ওপৰত যিমান পাৰি ভৰিখন হেঁচি ৰাখক। উশাহ-নিশাহ স্বাভাৱিক অৱস্থাতে থাকিব। সাধ্যানুসৰি এই স্থিতিত অৱস্থান কৰি লাহে লাহে ভৰিখন এৰি দিব।

ঠিক একেদৰে বাওঁভৰিখন কৰিব আৰু তাএৰ পাছত দুয়োখন ভৰি একেলগে কোঁচাই আনি পেটৰ ওপৰত হেঁচি ৰাখিব। এনেদৰে দুই-তিনিবাৰ এই আসনৰ অভ্যাস কৰিব।

আসনস- ২/নৌকাসন:

এই আসনত শৰীৰৰৱস্থা এখন নাৱৰ দৰে, সেয়েহে ইয়াক নৌকাসন বোলা হয়।

বিধি:

ওপৰমুৱাকৈ শুই ভৰি দুখন একলগ কৰি মাটিৰ পৰা প্ৰায় এফুট ওপৰলৈ দাঙি ৰাখক। এতিয়া কঁকালৰ পৰা শৰীৰৰ ওপৰত অংশও এফুটমান ওপৰলৈ দাঙি দি শৰীৰৰ অৱস্থান নাৱৰ দৰে কৰক। উশাহ-নিশাহ স্বাভাৱিকতে ৰাখি সাধ্যানুসাৰে এই স্থিতিত থাকক। আসন অৱস্থান এৰোঁতে লাহে লাহে এৰিব। এই আসন ২-৩ বাৰ কৰিব। এই আসনত পেটৰ আভ্যন্তৰীণ অংগসমূহৰ ওপৰত এক হেঁচা পৰে ফলত এই অংগসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি পায়।

আসন-৩/ভুজংগাসন:

এই আসনত শৰীৰৰ অৱস্থা সাপে ফেনা তোলাৰ দৰে হয়। সেয়েহে ইয়াৰ নাম হ’ল ভুজংগাসন।

বিধি:

তলমূৱাকৈ শুই লওক। ভৰি দুখন লগ লাগি থাকিব। এতিয়া দুয়োখন হাতৰ তলুৱা বুকুৰ কাষত ৰাখক আৰু লাহে লাহে হাতত ভেজা দি কঁকালৰ পৰা শৰীৰৰ ওপৰৰ অংশ দাঙি দিয়ক। উশাহ-নিশাহ স্বাভাৱিক থাকিব। সাধ্যানুসৰি এই স্থিতিত অৱস্থান কৰি লাহে লাহে শৰীৰটো নমাই আনক। দুই-তিনিবাৰ অভ্যাস কৰি কিছু সময় জিৰণি ল’ব। এই আসনৰ দ্বাৰা মেৰুদণ্ড নমনীয় হয় আৰু পেটৰ আভ্যন্তৰীণ অংগসমূহলৈ ৰক্ত সঞ্চালন বৃদ্ধি হয়।

উৎস: নিয়মীয়া বাৰ্তা